অনুভৱৰ একলম।(6)



আপছু 
 সদৌ অসম পলিটেক্‌নিক্‌ ছাত্ৰ একতা সভা  । এই একতা সভা কেৱল এখন ছাত্ৰ একতা সভাই নহয় ই  সকলো পলিটেক্‌নিক্‌ৰ ছাত্ৰ-ছাত্ৰীৰ আবেগ  । এই ছাত্ৰ একতা সভাখনে সমগ্ৰ অসমৰ পলিটেক্‌নিক্‌ সমাজক একগোট কৰি মৰমৰ এনাজৰীৰে আগুৱাই আনিছে । এই একতা সভাখন যি সকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ  ত্যাগ আৰু কষ্টৰ ফলত প্ৰাণ পাইছিল তেখেত সকলক এই ক্ষণতে শ্ৰদ্ধাৰে সুৱৰিছোঁ  । তেখেত সকলৰ মাজৰ বহু ব্যক্তি হয়টো আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেত সকলক মোৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।   
এই একতা সভাখনৰ বহুকেইজন ব্যক্তি বৰ্তমান সময়তো  একোখন চিনাকি মুখ হৈ আমাৰ সমাজত জিলিকি আছে । সেয়া ৰাজনৈতিক ক্ষেত্ৰতে হওঁক বা অন্য ক্ষেত্ৰতে ।
আপছু  দ্বাৰা অনুষ্ঠিত কৰা "কনফ্লুৱেঞ্চ" আছিল সকলো পলিটেক্‌নিকৰ ছাত্ৰ-ছাত্ৰীৰ মিলনৰ সংগমস্থলী  যিয়ে ছাত্ৰ-ছাত্ৰী সকলক  একতাৰ জৰীৰে  খামুচি ৰাখিছিল ।  কিছু বছৰ ধৰি এই  কনফ্লুৱেঞ্চ অনুষ্ঠিত কৰিব পৰা নাই যদিও ছাত্ৰ সমাজৰ পৰা আপ্‌ছুআঁতৰি যোৱা নাছিল  । এই একতা সভাখনে ২০১৮চনৰ আগলৈকে  কেৱল  ১০খন পলিটেক্‌নিক্‌ সামৰিয়ে কাম কৰি গৈছিল  । ২০১৭ চনৰ পৰা   অসমত নতুনকৈ ১১খন পলিটেক্‌নিকৰ পাঠদান আৰম্ভ হ'ল আৰু পলিটেক্‌নিকৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়িল । এই সময়তে আপছুয়ে  ২১ খন পলিটেক্‌নিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুখ দুখৰ সমভাগি হ'বলৈ  নতুন ৰূপেৰে আৰু  ন-সাজেৰে সাজু হৈছিল  ।  নগাঁও পলিটেক্‌নিকত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত ১৮খন পলিটেক্‌নিকৰ সৰ্ব-সন্মতি মৰ্মে সদৌ অসম পলিটেক্‌নিক্‌ ছাত্ৰ একতা সভা নতুনকৈ গঠন হয় । এই সভাখনৰ প্ৰতিনিধি সকলে  পাৰ্থ প্ৰতীম কোঁৱৰ ককাইদেউক সাধাৰণ সম্পাদক , আলেক্ষ্য প্ৰাণ শইকীয়া ককাইদেউক সভাপতি   হিচাপে দ্বায়িত্ব অৰ্পণ কৰা হয় । নৱ গঠিত আপছুৱে পলিটেক্‌নিক ছাত্ৰ সমাজৰ সমস্যাৰ লগতে ৰাইজৰ সেৱাৰ্থে  নতুন যদিও সাহসেৰে এখোজ দুখোজ  আগবাঢ়ি গৈ থাকিল । 
 সময়ৰ লগে লগে সামাজিক জীৱনত ধনাত্মক চাপ এটা পেলাবলৈ আপছু সক্ষম হ'ল । এনে এটা মহান অনুষ্ঠানৰ এজন সক্ৰিয় সদস্য হ'বলৈ পায় মই গৌৰৱান্বিত । আপ্‌ছুৰ দ্বাৰা অনুষ্ঠিত কৰা "কনফ্লুৱেঞ্চ" আকৌ এবাৰ অনুষ্ঠিত কৰবলৈ এখন সভাৰ আহ্বান কৰিছিল ২০১৯চনৰ ৪ নৱেম্বৰ তাৰিখে কামৰূপ পলিটেক্‌নিকত । সেই সভাত আপছুৰ  সভাপতি,সম্পাদকৰ লগতে প্ৰায়সংখ্যক পলিটেক্‌নিকৰ সভাপতি- সম্পাদকৰ সৈতে লগ হৈ এই "কনফ্লুৱেঞ্চ" অনুষ্ঠিত কৰিবলৈ সেই সভাখনতে সিদ্ধান্ত লোৱা হৈছিল  । সময়ে গতি কৰা লগে লগে সমগ্ৰ বিশ্বত ক'ৰণাৰ আতংকৰ সৃষ্টি হ'ল সেইবাবে কনফ্লুৱেঞ্চ অনুষ্ঠিত কৰিব পৰা নগ'ল ।  
 ই  আপ্‌ছুৰ ভিন্ন কৰ্মৰাজীৰ ভিতৰত অন্যতম আছিল । জাতীয় জীৱনৰ জটিল সময়ছোৱাত আপছুৰ নেতৃত্বত 'কা' আন্দোলন এটা গুৰুত্বপূৰ্ণ ভূমিকা  ।  লকডাউনৰ সময়ছোৱাত মানৱ জীৱনৰ আটাইতকৈ দুঃসময় আহিছিল সেই সময়ত  আপছুৰ প্ৰায় সংখ্যকৰ  মানবদৰদী কাৰ্যপন্থাই সমাজ জীৱনত আপছুক আৰু এখাপ ওপৰলৈ লৈ গৈছিল ।  আপছুৱে ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ বাবে লকডাউনৰ সময়খিনিত বহুতো কায্যসূচী হাতত লৈছিল ।   আপছুৰ আৱেগ প্ৰতিজন পলিয়ানৰ সিৰে সিৰে প্ৰবাহিত হৈ আছে  । সকলো ধৰণৰ  সৰু-বৰ  সমস্যাৰ পমখেদি আপ্‌ছুৱে সমাধানৰ পথ মুকলাই আহিছে সি লাগিলে পৰীক্ষা সংক্ৰান্তীয় সমস্যাই হওঁক বা ফেকাল্টী আৰু চতুৰ্থবৰ্গ কৰ্মচাৰীৰ সমস্যাৰ ক্ষেত্ৰতে হওঁক  আপ্‌ছু সদায় পলিটেক্‌নিক্‌ সমাজৰ উন্নতিৰ বাবে কাম কৰি আহিছে  আৰু আগলৈ কৰি যাব । 

