গল্প (09)



নাৰী আৰু সমাজ


চাহৰ কাপটো টেবুলত থোৱাৰ পিছত নমিতাৰ দৃষ্টি পদূলি মূৰৰ শিমলু জোপাত নিৱদ্ধ হৈ পৰিল। কিনকিনকৈ দি থকা বৰষুণজাকে শিমলুজোপাক বাৰুকৈয়ে সিক্ত কৰি তুলিছে। আজি নমিতাক অতীতৰ স্মৃতিবোৰে বৰকৈ আমনি কৰিছে। বহাগ বিহু হৈ যোৱা দুই তিনিদিন পাৰ হৈছিল হে মাথোন, এজাক আবতৰীয়া বৰষুণ। বৰষুণত তিতি জুৰুলি- জুপুৰি মানুহ এজন আহি নমিতাহঁতৰ ঘৰৰ বাৰান্দাত থিয় হলʼহি। নমিতাৰ দেউতাক বাহিৰলৈ ওলাই আহিল। অচিনাকী মানুহজনক নিজৰ ঘৰৰ বাৰান্দাত দেখি আচৰিত হৈছিল যদিও নমিতাৰ দেউতাকে মানুহজনৰ অবস্থাৰ প্ৰতি লক্ষ্য কৰি বহিবলৈ দিলে। কথা-বতৰাৰ পৰা গম পালে যে মানুহজন শদিয়াৰ পৰা আহিছে নামটো পৰাগ নমিতাহঁতৰ গাঁৱৰ বিদ্যালয়খনত গণিতৰ শিক্ষক হিচাপে যোগদান কৰিব যিখন বিদ্যালয়ত নমিতাৰ দেউতাকেও শিক্ষকতা কৰি আছে। অলপ সময়ৰ পিছত নমিতাই ওলাই আহিল চাহ একাপ লৈ, পৰাগে নমিতাৰ লগত চিনাকি হ'ল । নমিতাই সেইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল হে ৰিজাল্ট দিয়াই নাছিল। বৰষুণ লাহে লাহে সাম কাটিছিল। পৰাগো ওলাই গ'ল।

        দেউতাকৰ সহকৰ্মী হিচাপ নমিতাহঁতৰ ঘৰলৈ পৰাগৰ আহ-যাহ হ'বলৈ ধৰিলে। অতি কম সময়ৰ ভিতৰতে সি যেন তেওঁলোকৰ ঘৰৰে এজন হৈ পৰিল। যদিও পৰাগ নমিতাৰ দেউতাকৰ সহকৰ্মী এজন সুঠাম, দেখনীয়াল যুৱক আছিল, মন সুহিব পৰা যাদু আছিল পৰাগৰ চকুযুৰিত । আনফালে প্ৰাণচঞ্চলা নমিতা, টিকটিককৈ ৰঙা হৈ থকা নমিতাৰ গাল দুখন, কঁকাল লৈকে পৰা চুলি কোছাৰে বা বলাই যেতিয়া তাই খোজ কাঢ়ে যৌৱনভৰা নমিতাৰ দেহাটোৰ সুগন্ধ যেন চাৰিওফালে বিয়পি পৰে। দিনবোৰ বাগৰিবলৈ ধৰিলে পৰাগ নমিতাহঁতৰ ঘৰত দিনটোত এপাক হ'লেও মাৰে । লাহে লাহে পৰাগ আৰু নমিতাৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিল। বন্ধুত্বতকৈ বেছি এই মধুৰ সম্পৰ্ক। দুয়োয়ে বুজি উঠিল এই সম্পৰ্কটিৰ নাম প্ৰেম। নমিতাৰ দেউতাকে কথাটো লাহে লাহে গম পালে আজি সুধিম কাইলৈ সুধিমকে পৰাগক কথাটো তেখেতে সুধিব পৰা নাই। এদিন দেউতাকে সংকুচবোধ নকৰাকৈ কথাটো পৰাগক সুধাত পৰাগেও নমিতাৰ লগত থকা সম্পৰ্কৰ কথা দেউতাকক ক'লে আৰু নমিতাক যে সি বিয়া কৰাব তাৰ আশ্বাস দিলে। দেউতাকো মান্তি হ'ল কাৰণ নিজৰ জীয়েকক তুলি দিব পৰাকৈ  পৰাগৰ দেহত সকলো গুণেই দেখা পাইছিল নমিতাৰ দেউতাকে।

         হঠাৎ এদিন পৰাগ নমিতাহঁতৰ ঘৰ ওলালহি । আহি ক'লে যে তাৰ মাকৰ অসুখ শদিয়ালৈ যাব লাগে অলপদিন হয়তো থাকিব লগা হ'ব পাৰে। নমিতাৰ মনটো দুখেৰে ভৰি পৰিল কিমান দিনৰ বাবে যে তাই মনৰ মানুহজনক দেখিবলৈ নাপাব। পৰাগে এটুকুৰা কাগজত লিখি তাৰ ঘৰৰ ঠিকনাটো নমিতাৰ দেউতাকৰ হাতত দিলে আৰু পিছদিনা ৰাতিপুৱাই পৰাগ শদিয়ালৈ বুলি ওলাই গ'ল।

     প্ৰায় দুমাহ পাৰ হ'ল, পৰাগৰ কোনো খা-খবৰ নাই পোৱা নমিতাহ‍ঁতৰ পৰিয়ালে। কেইদিনমান পিছত আহিবলগীয়া মানুহটোৰ ইমান দিন খবৰ নোহোৱা দেখি এক অজান শংকা জাগি উঠিছিল নমিতাৰ মনত। শেষত নমিতাৰ অৱস্থালৈ লক্ষ্য কৰি নমিতাৰ দেউতাকে শদিয়ালৈ যোৱাৰ সিন্ধান্ত ল'লে। পৰাগে দিয়া ঠিকনাত নমিতাৰ দেউতাক উপস্থিত হ'ল কিন্তু কোনে জানিছিল নিজৰ জীয়েকক তুলি দিব খোজা মানুহজনৰ যে তাত কোনো অস্তিত্বই নাছিল। ওচৰৰ মানুহক সুধি জানিব পাৰিলে যে পৰাগ নামৰ তাত কোনো মানুহেই নাছিল। এক বিষণ্ন মুখ লৈ ঘৰলৈ ঘূৰি আহিছিল নমিতাৰ দেউতাক। কিদৰে ক'ব তেখেতে নিজৰ জীয়েকক যে তাই ভৱিষ্যতৰ সপোন দেখা ৰাজকুমাৰ জনৰ যে একো অস্তিত্বই নাই শদিয়াত। সকলো কথা শুনি নমিতাই যেন শিল পৰা কপৌটোৰ দৰে হৈ পৰিল। এমাহ পাৰ হ'ল।‌ এটা নিষ্প্ৰান শিলৰ দৰেই হৈ পৰিল নমিতা। একো কথাৰ একো প্ৰভাৱেই যেন নপৰে নমিতাৰ ওপৰত। পৰাগ যোৱা প্ৰায় চাৰিমাহ হ'ল। পৰাগ গুচি গ'ল কিন্তু নমিতাৰ জীৱনত পৰাগৰ উপস্থিতিৰ চিন‌ হিচাপে দি থৈ গ'ল নমিতাৰ গৰ্ভত এটি সন্তান । ঘৰৰ সকলোৱে বুজালে নমিতাক যাতে তাইৰ গৰ্ভত থকা সন্তানটিক নষ্ট কৰি দিয়ে। কিন্তু নমিতা কোনো পধ্যেই মান্তি নহ'ল। মানুহজন ভুল আছিল নমিতাৰ ভুল হৈছিল কিন্তু সমাজৰ পৰা নিজক বচাবলৈ সেই নিষ্পাপ শিশুটোক কিদৰে তাই ধ্বংস কৰি পেলাব । এজন আদৰ্শৱান শিক্ষকৰ জীয়েক হিচাপে নমিতাই পাৰিব ধ্বংস কৰিব সেই দেৱশিশুটোক কিন্তু এগৰাকী মাতৃৰ হৃদয়ে কেতিয়াও মানি নলয় সেই সিদ্ধান্ত। তাই জন্ম দিব এই শিশুটিক। 

       অৱশেষত সমাজৰ লাঞ্চনা - গঞ্জনাৰ মাজতে নমিতাৰ কোলালৈ আহিল নিবিৰ।  ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰা নমিতাৰ দেউতাকে মানুহৰ ককৰ্থনা বোৰ সহ্য কৰিব পৰা নাছিল। নিবিৰৰ দুবছৰ হে হৈছিল মাথোঁ নমিতাৰ দেউতাক ঢুকালে তাৰ প্ৰায় ডেৰ বছৰ পিছত নমিতাৰ মাকো গুচি গ'ল অজান দেশলৈ য'ৰ পৰা কেতিয়াও ঘূৰি আহিব নোৱাৰি। যেনে তেনে নমিতাই বি. এ শেষ কৰিলে । কেনেকুৱা হ'ব পাৰে সেই যন্ত্ৰনা এটি শিশু যিটোয়ে সমাজ কি নাজানে, অকলশৰীয়া নমিতা আৰু কিছুমান চাঁৱনি যি শিয়ালৰ দৰে তাইক চাই থাকে। সুবিধা পালেই নমিতাক যেন গিলি খাব সেই সমাজৰ শিয়ালবোৰে । 

         বহুত কষ্টৰ অন্তত এটি কোম্পানীত চাকৰি পালে নমিতাই । নিবিৰকো স্কুলত দিলে। চহৰত এটি সৰু ঘৰ লʼলে তাই । সেই সমাজখন এৰি থৈ আহিলে নমিতাই যিখন সমাজে পৰাগ আৰু তাইৰ ভুল বুলি নিবিৰক কুৎসিত বুলি গণ্য কৰে। সকলো ভুলৰ দায়ী হিচাপে নমিতাক দোষ দিয়ে। লাহে লাহে নিবিৰ ডাঙৰ হ'ল মেট্ৰিক দিলে‌‌ নিবিৰে কিন্তু দেউতাকৰ পৰিচয় কোনোপধ্যেই মাকে তাক নিদিলে। নমিতাই ভয় কৰিছিল যদি সকলো জানি নিবিৰেও নমিতাক ভুল বুজে, কিন্তু নমিতাই ক'লে সকলো কথাই নিবিৰক ক'লে তাই। আৰু নিবিৰৰ, সেইদিনাৰে পৰা নিবিৰৰ মাকৰ প্ৰতি সন্মান নাৰীৰ প্ৰতি সন্মান দুগুণে বাঢ়িলে । কিদৰে এগৰাকী নাৰী ইমান সাহসী হ'ব পাৰে, নিজৰ সন্তানৰ বাবে নাৰী এগৰাকীয়ে যে কি কি কৰিব নোৱাৰে। তাৰ মাকে অকলে তাক ডাঙৰ কৰিছে। সমাজৰ নিয়মৰ মাজত তাক আজি নিজৰ ভৰিত থিয় কৰালে তাৰ মাকে। কিন্তু এটা প্ৰশ্নৰ উত্তৰ সি আজিও জানিব খোজে ; কিয় কেৱল মাকেহে সি জন্ম হোৱাৰ দোষ সহিলে । মাক নাৰী বাবে নে ? 

        বৰ্তমান নিবিৰে এটা কচিং চেন্টাৰ চলায়। চহৰত নাম আছে তাৰ কিন্তু কোনেও নাজানে তাৰ সত্যতা । আজিও হয়তো তাৰ সত্যতা জানিলে মানুহে তাক ঘৃণাৰ চকুৰে চাব । নিবিৰৰ মাতত বাস্তৱলৈ ঘূৰি আহিল নমিতা, বৰষুণো সাম কাটিলে।  " মা বৰ ভোক লাগিছে, ভাত দিয়া "। এইবুলি কৈ ভিতৰলৈ সোমাই গ'ল নিবিৰ।  নমিতায়ো বহাৰ পৰা উঠি ভিতৰলৈ খোজ দিলে।
         
নাম: ছানিদুল ইছলাম
 বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও
শাখা : বৈদ্যুতিক অভিযন্তা
কক্ষ : চতুৰ্থ ষান্মাসিক