শেষত  মোৰ  তৰফৰ পৰা  এই "টেক্‌ন'- ক্ৰেট নামৰ " ই আলোচনী খনৰ প্ৰথম সংখ্যাটি সুন্দৰকৈ তৈয়াৰ কৰি উলিয়াবৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে দিন-ৰাতি এক কৰি প্ৰকাশৰ দিশে আগবাঢ়িছে তেখেত সকলক অভিনন্দন আৰু শুভেচ্ছা  জ্ঞাপন কৰিলোঁ ।
জয় আই অসম
জয়তু সদৌ অসম পলিটেক্‌নিক্‌ ছাত্ৰ একতা সভা  ।

অম্লানজ্যোতি কোঁৱৰ 
প্ৰাক্তন সাধাৰণ সম্পাদক 
শিৱসাগৰ পলিটেক্‌নিক 

সহ: সাধাৰণ সম্পাদক 
কেন্দ্ৰীয় সমিতি 
সদৌ অসম পলিটেক্‌নিক ছাত্ৰ একতা সভা


WHY WE CANT BE OURSELVES!


I dont think we can be ourselves, i mean we are not the same everytime. We change (GROW) and its constant. And many people misunderstand this phrase. When someone says "Just be YOURSELF!", they get confused and wonder how to be themselves (when they dont even know what they want and who they are). So they end up doing things they don't actually love but to fit in the society's values and shape themselves unwillingly. They do just to fit in and then remain constantly in a state of fear of opinions and being judged. Ending up in such a worst place and feeling miserable and not feeling good enough.

So, stop settling in one place. Keep exploring and experimenting. Do things that scare you, and most importantly "Be TRUTHFUL to YOURSELF".


Abhishek Areya

6th Semester (ETC Branch)

Kamrup poly


The Dumpster Girl.


 My name is Tori Morgenstern. And this is my story. So, yes as I already mentioned my name and I turn 17 this year. I study in St. Peter's High School. I am a straight studious A1 student . I wear spectacles. I have won many quiz competitions, olympiads etc. I like to get engaged with my studies and I am quite sincere towards it. I don't like to party, involved in gatherings and get-togethers , wear expensive fashionable clothes and do dozen of makeup to stand out. On weekends I like to spend my time peacefully in my room studying or in the library. OK!! So you got a rough picture about me. You may be thinking I am a complete geek or nerd and you are right. But, is it a crime to be a geek or nerd?? I asked you because my fellow mates think that it is a horrible crime. They called me ‘Nerdy Tom’. They hate me because I don't match with them. My social status is in negative, as I hardy use any. In short, yes I don't have friends. I am the school's punching bag for them. I have been bullied and mentally harassed for last eleven years here. Not a single day passes when I am not bullied and harassed. You must be thinking why I am even in this school or why I don't tell my parents about this. You are right to think that. I even thought about it. But it will be worthless, because my talent of being suffering through this kind of situations is not limited to my school only but the whole city and the neighborhood does it to me. And as far complaining I already did that. My parents went to the principal , she suspended the students for two weeks. I was very happy, but after they came back I faced their wrath. They punched me, kicked me and said something that mentally disturbed me a lot. I learnt a lesson thinking of not getting into such worse situation and never complained again in my life. I nicknamed my bullies as ‘Bulldozers’ just like bulldozers demolish everything they also demolished every part of me. Once they threw a bucket of paint mixed with rotten eggs. I was now named as ‘Smelly Smurf'. Then in another day, they threw me away in a dumpster because I won every track event (yes running away from my bulldozers every single day of my life I developed tremendous speed). After I escaped from dumpster, I smelled like rotten garbage for few days. No amount of scrubbing and perfumes could take away that horrible smell from me. As expected from then they named me as 'The Dumpster Girl'. I don't even know till now that what's wrong with me and why they hate me so much. But deep down the inner me always answered me to this questions that I am a lot better then them. They can never be like me in every way I am, therefore they hate me. But I didn't listen to my inner voice. I am really flattered! I am calm as well as dump to be going through all this and letting them harm me. But everything was about to change. It was Friday, I was returning home from school. When suddenly a group of 10 boys surrounded me. I was the only one helpless girl there and prayed to God to give me strength and took two steps for escape. Then one of them came in front of me and said “Hey! Dumpster, where are you going?”. I replied “I am going to a place called home, bulldozer”. He shouted at me and said “mind your language dumpster”. I again answered him “why don't you all people mind your head and go back home? “. That must have pissed him as he slapped me hard in my face and came very near to me with some bad intentions. It was enough for me, I can't tolerate this harassments more and thought of ending this so I fight back. I don't know at that point what happened to me as I never fight back to such situations before but this time I raised my hands on someone for my defense. I punched him hard and blood came out from his nose. On queue all boys came to attack me. I fought back as much as I could valiantly. But seriously I was easily outnumbered and felt numb when one of them hold and hit me hard towards a wall. I felt dizzy. I could hear some sounds of sirens and see some blurry cops catching the boys. I recalled one of my fellowmate said to me “ I don't know why Tori I hate you and the school hate and bullies you. I think they also don't even know. It's just a sort of entertainment for them and you are an easy target for it”. That hit me today. They hated me, bullied me, harassed me just because Tori Morgenstern is a nerd and I was an easy target for their sort of entertainment. Now I am in the hospital bed and my breathing slowing down. I knew my time was coming. But I am happy because I went down fighting. My life was a hell on earth. I never witnessed any miracle but I am happy because despite the hard and painful life I went through I never considered of taking my life away and quitting. Today I feel like a huge burden has been lifted up from my body. And then I saw only darkness but inside I was swept away by a flood of bright and warm light. I can't breath anymore but my last breath was a relief. I just wish that my story inspires others not to be like me to be in case of getting bullied or harassed. Instead speak out and fight. Also don't give up on life if you are having hard time to survive. And please don't bully or harass others mentally or physically because now you know it hurts and it hurts too much. Bullying is perhaps the worst form of crime as well as sexual harassments. It not only harass the person physically but mentally too. Breaking the person from inside. It is a set back for the person's life, it's family as well as to the society. Tori was a brilliant and talented student. She could have contributed a lot to her family and to the society. But her right to life was snatched away from her by the bulldozers. We talk greatly about Human Rights but do we really follow it ? When someone bullies you don't be silent, be brave and fight back. Don't be a silent observer too. When you watch others harassing and bullying others stop them. Because Dante said “The darkest places in Hell are reserved for those who maintain their neutrality at the time of Moral Crises”. 


~ Krishnakshi Majumdar Asst. Magazine Secretary, G.P.S.U PCPS Girls’ Polytechnic, Bamunimaidan Branch: Modern Office Management (MOM) 4 th Semester 