                          
        **************  **************  **************  **************
লখিমী


দমকলৰ পাৰত কাটি থোৱা কলপাতৰ আগকেইটাত পানী ছটিয়াই থকাৰ পৰাই সেউতীয়ে বোৱাৰীয়েকক চিঞৰিলে, "বোৱাৰী, যোৱাচোন কানু বোপা শুই উঠাৰ আগেয়ে নিৰলাহঁতৰ ঘৰৰ পৰা ঢাৰি কেইখন লৈ আনাগৈ। আইসকলৰ আহি পাবৰে হৈছে আৰু ।" এখন্তেকো পলম নকৰি তৰা গ'ল আৰু  ঢাৰি কেইখন লৈ তাই উভতিল । আজি তৰাৰ মনতো অলপ পাতল লাগিছে । 
           সৰুতেই দেউতাকক হেৰুওৱা তৰাক মাকে বৰ কষ্টেৰে ডাঙৰ কৰিছিল।একেবাৰতে মেট্ৰিক পাছ কৰা তৰাৰ আৰু পঢ়িবৰ ইচ্ছা আছিল যদিও মাকৰ বাঢ়ি অহা অসুখৰ বাবে তাইৰ কান্ধত ঘৰখনৰ দায়িত্ব আহি পৰিল। গাওঁৰে খুৰাক এজনে চহৰৰ কাপোৰৰ দোকান এখনতে কাম কৰিবলৈ বুলি সোমোৱাই দিছিল তাইক । তেতিয়াই তৰাই চিনাকি হৈছিল বিনোদৰ লগত। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িল আৰু সম্পৰ্ক টোয়ে প্রেমৰ ৰূপ পালে । তৰাৰ মাকেও তাইক বিনোদৰ হাতত গটাই শান্তিৰে চকু মুদিলে । মাকৰ মৃত্যুৰ এবছৰৰ পিছত বিনোদে তৰাক নিজৰ ঘৰলৈ একেবাৰে লৈ আনিলেগৈ । বিনোদৰ মাকেও বৰ আদৰেৰে একমাত্ৰ বোৱাৰী তৰাক আদৰি আনিলে । বোৱাৰী ঘৰ সোমোৱাৰ পিছদিনাই চাৰি দিন আগত হেৰুৱা খীৰতী গাই জনী ঘৰ ওলালেহি । তাৰে আকৌ দুদিন পাছতে অতদিনে বন্দী হৈ থকা তাইৰ বৃদ্ধ  পেঞ্চনৰ টকা কেইটা মুকলি হল। আজলী সেউতীৰ মতে বোৱাৰী জনী লক্ষ্মী স্বৰূপা হোৱাৰে লক্ষণ এইয়া। বোৱাৰীৰ ৰূপত লখিমী ঘৰলৈ আহিছে।  ইফালে অল্পভাষী মৰমিয়াল তৰাইও নিজ ব্যৱহাৰৰ গুণত সকলোৰে মনবোৰ মোহি পেলালে। ঘৰখনৰ মিলাপ্ৰীতি বোৰ দেখি বিনোদে মনতে বৰ সন্তোষ পালে । 
              সিহঁতৰ সুখবোৰ আৰু চাৰিগুন বৃদ্ধি কৰি বিয়াৰ দুবছৰ পাছত সিহঁতৰ জীৱনলৈ আহিল এটি দেৱশিশু । সেউতীৰ মতে সঁচাকৈ লখিমী তাইৰ বোৱাৰী । নাতি টো ভগৱান শ্যামকানুৰে আশীৰ্বাদ। সেয়ে মৰমতে তেওঁ কানু বুলিয়ে নাম দিলে। কিন্তু জন্মৰ লগতে যেন এক অচিন বেমাৰ গাত লৈ জন্ম হৈছিল সেউতীৰ চকুৰ মনি কানুৰ । তজবজীয়া শিশুটি এমাহ মান বয়সৰ পৰা বৰকৈ অসুখীয়া হৈ পৰিল। তাৰ হৈছে কি সেউতী, বিনোদ, তৰাই নুবুজিলে । আনহে নালাগে ৰোগটিৰ নামেই চোন মুখত নুফুটিল সিহঁতৰ । ডাক্তৰে কোৱামতে গৰ্ভাৱস্থাৰ পৰাই শিশুটিৰ হৃদপিণ্ডটো দুৰ্বল । যাৰ ফলত অকনমানি তাৰ দেহটোত তেজৰ চলাচল সঠিক মতে হ'ব পৰা নাই। কেইটামান মাহৰ ভিতৰতে হৃদপিণ্ড বিকল হৈ পৰিব বুলি আশংকা কৰিছে তেওঁলোকে। হয়তো কানু আৰু কেইটামান মাহৰ হে আলহী । পৰিয়ালটোৰ মূৰত যেন সৰগ হে ভাঙি পৰিল । শোৱা খোৱা পাহৰি আটাইয়ে চিকিৎসাৰ বাবে টকা যোগাৰ কৰিলে । চহৰৰ ভাল ভাল ডাক্তৰৰ ওচৰলৈ গ'ল । সকলোৱে চিকিৎসাৰ বাবে এবাৰ বিদেশলৈ নিবৰ পৰামৰ্শ দিলে । "সেয়াই হব," বিনোদে সিদ্ধান্ত কৰিলে। 
     সেই দিন ধৰি আজি চাৰিমাহে সি মাথো টকা গোটাইছে। মাটি বাৰী সিহঁতৰ নাছিলেই । যি আছিল সেইয়াও যিমান পাৰি বেচিলে আৰু থকা খিনি বন্ধকীত থলে । নিজৰ সন্তান ৰ দৰে আদৰ কৰা খীৰতী গাই জনীক বেচিবৰ পৰত সেউতীৰ বয়স্ক অন্তৰ খনে হাহাকাৰ কৰি উঠিল । ভৰাঁলৰ ধান, বাৰীৰ তামোল পান বেচি সকলো মিলাই কোনোমতে প্রায় ছয় লাখ টকাৰ যোগাৰ হল। ধাৰ ও লাগিল বহুতৰ ওচৰত । পোনাকনৰ ও বয়স পাঁচ মাহ পুৰ হৈ ছমাহত সোমাল । সেউতীৰ ইচ্ছা যে বিদেশ যোৱাৰ আগেয়ে শ্যামকানুৰ চৰনত শৰাই এখন আগবঢ়াব লাগে । কথা মতেই কাম । সকলো যা যোগাৰ কৰি সেউতীয়ে নিজেই গৈ মাতি আহিলগৈ আইসকলক । আৰু আজিৰ দিনটোতে এভাগ নাম পতাৰ দিহা কৰা হল। ভালে কুশলেই অনুস্থান ভাগ সমাপ্ত হ'ল । আশীৰ্বাদ দি গ'ল সকলোৱে কানুৰ মংগল কামনাৰে । পৰিয়ালটোৰ মনবোৰ মুকলি লাগিল। ইফালে বিদেশলৈ যাবৰ দিনটো ও আহি পালে । কাপোৰ কানি সামৰি সাজু হল সকলোটি। কাইলৈ পুৱাই যাব দুয়োটা। আগতীয়াকৈয়ে স্হানীয় ডাক্তৰ জনে কথা পাতি থিক কৰি দিছে সকলো । গোসাঁই ঘৰত চাকিগছ জলাই সেউতীয়ে বোৱাৰীয়েকক উদ্দেশ্যি ক'লে," ভাল হৈ ঘূৰি অহা লৈকে পোনাকণৰ ছমাহ পূৰ হব । অন্ন প্রশন্ন অনুষ্ঠান টি ডাঙৰ কৈ পাতিব লাগিব।" এৰা, তাইও পেটে পেটে সেয়াই ভাবি থৈছে । সেইদিনা চিকিৎসালয়লৈ যাওঁতে এযোৰ বৰ ধুনীয়া পোছাক কিনি আনি থৈছে পোনাকনৰ বাবে । কৃষ্ণ বৰণৰ এযোৰ পোছাক, লগতে এটি ম'ৰা পাখি। সঁচাই শিশুকালৰ শ্যামকানুৰ যেনেই লাগিব পোনাটিক। তৰাই মনে মনে মিচিকীয়ালে। 
        কিন্তু সেইদিনা  ৰাতি হঠাত পোনাকনে আচৰিত ধৰনে কান্দিবলৈ ধৰিলে । নাই আজি তাই কোনো মতেই নিচুকাব পৰা নাই তাক । উপায় হীন হৈ বিনোদে ডাক্তৰলৈ ফোন লগালে। তেওঁ লগালগ চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিলে । নুমাই যাব ধৰা গোসাঁই ঘৰৰ চাকিগছ সেউতীয়ে পুনৰ জলাই দিলেগৈ। এইবাৰ চাকিগছ বৰ ৰঙাকৈ জলি উঠিল। চিকিৎসালয়ৰ আধা ৰাস্তা মান পাওঁতেই হঠাত পোনাকনৰ কান্দোন বন্ধ হৈ গ'ল। শৰীৰটো ক্ৰমাৎ চেঁচা পৰিব ধৰিলে । বিনোদ আৰু তৰাই এজনে আনজনৰ মুখলৈ চোৱাৰ সাহসকণ হেৰুৱাই পেলালে। তেনেতে তৰাই উচুপি কৈ উঠিল," কানু বোপাৰ ঠাণ্ডা লাগিছে হয়তো, অতপৰে কান্দি কান্দি ভাগৰি শুই পৰিছে।" এইবুলি কৈ তাই আচলেৰে মেৰিয়াই বুকুৰ মাজত সোমোৱাই ল'লে ল'ৰাকণক। চিকিৎসালয় গৈ পোৱাত ডাক্তৰে সেই বাতৰিটো দিলে যাৰ ভয়ে আজি ছমাহে সিহঁতক খেদি ফুৰিছিল । সকলোৰে প্রাৰ্থনা মৰম বোৰক নেওঁচি গুচি গ'ল কানু এক অজান পৃথিৱীলৈ। বিনোদে সকলোৰে আঁৰ হৈ চকুলো টুকিলে। তৰা ঠাইতে মুচকচ গল। 
          সাৰ পাই উঠিয়ে তৰাই পোনাকনক বিচাৰিলে। তাইৰ কাষতে নিশচুপ হৈ শুই আছিল কনমানি টি। তাই বিনোদক ক'লে, " হেৰা , পোনাকণৰ কান্দোন বন্ধ হ'ল নহয় । সি শুইছে এতিয়া । ব'লা আমিও ঘৰলৈ যাওগৈ। পুৱাই আকৌ উঠিব লাগিবই । ইমান দূৰ যাত্রা। ব'লা ।" জঠৰ দেহটি লৈ তাইৰ পাছে পাছেই আহিল সি। কিবা কোৱাৰ সাহস আজি আৰু তাৰ নাই। বাহিৰত গাড়ী ৰখোৱাৰ শব্দ শুনি দৌৰি আহিল সেউতী । তৰাই মিচিকীয়াই হাঁহি ক'লে, " মা, পোনাকণে ভাল পালে। শুইছে এতিয়া । আপুনি ও শুই থাকক গৈ।" শোৱা ৰূমলৈ সোমাই গ'ল তৰা। তৰা যোৱাৰ পাছত বিনোদে কোনোমতে মাকক সেই দুখৰ খবৰটি দিলে । নাই তাৰ আৰু ধৈৰ্য্য নাই । ঠাইতে বহি পৰিল সি। সেউতীয়ে জোৰ জোৰকৈ কান্দিব ধৰিলে । এই ছমাহে অন্তৰত গোট খাই থকা সকলো দুখ পাৰ ভাঙি বৈ আহিল চকুৰে। কান্দোন শুনি ওচৰ চুবুৰীয়া গোট খালে । হুলস্থূল শুনি তৰা ওলাই আহিল। সকলোৰে চকুত অমায়িক বোৱাৰী জনীয়ে খঙেৰে চিঞৰি ক'লে, " আপোনালোকে হুলস্থূল কিয় কৰিছে ৰাতিখন। পোনাকণৰ টোপনি ভাঙি যাব । মনে মনে থাকক।" কোনোবাই হয়তো কিবা কব খুজিছিল তৰাক , নাই তাই নুশুনিলে। কোনোবাই যদি সেই নকবলগা কথাষাৰ কৈ দিয়ে ! ৰূমলৈ সোমাই গ'ল তৰা। অন্নপ্রশন্নলৈ বুলি অনা সাজযোৰ পিন্ধাই দিলে কানুক । তাৰ শৱটি কোলাত লৈ উচুপি থাকিয়েই জোৰ জোৰ কৈ নিচুকনি গীত গাব লাগিল তাই , " আমাৰে মইনা শুব এ...", শেষৰ ফালে তাই ফেঁকুৰি উঠিছিল। বিনোদে আৰু চাই থাকিব নোৱাৰিলে। সি হিয়া ভুকুৱাই কান্দিব ধৰিলে । মতা মানুহৰ এনে হিয়াভগা কান্দোন! কেতিয়া পাৰে এজন পুৰুষে এনেকৈ চিঞৰি কান্দিব? হয়তো অন্তৰত জুই জলিলে। এৰা, সেয়াই হৈছে আজি বিনোদৰ লগত। ঘৰখনৰ অৱস্থাটো দেখি খবৰ লব অহা সকলেও এসোঁত কান্দিলে। চকুলো টুকি টুকি য়ে কেইজনমানে সৎকাৰৰ দিহা কৰিলে। কোনো এজনে কাঢ়ি আনিলে কানু ক মাকৰ কোলাৰ পৰা। এইবাৰ যেন বাউলী হৈ পৰিল তৰা, বাৰে বাৰে মূৰ্চ্ছা গৈ ঢলি পৰিছে তাই । কোনেও বুজাব পৰা নাই আজি তৰাক। পোনাকণক লৈ গৈ সিহঁতৰ ঘৰৰ বাৰীৰে এচুকত থলেগৈ। মূৰে কপালে হাত দি বহি থাকিল বিনোদ । সেউতীৰ কান্দোন বন্ধ নোহোৱাই হল । আৰু তৰাই মাথো চিঞৰি থাকিল,"মই মাকজনী থাকোতে ক'লৈ নিছ' মোৰ পোনাকনক। মই জানো সি মোক এৰি মৰিব নোৱাৰে, একো হোৱা নাই তাৰ । ঘুৰাই আন। ৰাতি সাৰপাই সি মোক বিচাৰিব। মোৰ কোলাতহে টোপনি যায় সি।কাইলৈ দূৰৰ ডাক্তৰৰ ওচৰত নিম। মোৰ পোনাকণ ভাল হৈ যাব । অহামাহত ধুম ধামেৰে অন্নপ্ৰশন্ন পাতিম। লৈ আন তাক মোৰ ওচৰলৈ।" 
         আজি পোনাকণে এৰি যোৱা দহোটা দিন হল। ঘৰখনৰ কাৰোৰে ভোক পিয়াহ নোহোৱা হ'ল । তৰাই দিনৰ দিনটো পোনাকণক ৰখা ঠাইখিনিলৈ খিৰিকীৰে চাই আবোল-তাবোল বকি থাকে। ৰাইজে কেঁচুৱা ল'ৰাৰ সকাম কাজ আদি নাপাতে বুলিছিল যদিও মনৰ দুখ পাতলাবলৈকে বিনোদে তামোল পান এটাকে কটাৰ দিহা কৰিলে। যাতে পোনাকণ য'তে আছে কুশলে থাকক। ৰাইজ আহিল । গাওঁৰ দুগৰাকী মান মহিলাই কৰা আলোচনা বোৰ তৰাৰ কাণত পৰিল," এৰা, যি হয় ভালৰ বাবেই হয়। সেই ৰুগীয়া ল'ৰাটোক লৈ কমখন শাস্তি হৈছিল নে সিহঁতৰ। এতিয়া সেউতীৰ ও বয়স হৈছে। সেউতী জীয়াই থাকোতেই সিহঁতে কথাবোৰ আকৌ নতুনকৈ ভাবিলেহে তাই সুখেৰে চকু মুদিব পাৰিব।" তৰাক ও দুই এগৰাকীয়ে ক'লে, " যোৱা জনক যাবলৈ দে আই। দুখবোৰ সামৰি নতুনকৈ আৰম্ভ কৰ সকলো। সেউতীৰ মানত তই লখিমী। ঘৰখন আকৌ সুখেৰে ভৰাই তোলাৰ চিন্তা কৰ।" 
তৰাই শিল হৈয়ে শুনি থাকিল সকলোবোৰ। তেওঁলোকৰ কথাৰ অৰ্থ তাই বুজিলে। 
             তৰাৰ মনৰ মাজত গুজৰি উঠিল হাজাৰ টা প্ৰশ্ন, তেওঁলোকে কোৱাৰ দৰে নিজৰ সন্তানটিক পাহৰি যোৱাটো সচাঁকৈ ইমান সহজ হয়নে? পোনাকণক লৈ কিবা কষ্টৰ অনুভৱ হৈছিল জানো ? হাজাৰ কষ্টৰ মূৰতো দুহাতেৰে সাবতি তাক বুকুতে শুৱাই সুখ পোৱা নাছিল নে তাই ! চিৰৰুগীয়া আছিল জানো তাইৰ কানু ! তাৰ তজবজীয়া ৰঙা বগা চেহেৰা টো দেখি ক'বনে কোনোবাই সি ৰুগীয়া বুলি ! তাই মাকজনী হৈ সেই আলফুলীয়া চেহেৰাটো, মেলেক কৈ মৰা সেই হাঁহিটো, কলকলনি বোৰ ,চুচুৰি বাগৰি ফুৰা পোনাকণক পাহৰিব পাৰিবনে! পাৰিব জানো তাই সকলো বোৰ নতুনকৈ আৰম্ভ কৰিব? নাই, নোৱাৰে। তাইৰ মন মজিয়াৰ পৰা কলিতে মৰহি হেৰাই যোৱা এই কনমাণি ফুলপাহক, সেই মিঠা সময় কনক ইমান সহজতে পাহৰিব নোৱাৰে তাই । তাই নোখোজে পাহৰিব । চিৰসেউজ কৰি ৰাখিব কানু নামৰ তাইৰে অংশ টিক মনৰ মাজত। অন্তৰৰ মমতা খিনিক গছকি মোহাৰি নালাগে তাইক ঘৰৰ লখিমী হোৱাৰ সুনাম। নালাগে তাইক কোনোৱে লখিমী বুলিব। অন্ততঃ এতিয়া তৰাই মাথো মাক হৈ জীয়াই থাকিব খুজে। এৰা, তাইও এগৰাকী মা। তাইৰ অকালতে হেৰাই যোৱা আঁচলৰ ধন কানুৰ মা ।। 


✍ কাকলী শইকীয়া
Mechanical 1st sem
Lakhimpur polytechnic


পাঠশালাৰ বুকুত প্ৰেমৰ বাৰিষা ।।


এদিন দুদিনকৈ আজি তিনিটাকৈ বছৰ পাৰ হৈ গ'ল, সময়ৰ সোঁতে সকলোবোৰ এফালৰ পৰা ধুই লৈ গ'ল। কিন্তু স্মৃতিবোৰ ? সময়ৰ লগত মন মন্দাকিনীৰ পাৰত ৰচিযোৱা স্মৃতিবোৰ সময়ৰ প্ৰবাল সোঁতৰ মাজতো ইতিহাস হৈ ৰৈ গ'ল। 
                 তেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিক স্কুল এখনৰ এডমিচন লৈছিলো। আমাৰ গাঁওখন টাউনৰ পৰা অলপ আতৰত গতিকে টিউচনৰ বাবে পাঠশালালৈ যাব লাগে। আচলতে ৰিচিক মই প্ৰথমবাৰৰ বাবে গুৱাহাটীত হে দেখিছিলো। ৰিচি মানে ৰিচিতা মই ৰিচি বুলি মাতো। কাম এটাৰ বাবে গুৱাহাটীলৈ যাব লগীয়া হ'ল। মোৰ বৰমাহঁতৰ ঘৰ গুৱাহাটীতে, কাম শেষ হোৱাত বৰমাহঁতৰ ঘৰলৈ গ'লো বহুদিন যোৱা হোৱা নাই।  মই চান্দমাৰীতে চিটী বাছলৈ ৰৈ আছিলো। বৰষুণৰ বতৰ একেবাৰে ভাল লগা নাছিল। হঠাত কৰ'বাৰ পৰা এজনী ছোৱালী আহি মোৰ ওচৰতে থিয় হ'ল। মই মানৱ মূৰ্তি সদৃশ নিৰবে তাইক চাই আছিলো। এনেতে বাছ খনো আহি পালে, কিনকিনিয়া বৰষুণ ৰিচি আৰু মই। সেই সময়ত তাৰ বাহিৰে মোৰ দৃষ্টিত একোৱে নাছিল।
                   বাছখন ৰোৱাত তাই গৈ বাছত উঠিল মই হলে সেই মূৰ্তিটো হৈয়ে ৰৈ আছিল হঠাত হেন্দিমেনে……
     হেন্দিমেন:- "ঐ ভাইটী নাযাবি নেকি ?"
                  লৰালৰিকৈ মই গৈ গাড়ীত উঠিলো। ভগৱানৰো যে কি অপাৰ মহিমা, তাই বহা চিটটোৰ ওচৰতে এটা খালী চিটটো থাকিব লাগেনে বাৰু মই হ'লে নবহি দুৱাৰ মুখতে থিয় থাকিলো, তাকে দেখি
                  হেন্দিমেন:- "ভিতৰত খালী চিট আছে বহগৈ"
                  শেষত গৈ বহিলো, তাই মোৰফালে এবাৰ কেৰাহিকৈ চাই খিৰিকিৰফালে মুখ কৰিলে, মইও ইয়াৰফোন লগাই গান শুনিবলৈ ল'লো। এনেদৰে গৈ গৈ মই বৰমাহঁতৰ ঘৰ পাবলৈ আৰু দহ মিনিত মান আছিল এনেতে তাইৰ ষ্ট'পেজ আহিল। মইও ঘৰ পোৱাত বৰমাহঁতৰ লগৰ কথা পতাত ব্যস্ত। ৰাতি ভাত খাই শুৱলৈ লোৱাত নাজানো কিয় বাৰে বাৰে মোৰ মনটোৱে মোক সেই অচিন ছোৱালীজনীৰ কথাহে মনত পেলাই দিছিল। পিছদিনা মই উভতি আহিলো যিহেতু মোৰ ক্লাচ চলি আছিল আৰু নতুনকৈ টিউচন আৰম্ভ হৈছিল।
                     এনেদৰে কিছুদিন গ'ল, এনেতে এদিন আমাৰ পদার্থ বিজ্ঞানৰ চাৰে ক'লে- এইটো গ্ৰুপত এজনী নতুন ছোৱালী এড্ হব। পিছদিনা ছয় বাজিবলৈ প্ৰায় দহ মিনিট মান আছে ৰুমৰ ভিতৰৰ পৰাই খিৰিকীৰে দেখিলো, লাহেকৈ গেটখন খুলি কোনোবা আহিছে নীলা চুৰিদাৰ পিন্ধা ছোৱালীজনীয়ে দীঘল চুলি কোচাই মুখখন ঢাকি ৰাখিছে....
                     চুলি কোচাৰ আঁৰৰ ছোৱালীজনীক দেখিও মাতিবলৈ সাহস নহ'ল, ক্লাছটো শেষ কৰি সদায় বহা আড্ডাত কিছু সময় কটাই ঘৰমুৱা হৈছিলো।
          তিনিদিন মান পিছত মোৰ বন্ধু ৰাহুলে টিউচন শেষৰ পিছত মোক কৈছিল…
          ৰাহুল:- " ঐ মৃন্ময় ব'ল আজি এঠাইলৈ ফুৰিব যাঁও"
          ( ওহ্ কবলৈয়ে পাহৰিছিলো মই মৃন্ময়, মানে মৃন্ময় দাস)
          মই: "এতিয়া নো ক'ত ফুৰিব যাবি ? নেলাগে ব'ল ঘৰলৈকে যাঁও"
          ৰাহুল:  "ভাই ব'ল না"
          মই: "এই সন্ধিয়াখন ত ই ক'ত ফুৰিব যাৱ ?"
          ৰাহুল:  "তোক আজি এটা চাৰপ্ৰাইজ দিম"
          মই:  "কি চাৰপ্ৰাইজ ?"
          ৰাহুল:  "আহা! মহাশয় কোৱাৰ পিছতো চাৰপ্ৰাইজ চাৰপ্ৰাইজ হৈ থাকিব ন ?"
          (তাৰ কথামতে জ্যোতি নগৰৰ পৰা কলেজৰ পথেৰে ৰুপম হোটেল প্ৰৱেশ কৰিলো)
               হোটেলত প্ৰৱেশ কৰিয়ে যি দেখিলো, সঁচাকৈ বহুত ডাঙৰ চাৰপ্ৰাইজ চাগে সেইটো মোৰ জীৱনৰ প্ৰথম ডাঙৰ চাৰপ্ৰাইজ আছিল.....
              এটা ৰাতি যি জনী ছোৱালীৰ ছবিখনে মোৰ মনটোক আমনি কৰি মোক শান্তিৰে শুৱ দিয়া নাছিল সেই বাচ ষ্টেন্দৰ ছোৱালীজনি মোৰ চকুৰ আগত। মনটোক বিশ্বাক দিব পৰা নাছিলো যে সেই বাচ ষ্টেন্দৰ ছোৱালীজনিয়ে এইজনি, মনটোৱে প্ৰতি মূহুৰ্ততে কব বিচাৰিছিল, এয়া যেন মোৰ এক ভুল ধাৰনা। খন্তেকৰ বাবে সেই সকলোবোৰ এক সপোন সপোন যেনহে লাগিছিল। মই যেন এখনি সপোনৰ জগতত বিচৰন কৰি আছিলো। কিন্তু…
              কাষতে থকা ৰাহুলৰ মাতে মোক আকৌ বাস্তৱতাৰ মাজলৈ উভতাই লৈ আহিছিল।
         ৰাহুল:  "নবহ নেকি ?"
              (তিনি নম্বৰ টেবুলতে তাই,তাইৰ বান্ধৱী আৰু আমি দুজন বহিছিলো।)
         ৰাহুলে সকলোকে চিনাকি কৰাত লাগিল
         ৰাহুল:  "মৃন্ময় এয়া ৰিচি মানে ৰিচিতা আৰু এয়া সকলো সময়তে হাঁহৰ দৰে পেক পেকাই থকা মিনাক্ষী"
         মিনাক্ষী: (হঠাতে) "তুমি বৰ কুলিৰ দৰে কু কু কৰি থাকা"
         ৰাহুল: "একেবাৰে মিঠা মাত"
         ৰাহুল: "ৰিচি মিনাক্ষী এয়া মৃন্ময়"
         মই:  "হায় ৰিচি, হাই মিনাক্ষী"
         ৰিচিতা মিনাক্ষী: (একে লগে) "হাই" 
         ৰাহুল: (ৰিচিতা আৰু মিনাক্ষীৰ ফালে চাই মোৰ ফালে ইংগিত দি) "ই বেছি কথা নকয়"
         মই:  "নাই তেনেকুৱা নহয়, আৰু ৰাহুল তঁই যে কি কৱ এইমাত্ৰ আহি পাইছো হে। কথা পাতিবলৈ বহুখিনি সময় আছে।"
              লগত প্ৰথম বাৰ কথা পাতি আছিলো। কথাৰ মাজতে,
         মই:  "ৰাহুল তঁই ইমান ডাঙৰ চাৰপ্ৰাইজ দিবি বুলি ভবা নাছিলো।"
         ৰাহুল:। " তোক এতিয়ালৈ আচল চাৰপ্ৰাইজটো দিয়াই নাই"
         মই:   "তেনেহলে সোনকালে দে আকৌ"
         ৰাহুল:  ‌"ধৈৰ্য্যৰ ফল হেনো বৰ মিঠা। অলপ ধৈৰ্য্য ধৰ"
(মনটোও বৰ দুষ্ট ধৈৰ্য্য ধৰিব ক'লে বেছিহে অধৈৰ্য্য হৈ পৰে)
বহু সময়ৰ অন্তত
         ৰাহুল:  "মোৰ চাৰপ্ৰাইজটো হ'ল মই কোনোবাৰ প্ৰেমত পৰিছো"
         মই:  "সেই দুৰ্ভগীয়া জনীনো কোন ?"
         ৰাহুল:  ‌"ৰিচিতা যাৰ ভালপোৱা মোৰ তেজৰ প্ৰতিটো তোপালতে বিলিন হৈ আছে"
(কথাষাৰে মোৰ অবেগিক মনত বিষাদৰ ঢৌ তুলি দিছিল)
মনৰ বিষাদতাক মনতে মাৰি
         মই:  "বাঃ ইমান ডাঙৰ কথা এটা মোক এতিয়ালৈকে জনোৱাই নাছিলি"
         ৰাহুল:  "তোক একেলগে লগ কৰাই জনাম
বুলিয়ে জনোৱা নাছিলো"
         মই: "তথাপিও এবাৰ কব পাৰিলি হেতেন"
         ৰাহুল: "বেয়া পালি নেকি ?"
         মই: (হাঁহি এটা মাৰি)ধেৎ কি যে কৱ বেয়া আকৌ কিয় পাম ভাল হে লাগিছে, গম পোৱাৰ লগতে লগও পালো"

     আৰু কিছু সময় কটাই সিহঁত ঘৰলৈ গ'ল আমিও ঘৰলৈ উভতিলো
          ৰাতি ভাত খাই পঢ়া টেবুলত বহি মোবাইটো পিতিকি থাকোতে এটা অচিন নম্বৰৰ পৰা "হাই" বুলি মেছেজ আহিছিল
          মই:  "কোন ?"
          অচিন ব্যক্তি:  "আপুনি মৃন্ময় নহয় জানো ?"
          মই: "হয় পিছে আপুনি নো কোন ?"
          অচিন ব্যক্তি:। " মোক চিনি নাপাব, বহু দূৰ… অচিনা দেশৰ কোনোবা গৰাকী"
          মই:  "সেই চিনি নোপোৱা অচিন দেশ গৰাকী কোন আপুনি ?"

 হঠাৎ নম্বৰটোৰ পৰা মেচেজ অহা বন্ধ হৈ গ'ল। কিছুমান নজনা কথা জনাৰ যি হেঁপাহ আছিল সকলো হৃদয়ৰ মাজতে স্তব্ধ হৈ ৰʼল ।

বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও
নাম :জ্যোতিব্ৰত দাস
শাখা : ব্যৱহাৰিক অভিযান্ত্ৰিক
কক্ষ : চতুৰ্থ ষান্মাসিক


বিকৎ চিঞৰত তুমি মণিমালা !!



জয়াল নিশাৰ ভয়াল পুৱাত ৰিণিকি ৰিণিকি শুনো দুৰ্ভগীয়া কোনো মহিলাৰ ফেকুৰি ফেকুৰি কন্দাৰ শব্দ । মাজে মাজে বিকট চিঞৰ । আহঃ কি নিদাৰুণ । এয়াই ভদ্ৰ মানৱ সমাজ,জীৱশ্ৰেষ্ঠ মানৱ । সভ্যতাৰ কি অবাঞ্চিত সন্ধিক্ষণত আজিৰ মানুহবোৰে হিংস্ৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই এই বিনন্দীয়া পৃথিৱীখনক কুলষিত কৰে । মানুহজনীয়ে পৃথিৱীখনক থুৱাইছিল আৰু কৈছিল- মোক ক'লৈ আনিছে ! মোৰ ওচৰলৈ নাহিবি । মাটিত পৰি থকা চুৰি এখন তুলি লৈ মানুহজনীয়ে পুনৰ কঁপি কঁপি কৈছিল- মোৰ ভয় লাগিছে । নৰ পিশাচটোৱে মোক গিলিবলৈ আহিছে । এইবাৰ মই এৰি নিদিও । তাক পিচ্ পিচ্ কৰি কাটিম !! মোক এৰি দে । মই আকৌ নৃত্য কৰিম,গান‌ গাম...
আমাৰে মইনাই শুব এ.......
               এটা সময়ত গাৰ ঘামবোৰ মচিবৰ বাবে গাৰ কাপোৰবোৰ দলিয়াইছিল । চুলিখিনি মেলিছিল । ভৰিৰ পৰা মূৰলৈ নিজৰ গাটো চুইছিল । তাৰ পিছত লাহে লাহে আৰম্ভ কৰিছিল 'নাচ' । যেন এখন নৃত্যৰতা পৃথিৱীয়ে তাইক হাত-বাউল দি মাতিছিল । এনেদৰে নাচি নাচি শেষত অৱশ হৈ পৰিছিল । গাৰ পৰা দলিয়াই পেলোৱা কাপোৰবোৰ সামৰি লৰালৰিকৈ কোঠাটোত সোমাল । নিঃসাৰ দি শুই থকা কেঁচুৱাটিক জগাই মানুহজনীয়ে কিবা এটা ভাবি মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল । টোপনিত লালকাল হৈ থকা কেঁচুৱাটিক মানুহজনীয়ে সাৱটি লৈছিল । কেচুৱাটিৰ মূৰত হাত বুলাই মানুহজনীয়ে হুকহুকাই কান্দিছিল । কান্দোন ক্ৰমে ক্ৰমে বাঢ়ি আহিছিল আৰু শেষত চিঞৰৰ গতি তীব্ৰ হৈ গৈছিল । কাষতে থকা হোটেলখনৰ অতিথি সকলোকো অবাক কৰি তুলিছিল । 