ডিব্ৰুগড়  পলিটেকনিক
        তিনি বছৰীয়া জীৱনৰ চমু অভিজ্ঞতা

        সৌ সিদিনাৰ কথা । ১ আগষ্ট ২০১৮ , ডিব্ৰুগড় পলিটেকনিকত মোৰ প্ৰথমটৈ দিন । কি হ'ব , কি নহ'ব , ৰেগিঙ কৰিব নেকি! ইত্যাদি অজস্ৰ চিন্তা মূৰত লৈ  কিং কৰ্তব্য বিমূঢ়  হৈ প্ৰতিষ্ঠানৰ চৌহদত উপস্থিত হ'লোহি । প্লথম সান্মাষিকৰ অসামৰিক বিভাগৰ শ্ৰেণী কোঠাত উপস্থিত হোৱাৰ লগে লগেই আৰু বেছি উৎফুল্লিত হৈ পৰিলো । ৰমা দেৱী আৰু ভায়লিনা  সোণোৱালৰ বাহিৰে কাকোৱেই চিনি পোৱা নাই, ৫০ৰো অধিক অচিনাকী মুখ। পোনপটীয়াকৈ গৈ মই শেষৰ বেঞ্চখনত  গৈ বহিলো , এগৰাকী ক্ষীণকৈ ওখ, দেখাত খুব মৰমলগা ছোৱালী মোৰ কাষতে বহিল । চিনাকী হৈ গম পালো তাইৰ নাম নৱনিতা । একেদিনাৰ ভিতৰতে তাইৰ সৈতে মোৰ এটি খুব আত্মীয় সম্বন্ধ গঢ় লৈ উঠিল । এনেতে চিনিয়ৰ দাদাসকল আহি আমাৰ সৈতে চিনাকী হ'বলৈ ল'লে আৰু এনেকৈয়ে ডিব্ৰুগড় পলিটেকনিকৰ প্ৰথম দিনটো পাৰ হ'ল । 
        এনেকৈয়ে এদিন দুদিনকৈ দিনবোৰ আগবাঢ়িল  । ৱৰ্কছপৰ বাবে একোটা দলত  ১০জনকৈ ভাগ কৰি দিয়া হ'ল । আমাৰ দলটিত আমি মাথো দুজনী ছোৱালী - মই আৰু অনিছা , বাকী আঠোতা ল'ৰা । সেয়েহে মই সেইখিনি সময়ত অনিছাৰ সৈতে খুব কথা পাতো । তাইৰ সৈতে মোৰ কেইদিনমান আগৰে । অৰ্থাৎ  কাউঞ্চলিঙৰ দিনা মই তাইক লগ পাইছিলো । সেইদিনা তাইৰ ওচৰতে মই ৰৈ আছিলো , পাছত চিনাকী হৈ গম পালো যে' তাইয়ো ডিব্ৰুগড় পলিটেকনিকত পঢ়িব । লাহে লাহে ডিব্ৰুগড় পলিটেকনিকখন ভাল লাগি আহিবলৈ ধৰিছে । শিক্ষকসকলৰো মৰম, আদৰ, শিক্ষণ প্ৰণালী সঁচাই অতুলনীয় । তেওঁলোকৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে প্ৰত্যক বছৰে  এইখন পলিটেকনিকৰে পৰা বহু শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ জীৱন গঢ়িছে । লগ সমনীয়াৰ সৈতে ধেমালি , অৱিনাশ অৰ্ফৰাজহঁতৰ ৰসাল কথাবোৰত আমাৰ হাঁহি খিকিন্দালিৰ মাজেৰেই দিনবোৰ ভাললগা হৈ আহিছে । অৱিনাশৰ উৎপাতবোৰে সময় অতিবাহিত কৰিবলৈ সহায় কৰে  আৰু তাৰ ওচৰত থাকিলে দিনটো অকল জিম্‌ৰ কথাই শুনি থাকিব লগা হয় ।  আনহাতে অৱিনাশ , বিদ্যূৎ, বিশ্বজিৎহঁতৰ কুকুৰ-মেকুৰীৰ দৰে কাজিয়াই কোঠাটো গমগমীয়া কৰি ৰাখে , পিছে সিহঁতৰ বন্ধুত্বও খুব মজবুট ।  চম্পা মেমৰ গণিত শিকোৱা পদ্ধতি খুব ভাল লাগে ,  পিছে তেওঁলৈ খুব ভয়ো লাগে ।  
       এনেকৈয়ে আমি ডিব্ৰুগড় পলিটেকনিকত এটা বছৰ সম্পূৰ্ণ কৰিলো । দুটাকৈ সান্মাষিক পৰীক্ষাৰ অন্ত পলাই আমি তৃতীয় সান্মাষিকৰ নতুন শেণী কোঠালৈ ৰাউনা হ'লো । প্ৰতাপ ছাৰৰ   স্মৃতি শক্তিক  মই আচৰিত মানিছো  । অলপো কিতাপ নোচোৱাকৈ বৰ্ডত চিত্ৰকে ধৰি সকলো চুটী - দীঘল প্ৰশ্নৰ উত্তৰ লিখি যাব পাৰে । তেখেতৰ এই প্ৰতিভাক আটাইয়ে যথেষ্ট সন্মিনো কৰে ।  
         কৃষ্টি , মেহজাবিন আৰু মই এক ঘণ্টীয়া বিৰতিৰ কালাংশত মোৱাইলতে  টি ভি চিৰিয়েলসমূহ চাওঁ আৰু অহা খণ্ডত কি হ'ব তাকে লৈ আলোচনা কৰো । লগতে ওচৰৰ দোকানৰ পৰা চিপ্‌চ ,  চকলেট , চানা কিনি হাতত লৈ খাই খাই দীঘলীয়া কথাৰ মহলা মাৰো । কৃষ্টিৰ পৰা আমি কেচা মিমি খাবলৈ শিকিলো। তাইৰ এটা বিশেষ নিয়ম আছে , চিপ্‌চৰ পেকেটতো খাই শেষ হোৱাৰ পাছতো আঙুলি কেইটাও চুপি চুপি খাই থাকে , আমি চাই চাই খুব হাহোঁ । নিজৰ বিভাগৰ বন্ধু বৰ্গৰ উপৰিও আন বিভাগবোৰৰ সমনীয়াসকলৰ লগতো আমাৰ খুব ভাল এটা সংযোগ আছিল ।  ক্ৰীড়া সপ্তাহ , সৰস্বতী পূজা , নৱাগত আদৰণি সভা , শিক্ষক দিৱস এনেধৰণৰ উৎসৱ পাৰ্ৱনত  আমি আটাইবোৰ একগোট হওঁ ।