সোনালী কিৰণ দি নিয়ৰসনা পুৱাতে সূৰুযে ভূমুকি মাৰিছিল আৰু এই সময়খিনিত অত্যন্ত ব্যস্ততা "ভোগৰাজ ৰেষ্টুৰেণ্ট" খনত । তেতিয়া ভাটিত দাউ দাউকৈ জ্বলিছিল জুই । ওচৰত ভাত,চাহ,ৰুটিৰ বিধ বিধ ব্যঞ্জন । তিনিচুকীয়াৰ পৰা নৈশ বাছত আহি পল্টন বজাৰ পাইছিলো ৰাতিপুৱা তিনি বজাত । তাৰ পৰা অট'ৰিক্সা এখনেৰে আহি ৩১ নং ঘাইপথৰ দাঁতিত থকা ভোগৰাজ ৰেষ্টুৰেণ্টত জিৰণিৰ বাবে ৰৈ দিলো । দূৰ-অদূৰৰ পৰা অহা বিভিন্ন যাত্ৰীবোৰে মুকলি আকাশৰ তলত জিৰাইছে ৰেষ্টুৰেণ্টৰ আগত । যাত্ৰীবোৰে প্ৰত্যক্ষ কৰিছিল এটি বিকট চিঞৰ । চিঞৰটো ক'ৰ পৰা আহিছে ,কাৰ এই আৰ্ত চিৎকাৰ ইত্যাদি প্ৰশ্নই জুমুদি দি ধৰিছিল হোটেলত জিৰণি লোৱা যাত্ৰীসকলক । মোৰো মনত এক অবুজ শিহৰণ জাগি উঠিছিল । কোন এই মহিলাগৰাকী ? জানিবলৈ মই ইচ্ছুক ।
             ভোগৰাজ ৰেষ্টুৰেণ্টৰ মেনেজাৰজনে অত্যন্ত ব্যস্ততাৰে তদাৰক কৰি আহিছিল হোটেল "বয়" কেইটাক । বাৰে বাৰে কলিং বেল বজাই গ্ৰাহকৰ সুবিধা-অসুবিধাৰ বুজ লৈছিল । কিন্তু মানহজনীৰ বিকৎ চিঞৰে মেনেজাৰজনক বিব্ৰত কৰিব পৰা নাছিল । কথাবোৰ ভাবি ভাবি মই ৰুটিৰ বিল দিবলৈ গৈ মেনেজাৰজনক এবাৰ সুধিলোঁ :- কোন এই দুৰ্ভগীয়া মহিলা ? কিয় এনেদৰে চিঞৰিছে ? 
     মেনেজাৰ জনে কলে :- এইবোৰ জানি আপোনাৰ কি লাভ ? 
          লাভ নাই সঁচা । কিন্তু ??
          কোনো কিন্তু নাই ।
          আপুনি বা মই একো কৰিব নোৱাৰো । এইবুলি কৈ মেনেজাৰজনে চিঞৰি হোটেল 'বয়' এটাক মাতিলে । আৰু মই নীৰৱে হোটেলৰ পৰা ওলাই আহিলোঁ । 

'পাপু পাণ ভাণ্ডাৰ' অলপ আঁতৰত । পাণ দোকানখনলৈ গৈ ভাবিলো বহি থকা ল'ৰাটো নিশ্চয় পাপু । অলপো সময় নষ্ট নকৰাকৈ ক'লো - পাপু এটা পাণ দিয়া । আৰু লৰাজনেও পাণ বনোৱাত ব্যস্ত হৈ পৰিল । মই আকৌ সুধিলো - পাপু চিঞৰি থকা এই দুৰ্ভগীয়া মহিলাগৰাকী কোন ? কিয় এনে আৰ্তচিৎকাৰ কৰে ? পাপুৱে অতি নম্ৰভাৱে কলে - দাদা এইটো বৰ দুখ লগা কাহিনী । কেনেকৈ ক'ম ? মই অলপ জোৰ দি সুধিলো - অলপ কোৱাচোন ?
                নাম তাইৰ মণিমালা । তেতিয়া তাইৰ বয়স ১৭/১৮ বছৰ । এগৰাকী ৰূপে-গুনে যৌৱনা গাভৰু । যেন বাৰিষাৰ প্ৰচণ্ড ধুমুহা তাইৰ দেহত । আজিৰ পৰা প্ৰায় দহ বছৰ আগতে কোলাত এটি কেঁচুৱা লৈ আহিছিল কাম বিচাৰি । মণিমালাক দেখিলে এনে লাগে ক'ৰবাত আশ্ৰয় বিচাৰিলেই যেন পৃথিৱীখনে তাইক গিলিব খোজে । তথাপি ভয় শংকাৰেই মণিমালাই ভোগৰাজ ৰেষ্টুৰেণ্টত কিবা এটা কাম কৰি এক নিৰাপদ আশ্ৰয় বিচাৰিলে । আৰু ভোগৰাজতে বাচন ধোৱা কাম এটা দিলে মেনেজাৰজনে । 
           মণিমালাই পিছদিনাৰ পৰা ৰেষ্টুৰেন্টৰ বাচন-বৰ্ত্তন ধোৱা কামত ব্যস্ত হৈ পৰিল । এনেকৈ তাই পুনৰ পেটৰ ভাতমুঠি উলিয়ালে আৰু কেঁচুৱাটিক ডাঙৰ-দীঘল কৰিবলৈ ল'লে । মণিমালাৰ দেহত আছিল যৌৱনৰ কমনীয়তা । এই কমনীয়তাৰেই আকৌ বলি হ'ল মণিমালা । দুটা বছৰ কাম কৰাৰ পিছতে এদিন ৰেষ্টুৰেণ্টৰ কাৰিকৰ ৰঘুৰ লগত মণিমালাৰ বিয়া হৈছিল । ৰঘুৰ লগ-বন্ধুৱে ৰং-ধেমালিৰে বিয়া পাতি দিলে । এক সুখৰ সংসাৰ । মণিমালাই যেন হেঙুলী সূৰুযৰ নতুন পোহৰ দেখিছে । এদিন দুদিনকৈ সময় আগবাঢ়িল । বিয়াৰ তিনিটা বছৰত দুটা সন্তানৰ মাতৃ হৈছিল মণিমালা । অবৈধ সন্তানৰ মাতৃ হৈ এদিন ঘৰৰ পৰা নিৰ্বাসন ল'বলগা হৈছিল । গাঁওৰে ধনী মহাজনৰ পুতেক দীপুৱে তাই নিঠৰুৱা কৰিছিল । জীৱনলৈ অন্ধকাৰ নমাই আনিছিল !! সেই নিদাৰুণ কথাবোৰ তাই পাহৰি পেলাবলৈ‌ যত্ন কৰিছিল । 
               মানুহৰ ভাগ্যচক্ৰ সময়ৰ লগে লগে গতি কৰে । মণিমালাই বেছিদিন সুখৰ ভাত খাবলৈ নাপালে । যি দুটা দিন তাইৰ মুখত অলপ হাঁহিৰ ৰেঙনি ফুলিছিল সেয়াও ক্ষন্তেকীয়া হ'ল । মণিমালাৰ ভৰামুখ পূৰ্ণিমাৰ জোনটিৰ দৰে,এই ৰূপে তাইৰ জীৱন যেন অন্ধকাৰ । কথাই কথাই লাগি গ'ল মণিমালাৰ গিৰিয়েক ৰঘুৰ লগত কেইজনমান বন্ধুৰ তৰ্কযুদ্ধ । বন্ধু কেইজনে মদ-পানী খাই মাৰপিট কৰে ৰঘুক । প্ৰচণ্ড মাৰ খাই বিষালি হোৱাৰ পিছত শৰীৰটো ইকাতি সিকাটি কৰিব নোৱাৰা হ'ল । দিনক দিনে ৰঘুৰ অৱস্থা বেয়া হৈ পৰিল আৰু ৰেষ্টুৰেণ্টৰ কামৰ পৰাও সিহঁতক উলিয়াই দিলে মেনেজাৰে । কিছু দিন পিচত ৰঘুৱে তেজেৰে বমি কৰিবলৈ ধৰিলে । নানা দুৰ্যোগৰ মুখামুখি হৈ মণিমালাই ইঘৰ সিঘৰত কাম কৰিবলৈ ল'লে । দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি সন্ধিয়া ঘৰলৈ উভতি আহি মণিমালাই গিৰিয়েক ৰঘুৰ আলপৈচান ধৰে কিন্তু সেইদিনা বিচনাত পৰি ৰঘুয়ে এষাৰো মাত দিয়া নাই । ৰঘুৰ বাহুত ধৰি জোকাৰি জোকাৰি তাই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে । তাৰ মানে মণিমালাক এৰি ৰঘুৱে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে আৰু মণিমালাই মচি পেলালে শিৰৰ সেন্দুৰ । 
             ঘোৰ অমানিশা । মণিমালাই একোকে ভাবিব পৰা নাই । যেন চাৰিওফালে অন্ধকাৰ,জীয়াই থাকিবলৈ অলপো পোহৰ নাই । চুলি মেলি তাই নাচিব ধৰিলে । সকলোৰে বাবে অস্বাভাৱিক খং,তাই মাজে মাজে ফেকুৰি কান্দে আৰু বিকৎ চিঞৰ ! তিনিটাকৈ কন্যা সন্তান এক গধুৰ দায়িত্ব । উপায়হীন তাই । ডাঙৰ দুজনী মায়া আৰু ছায়া পাত গাভৰু হৈ পৰিছে,দুয়োৰে ভীষন আপত্তি যদিও মেনেজাৰে ৰেষ্টুৰেণ্টৰ বাচন-বৰ্ত্তন ধোৱাৰ কামত নিয়োগ কৰিলে । লাহে লাহে গাভৰু হৈ অহা মায়া আৰু ছায়াৰ ওপৰতো পুনৰ ভোগবিলাসী  এই হিংস্ৰ দানৱৰ চকু....!
          এটি কেঁচুৱা লৈ মণিমালাই পথে পথে ভিক্ষা মাগি ফুৰে । তাই কোনো মানুহৰ ফালে সততে নাচায় । কাকো মাতবোল নকৰে । ৰঘুৰ মৃত্যুৰ দুবছৰ পিছত মণিমালাই আৰু দুটা সন্তান জন্ম দিছে । এই দুই সন্তানৰ পিতৃৰ পৰিচয় বিছাৰি মণিমালাই কাৰো ওচৰত হাঁহাকাৰো কৰা নাই । হয়তো মণিমালাৰ সন্মুখত আজি হাজাৰটা প্ৰশ্ন । সেই প্ৰশ্নৰ উত্তৰো কাৰো হাতত নাই । নিঃসহায়তাৰ সুযোগ লৈ মানুহবোৰ কেনেকৈ পিশাচ হয় ? যি পৈশাচিক আনন্দৰ সাক্ষী হৈ আছে মণিমালাৰ সন্তান কেইটা । সেই অবৈধ সন্তানকেইটাৰ দায়িত্ব কোনে ল'ব ? এনেকুৱা হাজাৰজনী মণিমালাই কৰিলেও সমাজে উত্তৰ দিব নোৱাৰে । 
            পাপুৱে এটি দীঘলীয়া নিশ্বাস এৰি মোৰ ফালে চালে । ইমান পৰে টেবুলত ভেজা দি কথাবোৰ শুনিলো । আৰু পাপুক কলো - মণিমালাৰ এই অৱস্থাটোৰ বাবে মূলতে আমাৰ মুখাপিন্ধা ভদ্ৰ সমাজখন দায়ী নহয়নে ? সি কলে - "হয় । কিন্তু কি কৰিব আজিৰ মানুহৰ সমাজখন পশু-পক্ষীৰ আচৰনতকৈ অধম হৈছে । আজিৰ এই মানব সমাজত এনেকুৱা হাজাৰজনী মণিমালা আছে যাৰ উত্তৰ আজিৰ সমাজে দিব নোৱাৰে ।" পাপুৰ কথাই মোক ভাবিবলৈ বাধ্য কৰালে । মই মৌন হৈ ৰ'লো । জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ সুবাদত লজ্জাত মোৰ শিৰনত হৈ গ'ল ।।


Name- Pulakesh Kalita
          Branch- Electrical Engineering           
           
               Nalbari Polytechnic


অজানিতে ভাগি গ'ল মোৰ বুকুৰ ঘৰ

খোলা খিৰিকীখনেৰে সোমাই অহা আবতৰীয়া বতাহজাকে নুমুৱাই থৈ গ'ল জ্বলি থকা মমডাল। যি অকণমান পোহৰ কোঠাটোত সিঁচৰতি হৈ আছিল, তাতো এতিয়া আন্ধাৰৰ ৰাজ। জ্বলি থাকোঁতে মমডালে এটা প্ৰতিশ্ৰুতি দিছিল পুৰি শেষ নোহোৱালৈকে পোহৰ দিয়াৰ । নিষ্ঠুৰ বতাহজাকে ভংগ কৰিলে সেই প্রতিশ্রুতি। যিটো সঁচা আছিল নে মিছা মই নাজানো, কাক দোষ দিম? সেই বতাহজাকক , খিৰিকীখন খুলি ৰখাৰ বাবে নিজকে, নে বতাহজাকৰ অজুহাতত মোক এন্ধাৰত এৰি থৈ যোৱা  মমডালক ?

           আকাশে অকলশৰে একান্ত মনোযোগেৰে নিজৰ পাঠ পঢ়ি আছিল। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ ছাত্ৰ আকাশ। ৰাতি তেতিয়া প্ৰায় আঠ মান বাজিছিল। আকাশে পঢ়ি থকা সময়তে তাৰ ম'বাইলৰ মৃদু অথচ আৱেগিক সুৰৰ ৰিংটনটো বাজি উঠিছিল। ৰিচিভ কৰিলে যদিও কোনো সঁহাৰি নাপালে। কিছু সময় পিছত আকৌ ম'বাইলটো বাজি উঠিল। 
ৰিচিভ কৰাৰ পিছত—

: হেল্ল' আকাশ

: হয়, কোনে কৈছে

: মই প্রিয়া......
...........
.....
..

 অচিনাকিৰ পিছত চিনাকি, এনেদৰে দুয়ো বন্ধুত্বৰ কবলত বন্দী হৈছিল। দুয়ো দুয়োৰে লগত ফোনযোগেৰে আলাপ কৰে। প্রিয়া উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী।

            দিন যোৱাৰ লগে লগে সময়ৰো পৰিৱৰ্তন। আকাশ আৰু প্ৰিয়া দুয়ো দুয়োকে অন্তৰেৰে ভাল পায়, কিন্তু কোনেও কাকো খুলি কোৱাৰ সাহস গোটাব পৰা নাছিল। কেৱল বন্ধুত্বৰ কথাহে পাতিছিল। ইতিমধ্যে আকাশৰ বন্ধুবৰ্গ আৰু প্ৰিয়াৰ বান্ধৱীসকলৰ মাজত দুয়োৰে মাজত থকা সম্পৰ্কৰ কথা জনাজাত হৈছিল যদিও অকাশ আৰু প্ৰিয়াৰ মাজত খোলা-খুলি হোৱা নাছিল। প্ৰিয়াৰ ঘৰৰ সকলো মানুহে আকাশৰ লগত বন্ধুত্ব থকাটো জানিব পাৰিছিল। দুয়ো দুয়োৰে লগত যদি এদিন কথা পাতিব নোৱাৰে তেতিয়া এটা যুগ পাৰ হৈ যোৱাযেন অনুভৱ কৰিছিল । দুয়ো দুয়োৰে অবিহনে জীয়াই থকাটো কঠিন হৈ পৰিছিল।

            সময়ে কয় ইতিহাসৰ কথা, সময়ে দিয়ে ভৱিষ্যতৰ বতৰা, সময়ে দিলে সময়ৰ বতৰা। এদিন দুয়োৰে আশাৰ পদুমপাহি ফুলিল। আকাশে দিলে প্ৰিয়াক ভালপোৱাৰ প্ৰস্তাৱ প্রিয়াই আনন্দতে দুহাত মেলি আঁকোৱালি ল'লে। যেন ব'হাগ মাহৰ প্ৰথমজাক বৰষুণ। এজনে আনজনক এৰি চলিব নোৱাৰা হ'ল। দুয়োয়ে এতিয়াও ফোনৰ যোগেৰে প্রেমালাপ কৰে।

       সময় পলাশ, নাহৰ ফুলাৰ বাটে-পথে ফুলিব ধৰিলে । মৰমৰ ফুল ফুলিল হৃদয় বাগিচাত।  আকাশে প্ৰিয়াক দূগুণ উৎসাহেৰে ভাল পাব ধৰিলে।দুয়ো দুয়োকে হেৰুৱাব নুখুজে। সময়বোৰ এনেদৰে গৈ আছে। চাওঁতে এদিন প্ৰিয়াৰ জন্মদিন আহিল, কথাটো আকাশে জানে, কিন্তু কি হ'ব 'ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । প্ৰিয়াৰ জন্মদিনৰ দিনা আকাশ যোৱাটো দুৰৰে কথা, সি ফোন কৰিও ফোন নাপালে, সি বার্তা পঠিয়ায়ো বিফল হ'ল । দিনটো পাৰ হৈ গৈছে, কোনো সঁহাৰি নাই। ৰাতি আকাশে আকৌ ফোন কৰিলে, কিন্তু  এইবাৰ ফোন ৰিচিভ কৰিলে প্ৰিয়াৰ মাকে। লগে লগে আকাশৰ গোটেই দেহৰ মাজেৰে এটা বিজুলীৰ সোঁত পাৰ হৈ যোৱা যেন লাগিল। তাৰ পিছত প্ৰিয়াৰ কথা সোধাৰ লগে লগে মাকে ফোনটো কাটি দিলে। পিছত সি জানিব পাৰিলে যে তাইৰ জন্মদিনৰ দিনা ম'বাইল ফোনটো তাইক দিয়া নাছিল। যাতে তাই  আকাশৰ লগত কোনো সংযোগ ৰাখিব নোৱাৰে ।  আকাশৰ আশাত চেঁচা পানী পৰিলে। প্ৰিয়াৰ জন্মদিনত দিবলৈ অনা উপহাৰবোৰ আকাশৰ ৰুমৰ চুকতে পৰি থাকিল।

         প্রিয়াই আকাশৰ অবিহনে চলিব নোৱাৰা হ'ল। আনফালে সম্পূর্ণ বিপৰীত তাইৰ ঘৰৰ মানুহে আকাশৰ নাম শুনিব নোৱাৰা হ'ল। তথাপি দুয়োৰে মাজত সু-সম্বন্ধ চলি থাকিল। 
কেতিয়াবা হেৰাই যায় সুখৰ মালিতাবোৰ ? আনন্দৰ চিঞৰবোৰ ,দুখৰ পাহাৰত খুন্দা খাই প্ৰতিধ্বনি হৈ উঠে বাৰে বাৰে। সময় চাগে এনেকুৱাই । যিয়ে মাথোঁ পৰিৱৰ্তন ঘটায় ইয়াৰ গতিশীলতাই পৰিবর্তন আনে। কথাষাৰ শুনিয়েই আকাশ বজ্ৰপাত পৰা মানুহৰ দৰে হ'ল। বিনা মেঘে বজ্রপাত হোৱা কাক কয় আকাশে আজিহে জানিলে । ঘৰৰ মানুহে প্ৰিয়াক বিয়া দিবৰ বাবে আন এজন ল'ৰা ঠিক কৰিছে।

         আকাশৰ চকুত যেন নাই আগৰ আৱেগময় চাৱনি, নাই ওঠৰ হাঁহি আছে মাথোঁ তাৰ পৰিৱর্তে এখন ক'লা পৰা মুখ, শেঁতা পৰা শৰীৰ। আকাশ এতিয়া দিনে-নিশাই চিন্তাত মগ্ন। প্ৰিয়াৰ লগত কোনো সংযোগ নাই, অনবৰতে সি কোঠাৰ ভিতৰত সোমাই থাক। বন্ধুবৰ্গৰ সৈতে আড্ডা নামাৰে বেছিকৈ কাৰো লগত কথা নাপাতে।

কিছুদিন পিছত (বিয়াৰ আগত) আকাশলৈ প্ৰিয়াই ফোন কৰিলে আৰু খবৰ সুধিলে, আকাশে প্রত্যুত্তৰ দিলে ,-
" প্রিয়া, প্ৰেম সহজ, তাতকৈ সহজ প্ৰেমত পৰি নিজৰ জীৱনটো ধ্বংস কৰা ,সহজ কামবোৰ স্থায়ী নহয়। সঁচা ভালপোৱাত নিস্বার্থ প্রেম থকা হেতুকে তাক টকা-প‌ইছাৰে জুখিব নোৱাৰি। যদিও জীৱনৰ লগত টকা জড়িত হৈ থাকে" 

কথাখিনি শুনি প্রিয়াই উচুপি উচুপি কান্দিবলৈ ধৰিলে। কান্দোনৰ মাজত প্রিয়াই আকাশক  "মোক ক্ষমা কৰা আকাশ, মোক ক্ষমা কৰা" এইবুলি কৈ প্রিয়াই ফোন কাটি দিলে।

         প্রিয়া আহিছিল আকাশৰ জীৱনলৈ এজাক ধুমুহা হৈ, যি পলকতে সকলো ভাঙি-ছিঙি চুৰমাৰ কৰি থৈ গ'ল।


ধৃদীপ পাঠক 
ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ,চতুৰ্থ ষান্মাসিক
  ব‌ঙাইগাওঁ পলিটেকনিক, বঙাইগাঁও








  বিষাদৰ আশা

পুৱাৰ চাহকাপ হাতত লৈ মাইনী বাৰাণ্ডাত থকা হেলনীয়া চকীখনতে বহিলে। মাইনা যদিও চহৰখনত অকলশৰীয়া মালিকনী আইতাৰ লগত কিন্তু তাইৰ এক বেলেগ ধৰণৰ সম্পৰ্ক। কেতিয়াবা মাইনীৰ যদি কামৰ পৰা আহি পোৱাত পলম হয় আইতাই বাৰাণ্ডাতে তাই অহালেৈ ৰৈ থাকে। ঘৰৰ পৰা দূৰৈত থাকিও তাই কিন্তু ঘৰৰ সেই পৰিৱেশৰ অভাৱ অনুভৱ কৰা নাছিল।
              হঠাৎ ফোনটো বাজি উঠাৰ শব্দ শুনি মাইনীয়ে হাতৰ কাপটো কাষতে থকা টেবুলখনত থৈ ফোনটো তুলি ল'লে। মাকে খৱৰ এটা ল'বলৈ বুলি তাইলৈ ফোন কৰিছিল। কথা পতা হোৱাৰ পিছতে তাই ফেচবুকটো খুলি চালে। এনেতে তাইৰ চকু পৰিল কেইখনমান ফ'টোলৈ। যোৱাকালি অৰ্থাৎ ১৪ মে' তাৰিখে সীমান্ত ফুকনৰ বিয়া গ'ল। তেওঁ  সচাঁকৈ সুখীনে ??.....নে সুখী হোৱাৰ অভিনয় মাথো...!! ৭বছৰৰ সম্পৰ্ক এটা ইমান সহজে পাহৰি যাব পাৰিছে তেওঁ, আজিও মাইনীৰ বৰ আচৰিত লাগে কথাটো। সীমান্ত ফুকনৰ মাকে কোৱাৰ দৰে সচাঁকৈয়ে তাই বাৰু তেওঁৰ বাবে উপযুক্ত নহয় নেকি বাৰু....!!
              সীমান্তৰ সৈতে চিনাকী হোৱা সেই সন্ধিয়াটোৰ কথা মনত পৰিল। সাধাৰণ চা-চিনাকী, ঘৰ ক'ত, বৰ্তমান কি কৰি আছা ইত্যাদি ইত্যাদি। তাৰ পিছত ফেচবুকলৈ আহিল, তাতে তেওঁলোকে ইটোৱে সিটোৰ ফোন নম্বৰ ল'লে। খুব কম সময়তে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। সময় যিমানে আগ বাঢ়িছে তেওঁলোকৰ সম্পৰ্ক গভীৰ হৈ পৰিছিল। ইজনে আনজনৰ পৰিপূৰক স্বৰূপ হৈ পৰিছিল। সদায় একেলগত থকাৰ বিশ্বাস,আস্থা,
 মৰম,ভালপোৱাই মাইনীক সীমান্তৰ প্ৰতি আকৰ্ষিত কৰিছিল। কিন্তু যিমানে সময় পাৰ হৈ গৈছিল সম্পৰ্কটোৰ শিকলিডাল যেন শিথিল হৈ পৰিছিল।
 মাইনীয়ে ভাবিছিল কৰ্ম ব্যস্ততা,বয়সীয়াল মাক-
  বাপেক আৰু পৰিয়ালৰ দায়িত্ববোধৰ চাপে যেন সীমান্তক হেচিঁ ধৰিছে। তাৰ ফোন,মেছেজ লাহে লাহে কমি আহিছিল। মাত্ৰ সৌজন্যতাৰ খাতিৰত মাজতে কেতিয়াবা ফোন কৰিছিল। তাৰ পিছতো মাইনীয়ে বহুদিন ধৈৰ্য্য ধৰিছিল। তেওঁৰ এনে ব্যবহাৰত তাই ভাঙি পৰিছিল আৰু তেওঁক সুধিছিল-
  : হঠাৎ ইমান পৰিবৰ্তন কিয় সীমান্ত....?? কি হৈছে নো তোমাৰ....??
  : আগতকৈ ব্যস্ততাবোৰ বাঢ়ি গৈছে সেইবাবে।
  : সচাঁই ব্যস্ততা নে অন্য কিবা কথা....??
  : মাইনী সচাঁ কথা ক'বলৈ গ'লে ঘৰৰপৰা মোৰ         
    বাবে  বিয়াৰ যো-জা চলাইছে। 
  : বাঃ ইমান ভাল খৱৰ মোক জনোৱা নাই যে?? কেতিয়া আহিব তোমাৰ মা-দেউতা আমাৰ ঘৰলৈ ??
 ....উফ্‌ তুমিও যে কি মানুহ মোক  জনোৱাই নাই ইমান ডাঙৰ কথাটো। ঘৰত যে কিমান যো-জা চলাবলৈ আছে। মই আজিয়ে জনাম বাৰু ঘৰত কথাটো। কথাটো শুনিলে মায়ে খুব ভাল পাব নহয়নে সীমান্ত....??
  : উম্‌....
  : কি হ'ল সীমান্ত তুমি যেন সুখী নহয় আমাৰ এই সম্পৰ্কটোক লৈ....!!
  : সুখী হ'লো হৈ যদিহে আমাৰ সম্পৰ্কটোক মোৰ ঘৰখনে গ্ৰহণ কৰিলে হয়....!!
  : তুমি ক'ব কি বিচাৰিছা সীমান্ত?? কথাবোৰ ভালদৰে খুলি কোৱাচোন??
  : মাইনী মই ঘৰত বহুত বুজালো তোমাৰ কথা কিন্তু নোৱাৰিলো। তুমি হেনো নিচ্চ জাতিৰ ছোৱালী। সেইবাবে তোমাক আমাৰ ঘৰখনে গ্ৰহণ কৰিব নোৱাৰে। তোমালোকৰ ঘৰখনৰ লগত সম্পৰ্ক গঢ়িলে হেনো আমাক সমাজে হাঁহিব। 
          সীমান্ত ঘৰৰ একমাত্ৰ ল'ৰা হোৱা বাবে মাক-দেউতাকৰ অমতত যাব নোৱাৰিলে। হঠাৎ অহা ধুমুহাজাকে যেন মাইনীৰ সপোনৰ বালিঘৰ তচ্‌নচ্‌ কৰি থৈ গ'ল। তাই চকুৰে ধোৱ কোৱা দেখিলে। আস কি সহজ ভাবে কৈ দিব পাৰিছে নিচ্চ জাতিৰ বুলি!!!চকুৰ পানীৰে তাই বাট নেদেখা হৈ পৰিছিল। সেইদিনা মাইনীয়ে হিয়া উজাৰি কান্দিছিল, তাইৰ যেন মানুহৰ ওপৰত বিশ্বাস হেৰাই গৈছিল। তাই অকলশৰে থাকি ভালপোৱা হৈছিল, সকলো মানুহকে সীমান্তৰ দৰেই লগা হৈছিল যেন সকলো এজন এজন সুদক্ষ খেলুৱৈ, হৃদয় লৈ খেলা খেলখনত যেন সকলো চেম্পীয়ন....!!! মাইনীয়ে সকলোতে ব্লক কৰি দিছিল সীমান্তক। তাই ৰাখিব নোখোজে কোনো ধৰণৰ সম্পৰ্ক এনে মানসিকতাৰ ব্যক্তিৰ সৈতে। সময়ৰ গতিত যেন মাইনীৰ মনৰ ঘা টুকুৰা কমি আহিছিল। নগাঁৱৰ পৰা আহি তাই গুৱাহাটীৰ এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিবলৈ ল'লে। দৈনন্দিন কামৰ হেচাঁত কেনেকৈনো দিনবোৰ বাগৰিল তাই গমকে নাপালে। মাইনী পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল। খুলি দিছিল তাই ফেচবুক,হোৱাটছাপৰ ব্লক। এদিনাখন সীমান্ত ফুকনে মেচেনজাৰত তেওঁৰ বিয়াৰ কাৰ্ড পঠিয়াইছিল আৰু সপৰিয়ালক বিয়ালৈ নিমন্ত্ৰণ কৰিলে। তাইয়ো সীমান্তক যাম বুলি কৈ থলে। মাইনীয়ে বুজি পোৱা নাছিল সীমান্তই সেয়া বিয়ালৈ নিমন্ত্ৰণ কৰিছিল নে তাইৰ শুকোৱা আঘাতত পুনৰ খুচৰি দিলে। দুচকুৰে চকুপানী নিগৰি আহিছিল তাইৰ। কিছু সময় পিছত তাই চকু পানীবোৰ মচি নিজকে স্থিৰ কৰিছিল। সময়বোৰ বৰ শক্তিশালী, যিজনী ছোৱালীয়ে সীমান্তৰ মুখত অন্য এজনী ছোৱালীৰ কথা শুনিলে খঙত মুখখন ওফন্দি উঠে,
 সেইজনী মাইনীৰ আজি অকণো বেয়া লগা নাই সীমান্তক অন্য এজনীৰ হোৱা দেখি। 
         বাইদেউ......অ' বাইদেউ....বাহিৰত ৰৈ থকা কোৰিয়াৰৰ ল'ৰাজনৰ মাতত মাইনী বৰ্তমানলৈ উভতি আহিল। ল'ৰাজনৰপৰা বস্তুটো লৈ তাই টেবুল খনতে থ'লে। মাইনীয়ে পুনৰ ফোনটো হাতত তুলি লৈ সীমান্তই দিয়া ফ'টোখনত কমেণ্ট কৰিলে,"যুগ্ম জীৱনৰ  বহুত বহুত শুভেচ্ছা থাকিল। উচ্চ মৰ্যদাৰ বোৱৰীজনীৰে যেন তোমালোকৰ সংসাৰখন সুখৰ
 হয় তাৰে আশা কৰিলো।...btw congratulation!!"
           ফোনটো আৰু চাহৰ কাপটো হাতত লৈ তাই পাকঘৰত সোমাই আহিল। ফোনটো চাৰ্জ হ'বলৈ দি তাই মালিকনী আইতাৰ ৰুমলৈ আগবাঢ়িল। আইতা......অ' আইতা......