       অংকুৰ ছাৰৰ কথাবোৰ শুনি থাকি বৰ ভাল লাগে । পঢ়োৱাৰ মাজে মাজে তেখেতে বিভিন্ন খুহুতীয়া কথাও কয় । এনেদৰে পঢ়িলে জটিলতকৈ জটিল বিষয়বোৰো আমাৰ বাবে সহজ হৈ পৰে । Pranjal ছাৰৰ Accountancy ক্লাছ খতি হলে মনতো বহুত দুখ লাগে । ইমানেই ধুনীয়া বুজায় ছাৰে আৰু যদি কেতিয়াবা বুজি নাপাও ,  ছাৰক সুধিলে ছাৰে হাঁহি হাঁহি ভালদৰে বুজাই দিয়ে। Niranjan ছাৰৰ Computer Applicationৰ practical ক্লাছতো কৰি থাকিলে সময়বোৰ সোনকালে পাৰ হৈ যোৱা যেন লাগে। ছাৰৰ C programing, c++   কৰি বহুত ভাল লাগে। 
২০১৯ চনৰ ৯ নৱেম্বৰ তাৰিখে আমি লগৰ খিনি মিলি বনভোজ খাবলৈ পাছিঘাটলৈ গৈছিলো। আমাৰ লগত Niranjan ছাৰ আৰু Dharmendra ছাৰ অভিভাৱক হিচাপে গৈছিল। সেই দিনতো আমাৰ সকলোৰে মনত আজিও সজীৱ হৈ আছে। Akash আৰু Repunjoy বহুত সাহসীয়াল আছিল। সিহঁতে সকলো বন্ধু বান্ধিৱী ৰ ওপৰত গুৰুত্ব দিছিল। বাছখন যদি কৰোৱাত ৰখাই কোনোৱা বন্ধু নামি গলে আকৌ বাছলৈ উঠিলে নাই তাৰ পতি সিহঁতি দুয়োটাই চকু ৰাখে। আনকি খোৱাৰ সময়ত সকলো বন্ধু বান্ধিৱীয়ে ভালদৰে খোৱাৰ পাছত হে সিহঁতি দুয়োটাই খাইছিল আৰু সকলো আমি ভালদৰে উভতি ঘৰ পাইছিলো। ইয়াৰ কিছুদিনৰ পাছত আমি তৃতীয় ষণ্মাসিকৰ পৰীক্ষা দিছিলোঁ আৰু পৰীক্ষা শেষ হোৱাৰ পাছত কিছু দিনৰ বাবে আমাৰ শিক্ষাঅনুষ্ঠান বন্ধ দিছিল। 
   শিক্ষাঅনুষ্ঠান পুনৰ আৰম্ভ হ'ল। পাতনি মেলিলো জীৱনৰ আন এটা স্তৰলৈ। চতুৰ্থ ষণ্মাসিক আৰম্ভ হ'ল প্ৰতিষ্ঠানৰ ক্ৰীড়া সপ্তাহেৰে ক্ৰীড়া সপ্তাহ ভালদৰে পৰা হৈ গ'ল আৰু পুনৰ আৰম্ভ হৈছিল আমাৰ ক্লাছ সমুহ। ক্লাছ আৰম্ভ হোৱাৰ লগে লগে আমাৰ মাজত আহি পৰিল কৰোণা মহামাৰীৰ। সমগ্ৰ বিশ্বজুৰি এই কৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল সেই বাবে চাৰিওফালে বন্ধ হৈ পৰিল। ৰাজ্যত আৰম্ভ হ'ল LOCKDOWN । জীৱনত পথম বাৰৰ বাবে শুনা পাইছিলো এই LOCKDOWN নামৰ শব্দ বিধ। LOCKDOWN আৰম্ভ হোৱাৰ লগে লগে আমাৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ পৰিল। LOCKDOWNৰ মূল উদ্দেশ্য আছিল ঘৰতে থাকক সুস্থ থাকক। ঘৰত থাকিয়েই আমি আমাৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। শিক্ষাদানৰ ক্ষেত্ৰত ছাৰ সকলে আমাক Online যোগে বহুত ভালদৰে শিক্ষা প্ৰদান কৰিছিল। Sheakhr ছাৰে আমাক video বনাই দিছিল যাৰ জৰিয়তে আমি যদি কেতিয়াবা কিবা কাৰণত ক্লাছত উপস্থিত থাকিব নোৱাৰিছিলো পাছত সেই video সমূহ চাই আমি ভালদৰে শিক্ষা গ্ৰহন কৰিব পাৰিছিলো। এনেদৰে দিনবোৰ অতিবাহিত হৈছিল আৰু অৱশেষত গৈ চতুৰ্থ ষণ্মাসিকৰ পৰীক্ষা Online যোগে সূচাৰু ৰূপে পৰিচিত হ'ল আৰু ইয়াৰ লগে লগে চতুৰ্থ ষণ্মাসিক এনেদৰে শেষ হৈ পৰিল।কৰোণা মহামাৰীৰ বাবে কিছু পলমকৈ হ'লেও আৰম্ভ হ'ল পঞ্চম ষাণ্মাসিক। বহু দিনৰ মূৰত পুনৰ একলগ হয় মনত বহুত আনন্দ লাগিছিল আৰু ক্লাছ ৰুমত প্ৰৱেশ কৰি লগ পাইছিলো এজন মোৰ প্ৰিয় শিক্ষাগুৰুক। ছাৰৰ নাম আছিল প্ৰদীপ চন্দা । ছাৰে আমাক Design of reinforced cement concrete নামৰ বিষয়টোৰ ওপৰত পাঠদান কৰিছিল আৰু ছাৰে আমাক ইমান ভালদৰে বুজাইছিল যে আমি অতি সহজতে সকলো ভালদৰে বুজি পাইছিলো। তাৰ পিছত লগ পাইছিলো দ্বিতীয় ষাণ্মাসিকত EM (practical) কৰোৱা উৎপল বৰুৱা ছাৰক। ছাৰে আমাক SURVEY ক্লাছ পাইছিল লগতে SURVEY PRACTICAL ক্লাছো উৎপল ছাৰে কৰোৱাইছিল PRACTICAL ক্লাছ কৰাৰ মজা বেলেগে আছিল। PRACTICAL ক্লাছ কৰাবৰ বাবে ছাৰে আমাক খেলপথাৰলৈ লৈ যায় আৰু তাত আমাক বহুত ভালদৰে PRACTICAL সমুহ কৰোৱাইছিল আৰু ছাৰে আমাক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিল সদায়  লগতে মাজে সময়ে সকলোৰে লগত হাহি-ধেমালিও কৰিছিল। তাৰ পিছত লগ পাইছিলো এজন নতুন ছাৰক। ছাৰৰ নাম আছিল মুজিবুৰ ৰহমান। ছাৰক দেখি প্ৰথম ভয় খাইছিলো ভাবিছিলো ছাৰ বহুত খঙীয়াল হ'ব কিন্তু দুদিনমান ক্লাছ কৰাৰ পাছত গম পাইছিলো ছাৰ বহুত মৰমীয়াল প্ৰকৃতিৰ ব্যক্তি আৰু ক্লাছ সমুহ কৰি বিৰাত ভাল লাগিছিল। ছাৰৰ এটা কথা মনত পৰিলে আজিও বহুত ভাল লাগে ছাৰে এদিন ক্লাছত পৰীক্ষা পাতিছিল আৰু এষাৰ কথা কৈছিল - “তোমালোকে পৰীক্ষাত উপস্থিত থকাৰ বাবে তোমালোকক ৫ নম্বৰ দিয়া হ'ব " কথাষাৰ শুনি মোৰ মনৰ ভিতৰত বহুত আনন্দ লাগিছিল। এনেদৰে দিনবোৰ অতিবাহিত হৈ গৈ আছিল আৰু শেষত ‌গৈ পঞ্চম ষাণ্মাসিকৰ পৰীক্ষা দিছিলোঁ আৰু এইদৰে পঞ্চম ষাণ্মাসিকৰ অৱসান ঘটিল।বৰ্তমান মই ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী। চৌদিশে কৰোণা দ্বিতীয়টো ঢৌ চাৰিওফালে কেৱল বন্ধ মাথোঁ বন্ধ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয়ৰ শংকা। এনে সময়তো কিন্তু আমাৰ শিক্ষাগুৰু সকলে সকলো ছাত্ৰ-ছাত্ৰীক বিভিন্ন ইন্টাৰনেট মাধ্যম যোগে শিক্ষা দান‌ কৰি আছে। ভাৰ্গৱ ছাৰ, শেখৰ ছাৰ, মুজিবুৰ ৰহমান ছাৰ, প্ৰাঞ্জল ছাৰ, চিন্ময় ছাৰ এই সকল শিক্ষাগুৰুৰ নাম ল'ব এ লাগিব বহুত কষ্ট কৰিছে আমাৰ কাৰণে। 
    মাজত আৰু কেইটামান দিন তাৰপিছত ডিব্ৰুগড় পলিটেকনিক হৈ পৰিব আমাৰ বাবে এক স্মৃতি। ভাবিলে মনত বহুত দূখ লাগে কিদৰে এই তিনিটা বছৰ অতিক্ৰম কৰিলো একো গমকে নাপালোঁ। পলিটেকনিক খনৰ লগত বহু আবেগ  জড়িত হৈ আছে ক্লাছ নথকাৰ সময়ত বাহিৰলৈ ওলাই আহিলে কলেজৰ সন্মুখত থকা গছজোপাৰ তলত অন্য ছোৱালী নাথাকিলেও মেকানিকেল বিভাগৰ স্বেতা আৰু হেপ্পী থাকিবই আৰু যেতিয়া অই বুলি স্বেতাই হাত উঠাই ময়ো তাইৰ ওপৰত হাত উঠাও। খুব ভাল লাগে এয়া এক অন্তৰৰ আনন্দ লগৰ সমনীয়াৰ মাজত। বৰমা দোকানৰ আলুচপ খোৱাৰ মজা এ বেলেগ কিন্তু অৱিনাশ থাকিলে চিনেমা হলত টিকট কটাৰ দৰে হয় সি‌ গোটেই খিনি খাই দিয়ে।  তাক দেখি ৰমাৰ বহুত খং উঠে আৰু তাই ধেলালিতে বৰমাক কয় “বৰমা অৱিনাশক আৰু নিদিব আলুচপ"। এনেদৰে দিনবোৰ অতিবাহিত হৈ গ'ল। ভৱিষ্যতে যাতে ডিব্ৰুগড় পলিটেকনিক আৰু উন্নত দিশে যায় তাকে কামণা কৰিলো। অভিজ্ঞতা খিনি বৰ্ণনা কৰোতে বহুতো ভূল- ভ্ৰান্তি ৰৈ যাব পাৰে। “মানুহ মাত্ৰেই ভূল"। গতিকে ভুল সমুহৰ বাবে ক্ষমা কৰে যেন।