       মৌমিতা কলিতা
        বৈদ্যুতিন আৰু দূৰসংযোগ বিভাগ
       দ্বিতীয় ষান্মাষিক
    অসম অভিযান্ত্ৰিক মহাবিদ্যালয়


       **************  **************  **************  **************                                    

অজানিতে ভাগি গ'ল মোৰ বুকুৰ ঘৰ


খোলা খিৰিকীখনেৰে সোমাই অহা আবতৰীয়া বতাহজাকে নুমুৱাই থৈ গ'ল জ্বলি থকা মমডাল। যি অকণমান পোহৰ কোঠাটোত সিঁচৰতি হৈ আছিল, তাতো এতিয়া আন্ধাৰৰ ৰাজ। জ্বলি থাকোঁতে মমডালে এটা প্ৰতিশ্ৰুতি দিছিল পুৰি শেষ নোহোৱালৈকে পোহৰ দিয়াৰ । নিষ্ঠুৰ বতাহজাকে ভংগ কৰিলে সেই প্রতিশ্রুতি। যিটো সঁচা আছিল নে মিছা মই নাজানো, কাক দোষ দিম? সেই বতাহজাকক, খিৰিকীখন খুলি ৰখাৰ বাবে নিজকে, নে বতাহজাকৰ অজুহাতত মোক এন্ধাৰত এৰি থৈ যোৱা  মমডালক ?

           আকাশ অকলশৰে একান্ত মনোযোগেৰে নিজৰে পাঠ পঢ়ি আছিল। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ ছাত্ৰ আকাশ। ৰাতি তেতিয়া আঠ মান বাজিছিল। আকাশে পঢ়ি থকা সময়তে তাৰ ম'বাইলৰ মৃদু অথচ আৱেগিক সুৰৰ ৰিংটনটো বাজি উঠিছিল। ৰিচিভ কৰিলে যদিও কোনো সঁহাৰি নাপালে। কিছু সময় পিছত আকৌ ম'বাইলটো বাজি উঠিল। ৰিচিভ কৰাৰ পিছত—

: হেল্ল' আকাশ

: হয়, কোনে কৈছে

: মই প্রিয়া...... অচিনাকিৰ পিছত চিনাকি, এনেদৰে দুয়ো বন্ধুত্বৰ কবলত বন্দী হৈছিল। দুয়ো দুয়োৰে ফোনৰ যোগেৰে আলাপ কৰে। প্রিয়া উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী।

            দিন যোৱাৰ লগে লগে সময়ৰো পৰিৱৰ্তন। আকাশ আৰু প্ৰিয়া দুয়ো দুয়োকে অন্তৰেৰে ভাল পায়, কিন্তু কোনেও কাকো খুলি কোৱাৰ সাহস গোটাব পৰা নাছিল। কেৱল বন্ধুত্বৰ কথাহে পাতিছিল। ইতিমধ্যে আকাশৰ বন্ধুবৰ্গ আৰু প্ৰিয়াৰ বান্ধৱীসকলৰ মাজত দুয়োৰে মাজত থকা সম্বন্ধৰ কথা জনাজাত হৈছিল যদিও অকাশ আৰু প্ৰিয়াৰ মাজত খোলা-খুলি হোৱা নাছিল। প্ৰিয়াৰ ঘৰৰ সকলো মানুহে আকাশৰ লগত বন্ধুত্ব থকাটো জানিব পাৰিছিল। দুয়োৰে যদি এদিন কথা পাতিব নোৱাৰিছিল এটা যুগ যেন হৈ পৰিছিল। দুয়ো দুয়োৰে অবিহনে জীয়াই থকাটো কঠিন হৈ পৰিছিল।

            সময়ে কয় ইতিহাসৰ কথা, সময়ে দিয়ে ভৱিষ্যতৰ বতৰা, সময়ে দিলে সময়ৰ বতৰা। এদিন দুয়োৰে আশাৰ পদুমপাহি ফুলিল। আকাশে দিলে প্ৰিয়াক ভালপোৱাৰ প্ৰস্তাৱ প্রিয়াই আনন্দতে দুহাত মেলি আঁকোৱালি ল'লে। যেন ব'হাগ মাহৰ প্ৰথমজাক বৰষুণ। এজনে আনজনক এৰি চলিব নোৱাৰা হ'ল। দুয়ো ফোনৰ যোগেৰে প্রেমালাপ কৰে।

       সময় পলাশ, নাহৰ ফুলাৰ বাটে-পথে ফুলিব ধৰিলে মৰমৰ ফুল হৃদয় বাগিচাত। আকাশে প্ৰিয়াক গুণ উৎসাহেৰে ভাল পাব ধৰিলে।দুয়ো দুয়োকে হেৰুৱাব নুখুজে। সময়বোৰ এনেদৰে গৈ আছে। চাওঁতে এদিন প্ৰিয়াৰ জন্মদিন আহিল, কথাটো আকাশে জানে, কিন্তু কি হ'ব 'ভবা কথা নহয় সিদ্ধি বাটত আছে কলা বিধি'। প্ৰিয়াৰ জন্মদিনৰ দিনা আকাশ যোৱাটো দুৰৰে কথা, ফোন কৰিও ফোন নাপালে, বার্তা পঠিয়ায়ো বিফল হৈছিল। সময় পাৰ হৈ গৈছে, কোনো সঁহাৰি নাই। ৰাতি আকাশে আকৌ ফোন কৰিলে, কিন্তু ফোন ৰিচিভ কৰিলে মাকে। লগে লগে আকাশৰ গোটেই দেহৰ মাজেৰে এটা বিজুলীৰ সোঁত পাৰ হৈ যোৱা যেন লাগিল। তাৰ পিছত প্ৰিয়াৰ কথা সোধাৰ লগে লগে মাকে ফোনৰ লাইন কাটি দিয়ে। পিছত জানিব পাৰিলে যে তাইৰ জন্মদিনৰ দিনা ম'বাইল ফোনটো তাইক দিয়া নাছিল। এই কাৰণে যে তাই যাতে আকাশৰ লগত কোনো সংযোগ নাৰাখে। আকাশৰ আশাত চেঁচা পানী চালিলে। প্ৰিয়াৰ জন্মদিনত দিবলৈ অনা উপহাৰবোৰ আকাশৰ ৰুমৰ চুকতে পৰি থাকিল।

         প্রিয়াই আকাশৰ অবিহনে চলিব নোৱাৰা হ'ল। আনফালে সম্পূর্ণ বিপৰীত, ঘৰৰ মানুহে আকাশৰ নাম শুনিব নোৱাৰা হ'ল। তথাপি দুয়োৰে সু-সম্বন্ধ চলি থাকিল। কেতিয়াবা হেৰাই যায় সুখৰ মালিতাবোৰ? আনন্দৰ চিঞৰবোৰ,দুখৰ পাহাৰত খুন্দা খাই প্ৰতিধ্বনি হৈ উঠে বাৰে বাৰে। সময় চাগে এনেকুৱাই। যিয়ে মাথোঁ পৰিৱৰ্তন ঘটায় ইয়াৰ গতিশীলতাই পৰিবর্তন আনে। কথাষাৰ শুনিয়েই আকাশ সৰগ পৰা মানুহৰ দৰে হ'ল। বিনা মেঘে বজ্রপাত হোৱা কাক কয় আকাশে আজিহে জানিলে । ঘৰৰ মানুহে প্ৰিয়াক বিয়া দিবৰ বাবে আন এজন ল'ৰা ঠিক কৰিছে।

         আকাশৰ চকুত যেন নাই আগৰ আৱেগময় চাৱনি, নাই ওঠৰ হাঁহি আছে মাথোঁ তাৰ পৰিৱর্তে এখন ক'লা পৰা মুখ, শেঁতা পৰা শৰীৰ। আকাশ এতিয়া দিনে-নিশাই চিন্তাত ব্যস্ত। প্ৰিয়াৰ লগত কোনো সংযোগ নাই, অনবৰতে কোঠাৰ ভিতৰত সোমাই থাকে আকাশৰ মন ভাল নহয়। বন্ধুবৰ্গৰ সৈতে আড্ডা নামাৰে বেছি কথা নকয়।

কিছুদিন পিছত (বিয়াৰ আগত) আকাশলৈ প্ৰিয়াই ফোন কৰিলে আৰু খবৰ সুধিলে, আকাশে প্রত্যুত্তৰ দিলে প্রিয়া, প্ৰেম সহজ, তাতকৈ সহজ প্ৰেমত পৰি নিজৰ জীৱনটো ধ্বংস কৰা ,সহজ কামবোৰ স্থায়ী নহয়। সঁচা ভালপোৱাত নিস্বার্থ প্রেম থকা হেতুকে তাক টকাৰে জুবি নোৱাৰি। যদিও জীৱনৰ লগত টকা জড়িত হৈ থাকে। কথাখিনি শুনি প্রিয়াই উচুপি উচুপি কান্দিবলৈ ধৰিলে। কান্দোনৰ মাজত প্রিয়াই আকাশক কোৱা শুনিবলৈ পালে যে মোক ক্ষমা কৰা আকাশ, মোক ক্ষমা কৰা। এইবুলি কৈ প্রিয়াই ফোন কাটি দিলে।

         প্রিয়া আহিছিল আকাশৰ জীৱনলৈ এজাক ধুমুহা হৈ, যি পলকতে সকলো ভাঙি-ছিঙি চুৰমাৰ কৰি থৈ গ'ল।

ধৃদীপ পাঠক 
ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ,চতুৰ্থ ষান্মাসিক
  ব‌ঙাইগাওঁ পলিটেকনিক, বঙাইগাঁও

             ********     ********     ********     ********     ********




*তুমি পলাশ হোৱা, মই ফাগুন হম...*

              ইউনিভাৰচিটী কেম্পাচৰ হিষ্ট'ৰি ডিপাৰ্টমেন্টৰ সন্মুখৰ ষ্টীলৰ বেঞ্চখনত সি বহি আছিল। ফাগুন মাহ, সন্মুখৰ পলাশডালৰ পৰা সৰি পৰা ফুলেৰে  ৰাস্তাটো ৰঙীণ হৈ আছিল। এনেতে ক্লাছ শেষ কৰি ভূতংকৈ কৰবাৰ পৰা দৌৰি আহি তাৰ ৰচকী পখিলীজনীয়ে পিছফালৰ পৰা দুচকুত সাৱটি ধৰি কলে, " তুমি পলাশ হোৱা, মই তোমাৰ ফাগুন হৈ ৰম জনম জনমলৈ............।"
চকমককৈ সাৰ পাই উঠিল সি। দুপৰ নিশা চিগাৰেটডাল জ্বলাই হুমুনিয়াহ কাঢ়ি কৈ উঠিল, "এৰা চাৰিবছৰ আগতে কাল দুৰ্ঘটনাই শেষ কৰা জীয়া অতীতবোৰচোন  সপোন হৈ নামে ..."
*প্ৰিয়জনৰ হাতত*



প্ৰৱাল বৰুৱা
ব্যৱহাৰিক অভিযান্ত্ৰিক, চতুৰ্থ ষান্মাসিক
বঙাইগাও পলিটেকনিক




বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও
নাম : ধনজিৎ কলিতা
শাখা : ব্যৱহাৰিক অভিযন্তা
কক্ষ : চতুৰ্থ ষান্মাসিক
ৰোল নং : BOP/19/CV/002

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~


***বিষাদৰ এখন চিঠি**


সচাকৈ প্ৰেমৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ সকলো ত্যাগ কৰাৰ সোঁতত, সময়ৰ টৌত এদিন নিজকো প্ৰিয়জনৰ পৰা ত্যাগ কৰিব লগা হয়। সময়ৰ কালচক্ৰৰ প্ৰবল সোতেঁ দুটা নিৰহ আত্মাৰ প্ৰেমৰ  দিশৰ গতি যেন মুহূৰ্ততে দুটা ভাগত বিভক্ত কৰিলে।

দিগন্ত মোৰ বহুত ভাল বন্ধু সি এতিয়া চাকৰি সূত্ৰে চহৰত। গাঁৱৰ পৰা তেওঁৰ কৰ্মশালা কিছু দুৰ হোৱা বাবে তাতে কোৱাটাৰত থাকে যদিও প্ৰত্যেকটো জিৰনিৰ দিনত আমাৰ ঘৰলৈ এপাক হলেও আহে যদিওঁ কৰ্ম ব্যস্ততাৰ বাবে দুবছৰ ধৰি লগ দিক হোৱা নাই।আমি দুই একেলগেই জীৱনৰ প্ৰথম শিক্ষাৰ আৰম্ভণিৰ পাতনি মেলি শেষত গৈ একেলগে জুনিয়ৰ ইন্জিনীয়াৰিংৰ তিনি বছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰি কৰ্ম মুখী জীৱনৰ ফালে গতি কৰিছিলো।দিগন্ত পঢ়া পাতিত চোকা হোৱা বাবে শিক্ষা জীৱন শেষ কৰিয়েই তেওঁ চহৰত থকা প্ৰতিষ্ঠিত নিৰ্মান শিল্প উদ্যোগত এজন কনিষ্ঠ অভিযন্তা হিচাপে যোগ দিয়ে।পিছে মোৰ ফালে হে কিছু অসুবিধাই দেখা দিলে চাকৰিৰ পিছে পিছে দৌৰি ফুৰি অবশেষত ভগবানৰ আশীৰ্বাদত গাওঁ অঞ্চলত নতুনকৈ আৰম্ভ  হোৱা পানীযোগান আচনিৰ অধীনত সহকাৰী অভিযন্তা নিযুক্তি পাওঁ।ন নিযুক্তিৰ খবৰ পাই দিগন্তই ততালিকে আমাৰ ঘৰত ভুতে দেখা দিয়া নিচিনাকৈ ওলাই আহিলে।

দিগন্ত- জেঠাই নব ঘৰত নাই নেকি তাৰ খবৰটো শুনি বহুত আনন্দ লাগিছে।

নব-আছো আছো দিগন্ত বুলি মই বাৰাণ্ডালৈ ওলাই আহিলো।  দিগন্ত ভিতৰলৈ মাতি আনিলো আৰু বহিবলৈ দি আমাৰ কথোপকথন আৰম্ভ কৰিলোঁ।

দিগন্ত - বাকী নব সকলো ঠিকেই চলি আছেনে? স্নেহাৰ খবৰ কেনেকুৱা? সি তোমাৰ এইটো খবৰ পাই টো আনন্দত আত্মহাৰা হৈছে। হবই টো কিয় নহব এতিয়া তহতৰ চিন্তা নাই।একে গাওঁৰ দুজন বন্ধু বান্ধৱী তাতে আকৌ তুমি মোৰ বাল্য বন্ধু  সেই হিচাপে  মোৰ এটি বহুল দাবী আছে তাতে আৰু স্নেহাৰ সৈতে একে কলেজত  উচ্চতৰ মাধ্যমিকৰ প্ৰথম-দ্বিতীয় বৰ্ষৰ শিক্ষা সমাপ্ত কৰিছোঁ।

নব-কি দাবী কৰিছা অ ভাই তই?

দিগন্ত -বন্ধু ভয় নাখাবা মই কোনো উগ্ৰপন্থী নহয় দিয়া হা হা হা। হাৰে বুৰ্বক মই তহতৰ ভাল পোৱাৰ কথাটো হে জানিব বিচাৰিছোঁ। এনতে পাকঘৰৰ পৰা নবৰ মাকে মাত লগাই ওলাই আহিল। 

নিৰ্মলা - দিগন্ত বাবা বহুদিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা তহঁতৰ কথা চলি থাকিব দিয়া আগত চাহ পানী খাই লোৱা।মই তহতৰ কাৰণে ভাতৰ যোগাৰ কৰো। 

দিগন্ত - ঠিক আছে বাৰু খুড়ী তেনে মুহূৰ্ততে নবৰ মাকে গম নোপোৱাকৈ মই নবক ইংগিত দিলো খোৱাৰ পিছতে কিন্ত মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

নব-ঠিক আছে বাৰু। এনতে খোৱা বোৱা শেষ কৰি মই দিগত্ন সুধিলো আজি নদীৰ পাৰলৈ যাও বলা তাতে তোমাক সকলো কম।

দিগন্ত - নদীৰ পাৰত উপস্থিত হৈ এ নবই বিয়াৰ চিঠি এখন মোৰ ফালে আগবঢ়াই দিলে। মই তাৰ এই কান্দ দেখি আচৰিত তাৰ পিছত নবক আকৌ কলো এইবিলাক  চাই মই কি কৰিম প্ৰথমে তহঁতৰ কথাটো কোৱা।

নব-বন্ধু এই চিঠিখনত পঢ়া তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা। 

দিগন্ত -ঠিক আছে বুলি চিঠি খন মেলিয়েই মোৰ চকু অন্ধকাৰত ডুবি গল। সেই খন নবৰ নামত অহা তাৰ প্ৰেমীকা স্নেহাৰ বিয়াৰ চিঠি।
 তোমাৰ লগত স্নেহাই এনেকুৱা বিশ্বাসঘাটকতা কৰিলে নব  মই এতিয়াই তাইক ফোন কৰি ৰবা তাই নিজকে কি বুলি ভাবে।

নব-তই পাগল হৈছা নেকি দিগন্ত পৰিহি তাই ৰভাতলীত কইনা সাজত এজনৰ লগত বিয়াৰ বন্ধনত বান্ধ খাব এতিয়া এইবোৰ নকৰিবা মোৰ শপত দিছোঁ কিন্তু তোমাক।

দিগন্ত - ঠিক আছে পিছে নব কিন্ত এনেকুৱা পৰিস্থিতি কিয় দেখব লগা হল?

নব - আচলতে দোষ টো মোৰেও গাওঁৰ ওচৰৰে হোৱা বাবেই  তিনি বছৰীয়া বন্ধুত্ব চিৰ দিনৰ বাবে হেৰাই যোৱাৰ ভয়ত মনৰ কথা তাইক জনাবই নোৱাৰিলোঁ। তাইক এদিন দেখা নাপালে হোৱা মনৰ উৎকন্ঠা কিয় যে লগ পোৱাৰ মুহুৰ্তত মোৰ প্ৰস্তাৱ নাকচ কৰাৰ ভয় চাৰিওদিশে ঘেৰি ধৰিছিল। তাই ও চাগে মোৰ প্ৰস্তাৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল কিন্ত মোৰ মনে সেই প্ৰস্তাৱ আগবঢ়োৱাৰ সাহসেই গটাব নোৱাৰিলে।অবশেষত এদিন তাইক ফোন কৰিলো আৰু প্ৰত্যাহ্বানৰ সকলো ওজন মূৰৰ ওপৰত সহি মই তাইক ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে নদীৰ পাৰৰ ঘাটত লগ কৰাৰ স্নেহাক প্ৰস্তাৱ আগবঢ়ালো। 

স্নেহা-ঠিক আছে মোৰো তোমাক জনাবলগীয়া  এটি অকল্পনীয় বাৰ্তা আছে।

নব-তাইৰ কথা শুনি মোৰ মনে মই ভাবি থকাতেই বুলি ভাবি মন আনন্দত আত্মহাৰা হৈ  ফাগুনৰ ফাকুৱা বিলাব ধৰিলে অবশেষত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মাক কথাটো জনালো যে বহু দিনীয়া অপেক্ষাৰ অন্তত আজি এজনী ছোৱালীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াম। এনে বুলি নদীৰ ঘাটত গৈ কিছুসময় তাইৰ বাবে বাট চোৱাত তাইক ফোনটো কৰিম বুলিতেই এজনী ৰঙা মেখলা আৰু কলা চাদৰৰে সজ্জিত এজনী মায়া সনা ছোৱালী মোৰ ফালে আগবাঢ়ি অহা দেখা পালো। তাইৰ দীঘল চুলিকোচাৰ সৈতে লাওনি ভৰিৰ খোজৰ হৈতে অত দিনৰে পৰা পৰিচিত বাবে তাইক দেখিয়েই চিনিব পাৰিছিলো। কিন্ত ওচৰ চাপি অহাত তাইৰ হাতত এখন চিঠিৰ খাম মোৰ দৃষ্টি গোচৰ হল যাৰ সৈত মোৰ চিনাকি একেবাৰে অজ্ঞাত আছিল। এনেতে সেই খন খাম তাই মোৰ হাতত তুলি দিলে।

স্নেহা- নব এইখন লোৱা মোৰ বিয়াৰ চিঠি অহা সপ্তাহৰ সোমবাৰে  ৰভাতলীলৈ আহি তোমাৰ একেবাৰে কাষৰ বান্ধবী জনীক আনৰ হাতত সমন্বয়ৰ বন্ধনত আবদ্ধ হোৱাত আশীৰ্বাদ জনাই চিৰদিনৰ বাবে বিদায় দিবা।কি হল নব মোৰ কথাত  তোমাৰ মুখ খন কলা বৰণৰে লিপিত হল যে আৰু চকুত এয়া কিহৰ চকু পানী? তোমাৰ কিবা কথাত অসন্তুষ্টি আছে নেকি?

নব-নাই ও মোৰ নো কি অসন্তুষ্টি থাকিব। এনেকুৱা এটা ভাল খবৰ বাবে আচলতে  চকু পানী ৰখাবই নোবাৰিলোঁ বুলি তাইক মিছা শান্তনা দিলো। হব দিয়া সেইদিনা মই নিশ্চয় দেখা দিম বুলি কামৰ বাহনা দেখুৱাই মোৰ কব লগা কথাটো পিছত কম বুলি দুয়ো ঘৰ মুৱা হলো।

নব-দিগন্ত এইয়াই মোৰ জীৱনৰ হৃদয় বিখণ্ডৰ এটি হৃদয় বিদাৰক কাহিনী।প্ৰতিটো পলতে তাইৰ কথা মোৰ মনৰ পৰা ওলিয়াই দিবলৈ চেষ্টা কৰাৰ পিছতো মোৰ মনে অক্ষম হৈছে।অহা কালি তাইৰ বিয়া এই মুহূৰ্তৰ এটি এটি ক্ষণ কটোৱাত মোৰ আত্মা হিয়া উজাৰি উজাৰি কান্দি উঠিছে। অহা কালি তুমি মোৰ লগত যাব লাগিব মোৰ আত্মাই তাইৰ ৰভাতলীলৈ অকলে যোৱাৰ সাহক গটাব পৰা নাই।
 
দিগন্ত-ঠিক আছে বন্ধু তোমাৰ লগত মই সিহঁতৰ ঘৰত যাম। আমি দুয়ো তাৰ পিছৰ দিনা স্নেহাৰ ৰভাতলীত উপস্থিত হলো।তাৰ সৌন্দৰ্য্য যেন আজি কইনা ৰুপত স্পষ্টভাৱে ফুটি উঠিছে।শেষত আমি তাইৰ ওচৰলৈ গলো।আমাক দিখিয়েই তাই আমাৰ ওচৰলৈ আহি মোক সেইদিনা কব খোজা কথাটো বুলি শুধিলে। 

নব-ঠিক আছে মই জানো তুমাৰ উত্তৰ মই কোৱা কথাখিনিৰ পৰাই পাবা "তোমাক যুগ্ম জীৱনৰ যাত্ৰাৰ প্ৰথম খোজত খোজ মিলাই আগুৱাই যোৱাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো স্নেহা। এই কথা খিনি কোনোমতে প্ৰকাশ কৰি কান্দি কান্দি পুদলিলৈ ওলাই আহিলো । মনৰ কথা মনতে ৰাখি প্ৰেমৰ স্বাৰ্থত তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি স্নেহাক কইনা সাজত মোৰ জীৱনৰ পৰা চিৰ দিনৰ বাবে  বিদায় যাচিলোঁ 

বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও
নাম : ধনজিৎ কলিতা
শাখা : ব্যৱহাৰিক অভিযন্তা
কক্ষ : চতুৰ্থ ষান্মাসিক
ৰোল নং : BOP/19/CV/002


     **********







~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~


পাঠশালাৰ বুকুত প্ৰেমৰ বাৰিষা ।।



       এদিন দুদিনকৈ আজি তিনিটাকৈ বছৰ পাৰ হৈ গ'ল, সময়ৰ সোঁতে সকলোবোৰ এফালৰ পৰা ধুই লৈ গ'ল। কিন্তু স্মৃতিবোৰ ? সময়ৰ লগত মন মন্দাকিনীৰ পাৰত ৰচিযোৱা স্মৃতিবোৰ সময়ৰ প্ৰবাল সোঁতৰ মাজতো ইতিহাস হৈ ৰৈ গ'ল। 
                 তেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিক স্কুল এখনৰ এডমিচন লৈছিলো। আমাৰ গাঁওখন টাউনৰ পৰা অলপ আতৰত গতিকে টিউচনৰ বাবে পাঠশালালৈ যাব লাগে। আচলতে ৰিচিক মই প্ৰথমবাৰৰ বাবে গুৱাহাটীত হে দেখিছিলো। ৰিচি মানে ৰিচিতা মই ৰিচি বুলি মাতো। কাম এটাৰ বাবে গুৱাহাটীলৈ যাব লগিয়া হ'ল। মোৰ বৰমাহঁতৰ ঘৰ গুৱাহাটীতে, কাম শেষ হোৱাত বৰমাহঁতৰ ঘৰলৈ গ'লো বহুদিন যোৱা হোৱা নাই।  মই চান্দমাৰীতে চিটী বাছলৈ ৰৈ আছিলো। বৰষুনৰ বতৰ একেবাৰে ভাল লগা নাছিল। হঠাত কৰোবাৰ পৰা এজনী ছোৱালী আহি মোৰ ওচৰতে থিয় হ'ল। মই মানৱ মূৰ্তি সদৃশ নিৰবে তাইক চাই আছিলো। এনেতে বাছ খনো আহি পালে, কিনকিনিয়া বৰষুন ৰিচি আৰু মই। সেই সময়ত তাৰ বাহিৰে মোৰ দৃষ্টিত একোৱে নাছিল।
                   বাছখন ৰোৱাত তাই গৈ বাছত উঠিল মই হলে সেই মূৰ্তিটো হৈয়ে ৰৈ আছিল হঠাত হেন্দিমেনে……
     হেন্দিমেন: ঐ ভাইটী নাযাবি নেকি ?
                  লৰালৰিকৈ মই গৈ গাড়ীত উঠিলো। ভগৱানৰো যে কি অপাৰ মহিমা, তাই বহা চিটটোৰ ওচৰতে এটা খালী চিটটো থাকিব লাগেনে বাৰু মই হ'লে নবহি দুৱাৰ মুখতে থিয় থাকিলো, তাকে দেখি
                  হেন্দিমেন: ভিতৰত খালী চিট আছে বহগৈ।
                  শেষত গৈ বহিলো, তাই মোৰফালে এবাৰ কেৰাহিকৈ চাই খিৰিকিৰফালে মুখ কৰিলে, মইও ইয়াৰফোন লগাই গান শুনিবলৈ ল'লো। এনেদৰে গৈ গৈ মই বৰমাহঁতৰ ঘৰ পাবলৈ আৰু দহ মিনিত মান আছিল এনেতে তাইৰ ষ্ট'পেজ আহিল। মইও ঘৰ পোৱাত বৰমাহঁতৰ লগৰ কথা পতাত ব্যস্ত। ৰাতি ভাত খাই শুৱলৈ লোৱাত নাজানো কিয় বাৰে বাৰে মোৰ মনটোৱে মোক সেই অচিন ছোৱালীজনীৰ কথাহে মনত পেলাই দিছিল। পিছদিনা মই উভতি আহিলো যিহেতু মোৰ ক্লাচ চলি আছিল আৰু নতুনকৈ টিউচন আৰম্ভ হৈছিল।
                     এনেদৰে কিছুদিন গ'ল, এনেতে এদিন আমাৰ পদার্থ বিজ্ঞানৰ চাৰে ক'লে- এইটো গ্ৰুপত এজনী নতুন ছোৱালী এড্ হব। পিছদিনা ছয় বাজিবলৈ প্ৰায় দহ মিনিট মান আছে ৰুমৰ ভিতৰৰ পৰাই খিৰিকীৰে দেখিলো, লাহেকৈ গেটখন খুলি কোনোবা আহিছে নীলা চুৰিদাৰ পিন্ধা ছোৱালীজনীৰ দীঘল চুলি কোচাই মুখখন ধাকি ৰাখিছে....
                     চুলি কোচাৰ আৰৰ ছোৱালীজনিক দেখিও মাতিবলৈ সাহস নহ'ল, ক্লাছটো শেষ কৰি সদায় বহা আড্ডাত কিছু সময় কটাই ঘৰমুৱা হৈছিলো।
          তিনিদিন মান পিছত মোৰ বন্ধু ৰাহুলে টিউচন শেষৰ পিছত মোক কৈছিল…
          ৰাহুল: ঐ মৃন্ময় বোল আজি এঠাইলৈ ফুৰিব যাঁও
          ( ওহ্ কবলৈয়ে পাহৰিছিলো মই মৃন্ময়, মানে মৃন্ময় দাস)
          মই: এতিয়া নো ক'ত ফুৰিব যাবি ? নেলাগে বোল ঘৰলৈকে যাঁও
          ৰাহুল:  ভাই বোল না
          মই: এই সন্ধিয়াখন তঁই ক'ত ফুৰিব যাৱ ?
          ৰাহুল: তোক আজি এটা চাৰপ্ৰাইজ দিম
          মই: কি চাৰপ্ৰাইজ ?
          ৰাহুল: আহা! মহাশয় কোৱাৰ পিছতো চাৰপ্ৰাইজ চাৰপ্ৰাইজ হৈ থাকিব ন ?
          (তাৰ কথামতে জ্যোতি নগৰৰ পৰা কলেজৰ পথেৰে ৰুপম হোটেল প্ৰৱেশ কৰিলো)
               হোটেলত প্ৰৱেশ কৰিয়ে যি দেখিলো, সঁচাকৈ বহুত ডাঙৰ চাৰপ্ৰাইজ চাগে সেইটো মোৰ জীৱনৰ প্ৰথম ডাঙৰ চাৰপ্ৰাইজ আছিল.....
              এটা ৰাতি যি জনী ছোৱালীৰ ছবিখনে মোৰ মনটোক আমনি কৰি মোক শান্তিৰে শুৱ দিয়া নাছিল সেই বাচ ষ্টেন্দৰ ছোৱালীজনি মোৰ চকুৰ আগত। মনটোক বিশ্বাক দিব পৰা নাছিলো যে সেই বাচ ষ্টেন্দৰ ছোৱালীজনিয়ে এইজনি, মনটোৱে প্ৰতি মূহুৰ্ততে কব বিচাৰিছিল, এয়া যেন মোৰ এক ভুল ধাৰনা। খন্তেকৰ বাবে সেই সকলোবোৰ এক সপোন সপোন যেনহে লাগিছিল। মই যেন এখনি সপোনৰ জগতত বিচৰন কৰি আছিলো। কিন্তু…
              কাষতে থকা ৰাহুলৰ মাতে মোক আকৌ বাস্তৱতাৰ মাজলৈ উভতাই লৈ আহিছিল।
         ৰাহুল: নবহ নেকি ?
              (তিনি নম্বৰ টেবুলতে তাই,তাইৰ বান্ধৱী আৰু আমি দুজন বহিছিলো।)
         ৰাহুলে সকলোকে চিনাকি কৰাত লাগিল
         ৰাহুল: মৃন্ময় এয়া ৰিচি মানে ৰিচিতা আৰু এয়া সকলো সময়তে হাঁহৰ দৰে পেক পেকাই থকা মিনাক্ষী
         মিনাক্ষী: (হথাতে) তুমি বৰ কুলিৰ দৰে কু কু কৰি থাকা
         ৰাহুল: একেবাৰে মিঠা মাত
         ৰাহুল: ৰিচি মিনাক্ষী এয়া মৃন্ময়
         মই: হায় ৰিচি, হায় মিনাক্ষী
         ৰিচিতা মিনাক্ষী: (একে লগে) হায় 
         ৰাহুল: (ৰিচিতা আৰু মিনাক্ষীৰ ফালে চাই মোৰ ফালে ইংগিত দি) ই বেছি কথা নকয় 
         মই: নাই তেনেকুৱা নহয়, আৰু ৰাহুল তঁই যে কি কৱ এইমাত্ৰ আহি পাইছো হে। কথা পাতিবলৈ বহুখিনি সময় আছে।
              লগত প্ৰথম বাৰ কথা পাতি আছিলো। কথাৰ মাজতে,
         মই: ৰাহুল তঁই ইমান ডাঙৰ চাৰপ্ৰাইজ দিবি বুলি ভবা নাছিলো।
         ৰাহুল: তোক এতিয়ালৈ আচল চাৰপ্ৰাইজটো দিয়াই নাই
         মই: তেনেহলে সোনকালে দে আকৌ
         ৰাহুল: ধৈৰ্য্যৰ ফল হেনো বৰ মিঠা। অলপ ধৈৰ্য্য ধৰ
(মনটোও বৰ দুষ্ট ধৈৰ্য্য ধৰিব ক'লে বেছিহে অধৈৰ্য্য হৈ পৰে)
বহু সময়ৰ অন্তত
         ৰাহুল: টো মোৰ চাৰপ্ৰাইজটো হ'ল মই কোনোবাৰ প্ৰেমত পৰিছো
         মই: সেই দুৰ্ভগীয়া জনীনো কোন ?
         ৰাহুল: ৰিচিতা যাৰ ভালপোৱা মোৰ তেজৰ প্ৰতিটো তোপালতে বিলিন হৈ আছে
(কথাষাৰে মোৰ অবেগিক মনত বিষাদৰ ঢৌ তুলি দিছিল)
মনৰ বিষাদতাক মনতে মাৰি
         মই: বাঃ ইমান ডাঙৰ কথা এটা মোক এতিয়ালৈকে জনোৱাই নাছিলি
         ৰাহুল: তোক একেলগে লগ কৰাই জনাম
বুলিয়ে জনোৱা নাছিলো
         মই: তথাপিও এবাৰ কব পাৰিলি হেতেন
         ৰাহুল: বেয়া পালি নেকি ?
         মই: (হাঁহি এটা মাৰি)ধেৎ কি যে কৱ বেয়া আকৌ কিয় পাম ভাল হে লাগিছে, গম পোৱাৰ লগতে লগও পালো
     আৰু কিছু সময় কটাই সিহঁত ঘৰলৈ গ'ল আমিও ঘৰলৈ উভতিলো
          ৰাতি ভাত খাই পঢ়া টেবুলত বহি মোবাইটো পিতিকি থাকোতে এটা অচিন নম্বৰৰ পৰা "হায়" বুলি মেছেজ আহিছিল
          মই: কোন ?
          অচিন ব্যক্তি: আপুনি মৃন্ময় নহয় জানো ?
          মই: হয় পিছে আপুনি নো কোন ?
          অচিন ব্যক্তি: মোক চিনি নাপাব, বহু দূৰ… অচিনা দেশৰ কোনোবা গৰাকী
          মই: সেই চিনি নোপোৱা অচিন দেশ গৰাকী কোন আপুনি ?