- গায়ত্ৰী দত্ত
  ষষ্ঠ সান্মাষিক
  অসামৰিক বিভাগ
  ডিব্ৰুগড় পলিটেকনিক


*লেখিকা হোৱাৰ সপোন*

        "সপোন" - এক অবুজ শিহৰণ । প্ৰত্যেকজন ব্যক্তিয়ে সপোন দেখে , সেইয়া স্বাভাৱিক ।  হয়তো কোনোৱে চকু মুদি সপোন দেখে ,  আন কোনোৱে আকৌ সাৰে থাকিয়ে সপোন দেখে । পিছে এই সপোনবোৰৰ বাৰু বাস্তৱৰ সৈতে সংযোগ আছেনে ! যদিহে আছে তেন্তে সেইয়া কেনেধৰণৰ সংযোগ ! হয়তো এগৰাকী  সফল ব্যক্তিৰ আঁৰত থকা প্ৰধান উৎসই হৈছে তেওঁৰ সপোন । সপোনক কেন্দ্ৰ কৰিয়েইতো প্ৰতিজন মানুহৰ জীৱন যাত্ৰাৰ আৰম্ভণি হয় ,যাৰ অন্তিম লক্ষ্যত থাকে সেই সপোনটোৰেই বাস্তৱ ৰূপ।
পিছে জীৱনৰ এই নবন্ধোৱা আলিত হাঁহি কান্দি, ওফৰি জাফৰি হাজাৰ কষ্ট অতিক্ৰমি গন্তব্যস্থানলৈ আগবাঢ়িলেও প্ৰত্যেকেই যে সেই‌ গন্তব্যস্থানত উপনীত হ'ব সেয়া নিৰ্ধাৰিত নহয় । দুৰ্ঘটনা , বাধা - বিঘিনি , বিফলতা ইত্যাদিবোৰেই এই যাত্ৰাত পথিকৰ  সঘন লগৰী ।  কেতিয়াবা এই লগৰীবোৰৰ উদ্‌ভাণ্ডালিত উজুটি খাই পথিক বিফল হৈ ঘৰমুৱা পক্ষীৰ দৰে উলটিব লগা হয়  ,  আনহাতে কেতিয়াবা আকৌ  এই সকলোবোৰক হেলাৰঙে নেওঁচি আগবাঢ়ি  যাব পৰাজনৰ সুকীয়া ভৱিষ্যতে পোখা মেলে । সপোনবোৰে বাৰু বাস্তৱৰ ৰূপ নাপালে তাৰ গোচৰ ৰুজিব পৰা নাইবা  তাক দিঠকত পৰিণত কৰাৰ সহজলভ্য উপায় দিব পৰা কোনোবা আছেনে !  হয়তো সপোন এক অদৃশ্য শিল্প ।  হৃদয়ৰ অযুত বাসনাবোৰ কল্পনাৰ পৃথিৱীতে উপভোগ কৰিব পৰা এটি কলা । 
          জীৱনৰ পোৱা নোপোৱা হাবিয়াসবোৰৰ মাজতেই এমুঠি সপোন যে' মোৰো আছে । যান্ত্ৰিকতাৰ পৰা বহু নিলগত ভাৱনাৰ সাগৰত মোৰ শব্দৰে এখনি বিশাল পৃথিৱী গঢ়াৰ আকাংক্ষাও আছে ।  নীলা কলমৰ চিয়াহীৰে এগৰাকী মায়াময়ী যাদুকৰ  হোৱাৰো প্ৰকত ইচ্ছা পুহি ৰাখিছো ।  প্ৰত্যেকৰে হৃদয় চুই যোৱা এশাৰী বাণীৰে মোৰ পৰিচয় হ'ব , নিজৰ শব্দৰে । অসমীয়া সাহিত্য জগতৰ  ঠুনুকা পৰিস্থিতিক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ অংশীদাৰ হ'ব বিচাৰো ।  মোৰ শব্দৰে   ,  মোৰ ভাষাৰে  হতাশাত ভূগি থকাজনৰ মনোবল বৃদ্ধি কৰিব বিচাৰো । জীৱন সংগ্ৰামত পৰাজয়ৰ চিহ্ন দেখাজনক মোৰ কথাৰে ,  মোৰ বাণীৰে সফলতাৰ বাট দেখুৱাব বিচাৰো । কম্পিউটাৰ ,  মোৱাইলফোনৰ পৰ্দাত অথবা সামাজিক মাধ্যমত ব্যস্ত থকা আজিৰ প্ৰজন্মক কিতাপ  আৰু আখৰৰ মোহ মায়াৰে আকৰ্ষিত কৰিব বিচাৰো । শব্দৰ নগৰীলৈ আজিৰ সমাজক আজুৰি আনিব বিচাৰো । কলমৰ চিয়াহীৰে কেইবাহাজাৰো ওকা কাগজৰ বৰণ  সলনি কৰিব বিচাৰো । ভাষাৰ জেউতিৰে  অন্ধকাৰ জগতখন পোহৰাই তুলিব বিচাৰো । ভৱিষ্যত প্ৰজন্মৰ মাজতো ভাষা , সাহিত্য ,  সংস্কৃতিৰ  লগতে প্ৰত্যেকজন সাহিত্যিকক জীয়াই ৰাখিব বিচাৰো । আজিৰ ল'ৰা - ছোৱালীৰ লগতে আগন্তুক  শিশুসকলকো কবিতা - কানন   ,  গল্প - অনুগল্পৰ পৃথিৱী   ,   প্ৰৱন্ধ  ,  মহৎ লোকৰ বাণী ইত্যাদিৰ সৈতে পৰিচয় কৰোৱাব বিচাৰো ,  এইবোৰৰ সঠিক মূল্য অনুভৱ কৰোৱাব বিচাৰো । 
           মোৰ ভয় হয় , আধুনিকতা আৰু এই জটিল যান্ত্ৰিক জীৱন প্ৰণালীৰ লগে লগেই যেন এদিন অসমীয়া সাহিত্যৰ বিলুপ্তি ঘটিব । কলমডালৰ যেন হঠাৎ এদিন মৃত্যু হ'ব । শব্দবোৰৰো যে' সমাধি গঢ়া হ'ব । কাইলৈৰ শিশুৱে যেন  নৱকান্ত বৰুৱা  ,   সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাম শুনিলেই এক অচিন সুৰত  তেওঁলোক কোন বুলি অভিভাৱকক প্ৰশ্ন কৰিব । আৰু সেই প্ৰশ্নৰ সঠিক উত্তৰ যে অভিভাৱকৰ হাততো নাথাকিব । জীৱনৰ মাদকতাবোৰ ,  তিতা - মিঠা অভিজ্ঞতাবোৰ ব্যক্ত কৰি , উঠি অহা প্ৰজন্মক অনুপ্ৰেৰিত কৰিবলৈ শব্দৰ অভাৱ হ'ব ।  সেয়েহে আজিৰ দিনতো  মই  চিকিৎসক  ,  অভিযন্তা বা আৰক্ষী বিষয়া হোৱাৰ পৰিৱৰ্তে এগৰাকী লেখিকা হোৱাৰ সপোন দেখিছো । অসমীয়া ভাষা , সংস্কৃতি  ,  সাহিত্য   , সাহিত্যিক ইত্যাদিবোৰক সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অৱিৰত ৰাখিব বিচাৰিছো ।  অনুভৱ  ,   অভিজ্ঞতাবোৰ চিৰদিন সজীৱ কৰি ৰাখিবৰ বাবে মোৰ ভাষাৰে ,  মোৰ শব্দৰ সমাহাৰেৰে বাস্তৱিক  ৰূপত এখনি গ্ৰন্থ প্ৰকাশৰ এটি জীয়া সপোন পুহি  ৰাখিছো । 
          "  মোৰ সপোনত মই সাৰ পাই আছো  ,  আৰু মোৰ সৈতে সাৰে আছে মোৰ সপোন  ,  যাক মই বাস্তৱৰ সৈতে সংযোগ কৰিম -  এটি জীয়া সপোন । "  

- স্বেতা ঠাকুৰীয়া
   ডিব্ৰুগড় কাৰিকৰী প্ৰতিষ্ঠান   সাহিত্য,তৰ্ক তথা আলোচনী সম্পাদিকা                     যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ             ষষ্ঠ ষান্মাসিক                             সাহিত্য তথা তৰ্ক সম্পাদিকা   সদৌ অসম ছাত্ৰ একতা সভা




Gray


 Black And white. Two sides of a coin. Yin and Yang. The concept of duality? Growing up, my life encircled around happiness. The most worried I was about the foreign, yet so familiar revolting piece of green on my plate. Everything else seemed perfect. My life, my parents. Parents? Probably shouldn't dive deeper than this. But the realization of having not so perfect ones killed me to a certain point. Sounds so pretentious. Do I even know what sacrifices they have made? Can I grasp the end of a never ending abyss? Probably not. It's impossible. Then why did I beat myself thinking of a hundred ways to be better in their decisions. Moments where I cried they would listen. Moment where I was relieved they understood, they listened. Moment? Should it not have been more than that? Truth is, it has been. But, for some reason I tend to weigh both sides. Why? I don't know the answer. Something I desperately want to be answered. Or just may be, there was an answer all along. Can humans really be without one with flaws? One where only the all knowing light existed? How absurd does it sound? The abyss I felt enveloped me into a cocoon of impaired understanding. But the Yin that had me in its grasp was also accompanied by my Yang, a sense of light. Painting one all black and never acknowledging their brighter side. Will that really be of something achievable? Will judging one to the point there was not a shrewd of light left be the qualifier of one's inner self? Did not the question just answer itself? Gray. It is the colour I go by now. A misbalanced self; a vessel of both sides of a coin. Sounds better than just being on one side.


 -Daisy Kashyap PCPS GIRLS' POLYTECHNIC CIVIL ENGINEERING FOURTH SEMESTER.