 হঠাৎ নম্বৰটোৰ পৰা মেচেজ অহা বন্ধ হৈ গ'ল। কিছুমান নজনা কথা জনাৰ যি হেঁপাহ আছিল সকলো হৃদয়ৰ মাজতে স্তব্ধ হৈ ৰʼল ।

বঙাইগাঁও পলিটেকনিক, বঙাইগাঁও
নাম :জ্যোতিব্ৰত দাস
শাখা : ব্যৱহাৰিক অভিযান্ত্ৰিক
কক্ষ : চতুৰ্থ ষান্মাসিক
ৰোল নং : BOP/19/CV/053

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
       
 লখিমী ... 

         দমকলৰ পাৰত কাটি থোৱা কলপাতৰ আগকেইটাত পানী ছটিয়াই থকাৰ পৰাই সেউতীয়ে বোৱাৰীয়েকক চিঞৰিলে, "বোৱাৰী, যোৱাচোন কানু বোপা শুই উঠাৰ আগেয়ে নিৰলা হঁতৰ ঘৰৰ পৰা ঢাৰি কেইখন লৈ আনাগৈ। আইসকলৰ আহি পাবৰে হৈছে আৰু ।" এখন্তেকো পলম নকৰি তৰা গ'ল আৰু  ঢাৰি কেইখন লৈ তাই উভতিল । আজি তৰাৰ মনতো অলপ পাতল লাগিছে । 
           সৰুতেই দেউতাকক হেৰুওৱা তৰাক মাকে বৰ কষ্টেৰে ডাঙৰ কৰিছিল।একেবাৰতে মেট্ৰিক পাছ কৰা তৰাৰ আৰু পঢ়িবৰ ইচ্ছা আছিল যদিও মাকৰ বাঢ়ি অহা অসুখৰ বাবে তাইৰ কান্ধত ঘৰখনৰ দায়িত্ব আহি পৰিল। গাওঁৰে খুৰাক এজনে চহৰৰ কাপোৰৰ দোকান এখনতে কাম কৰিবলৈ বুলি সোমোৱাই দিছিল তাইক । তেতিয়াই তৰাই চিনাকি হৈছিল বিনোদৰ লগত। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িল আৰু সম্পৰ্ক টোয়ে প্রেমৰ ৰূপ পালে । তৰাৰ মাকেও তাইক বিনোদৰ হাতত গটাই শান্তিৰে চকু মুদিলে । মাকৰ মৃত্যুৰ এবছৰৰ পিছত বিনোদে তৰাক নিজৰ ঘৰলৈ একেবাৰে লৈ আনিলেগৈ । বিনোদৰ মাকেও বৰ আদৰেৰে একমাত্ৰ বোৱাৰী তৰাক আদৰি আনিলে । বোৱাৰী ঘৰ সোমোৱাৰ পিছদিনাই চাৰি দিন আগত হেৰুৱা খীৰতী গাই জনী ঘৰ ওলালেহি । তাৰে আকৌ দুদিন পাছতে অতদিনে বন্দী হৈ থকা তাইৰ বৃদ্ধ  পেঞ্চনৰ টকা কেইটা মুকলি হল। আজলী সেউতীৰ মতে বোৱাৰী জনী লক্ষ্মী স্বৰূপা হোৱাৰে লক্ষণ এইয়া। বোৱাৰীৰ ৰূপত লখিমী ঘৰলৈ আহিছে।  ইফালে অল্পভাষী মৰমিয়াল তৰাইও নিজ ব্যৱহাৰৰ গুণত সকলোৰে মনবোৰ মোহি পেলালে। ঘৰখনৰ মিলাপ্ৰীতি বোৰ দেখি বিনোদে মনতে বৰ সন্তোষ পালে । 
              সিহঁতৰ সুখবোৰ আৰু চাৰিগুন বৃদ্ধি কৰি বিয়াৰ দুবছৰ পাছত সিহঁতৰ জীৱনলৈ আহিল এটি দেৱশিশু । সেউতীৰ মতে সঁচাকৈ লখিমী তাইৰ বোৱাৰী । নাতি টো ভগৱান শ্যামকানুৰে আশীৰ্বাদ। সেয়ে মৰমতে তেওঁ কানু বুলিয়ে নাম দিলে। কিন্তু জন্মৰ লগতে যেন এক অচিন বেমাৰ গাত লৈ জন্ম হৈছিল সেউতীৰ চকুৰ মনি কানুৰ । তজবজীয়া শিশুটি এমাহ মান বয়সৰ পৰা বৰকৈ অসুখীয়া হৈ পৰিল। তাৰ হৈছে কি সেউতী, বিনোদ তৰাই নুবুজিলে । আনহে নালাগে ৰোগটিৰ নামেই চোন মুখত নুফুটিল সিহঁতৰ । ডাক্তৰে কোৱামতে গৰ্ভাৱস্থাৰ পৰাই শিশুটিৰ হৃদপিণ্ডটো দুৰ্বল । যাৰ ফলত অকনমানি তাৰ দেহটোত তেজৰ চলাচল সঠিক মতে হ'ব পৰা নাই। কেইটামান মাহৰ ভিতৰতে হৃদপিণ্ড বিকল হৈ পৰিব বুলি আশংকা কৰিছে তেওঁলোকে। হয়তো কানু আৰু কেইটামান মাহৰ হে আলহী । পৰিয়ালটোৰ মূৰত যেন সৰগ হে ভাঙি পৰিল । শোৱা খোৱা পাহৰি আটাইয়ে চিকিৎসাৰ বাবে টকা যোগাৰ কৰিলে । চহৰৰ ভাল ভাল ডাক্তৰৰ ওচৰলৈ গ'ল । সকলোৱে চিকিৎসাৰ বাবে এবাৰ বিদেশলৈ নিবৰ পৰামৰ্শ দিলে । "সেয়াই হব," বিনোদে সিদ্ধান্ত কৰিলে। 
     সেই দিন ধৰি আজি চাৰিমাহে সি মাথো টকা গোটাইছে। মাটি বাৰী সিহঁতৰ নাছিলেই । যি আছিল সেইয়াও যিমান পাৰি বেচিলে আৰু থকা খিনি বন্ধকীত থলে । নিজৰ সন্তান ৰ দৰে আদৰ কৰা খীৰতী গাই জনীক বেচিবৰ পৰত সেউতীৰ বয়স্ক অন্তৰ খনে হাহাকাৰ কৰি উঠিল । ভৰাঁলৰ ধান, বাৰীৰ তামোল পান বেচি সকলো মিলাই কোনোমতে প্রায় ছয় লাখ টকাৰ যোগাৰ হল। ধাৰ ও লাগিল বহুতৰ ওচৰত । পোনাকনৰ ও বয়স পাঁচ মাহ পুৰ হৈ ছমাহত সোমাল । সেউতীৰ ইচ্ছা যে বিদেশ যোৱাৰ আগেয়ে শ্যামকানুৰ চৰনত শৰাই এখন আগবঢ়াব লাগে । কথা মতেই কাম । সকলো যা যোগাৰ কৰি সেউতীয়ে নিজেই গৈ মাতি আহিলগৈ আইসকলক । আৰু আজিৰ দিনটোতে এভাগ নাম পতাৰ দিহা কৰা হল। ভালে কুশলেই অনুস্থান ভাগ সমাপ্ত হ'ল । আশীৰ্বাদ দি গ'ল সকলোৱে কানুৰ মংগল কামনাৰে । পৰিয়ালটোৰ মনবোৰ মুকলি লাগিল। ইফালে বিদেশলৈ যাবৰ দিনটো ও আহি পালে । কাপোৰ কানি সামৰি সাজু হল সকলোটি। কাইলৈ পুৱাই যাব দুয়োটা। আগতীয়াকৈয়ে স্হানীয় ডাক্তৰ জনে কথা পাতি থিক কৰি দিছে সকলো । গোসাঁই ঘৰত চাকিগছ জলাই সেউতীয়ে বোৱাৰীয়েকক উদ্দেশ্যি ক'লে," ভাল হৈ ঘূৰি অহা লৈকে পোনাকনৰ ছমাহ পূৰ হব । অন্ন প্রশন অনুষ্ঠান টি ডাঙৰ কৈ পাতিব লাগিব।" এৰা, তাইও পেটে পেটে সেয়াই ভাবি থৈছে । সেইদিনা চিকিৎসালয়লৈ যাওঁতে এযোৰ বৰ ধুনীয়া পোছাক কিনি আনি থৈছে পোনাকনৰ বাবে । কৃষ্ণ বৰণৰ এযোৰ পোছাক, লগতে এটি ম'ৰা পাখি। সঁচাই শিশুকালৰ শ্যামকানুৰ যেনেই লাগিব পোনাটিক। তৰাই মনে মনে মিচিকীয়ালে। 
        কিন্তু সেইদিনা  ৰাতি হঠাত পোনাকনে আচৰিত ধৰনে কান্দিবলৈ ধৰিলে । নাই আজি তাই কোনো মতেই নিচুকাব পৰা নাই তাক । উপায় হীন হৈ বিনোদে ডাক্তৰলৈ ফোন লগালে। তেওঁ লগালগ চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিলে । নুমাই যাব ধৰা গোসাঁই ঘৰৰ চাকিগছ সেউতীয়ে পুনৰ জলাই দিলেগৈ। এইবাৰ চাকিগছ বৰ ৰঙাকৈ জলি উঠিল। চিকিৎসালয়ৰ আধা ৰাস্তা মান পাওঁতেই হঠাত পোনাকনৰ কান্দোন বন্ধ হৈ গ'ল। শৰীৰটো ক্ৰমাৎ চেঁচা পৰিব ধৰিলে । বিনোদ আৰু তৰাই এজনে আনজনৰ মুখলৈ চোৱাৰ সাহস কন হেৰুৱাই পেলালে। তেনেতে তৰাই উচুপি কৈ উঠিল,' কানু বোপাৰ ঠাণ্ডা লাগিছে হয়তো, অতপৰে কান্দি কান্দি ভাগৰি শুই পৰিছে।' এইবুলি কৈ তাই আচলেৰে মেৰিয়াই বুকুৰ মাজত সোমোৱাই ল'লে ল'ৰাকনক। চিকিৎসালয় গৈ পোৱাত ডাক্তৰে সেই বাতৰিটো দিলে যাৰ ভয়ে আজি ছমাহে সিহঁতক খেদি ফুৰিছিল । সকলোৰে প্রাৰ্থনা মৰম বোৰক নেওচি গুচি গ'ল কানু এক অজান পৃথিৱীলৈ। বিনোদে সকলোৰে আঁৰ হৈ চকুলো টুকিলে। তৰা ঠাইতে মুচকচ গল। 
          সাৰ পাই উঠিয়ে তৰাই পোনাকনক বিচাৰিলে। তাইৰ কাষতে নিশচুপ হৈ শুই আছিল কনমানি টি। তাই বিনোদক ক'লে, " হেৰা , পোনাকনৰ কান্দোন বন্ধ হ'ল নহয় । সি শুইছে এতিয়া । ব'লা আমিও ঘৰলৈ যাওগৈ। পুৱাই আকৌ উঠিব লাগিবই । ইমান দূৰ যাত্রা। ব'লা ।" জঠৰ দেহটি লৈ তাইৰ পাছে পাছেই আহিল সি। কিবা কোৱাৰ সাহস আজি আৰু তাৰ নাই। বাহিৰত গাড়ী ৰখোৱাৰ শব্দ শুনি দৌৰি আহিল সেউতী । তৰাই মিচিকীয়াই হাঁহি ক'লে, " মা, পোনাকনে ভাল পালে। শুইছে এতিয়া । আপুনি ও শুই থাকক গৈ।" শোৱা ৰূমলৈ সোমাই গ'ল তৰা। তৰা যোৱাৰ পাছত বিনোদে কোনোমতে মাকক সেই দুখৰ খবৰটি দিলে । নাই তাৰ আৰু ধৈৰ্য্য নাই । ঠাইতে বহি পৰিল সি। সেউতীয়ে জোৰ জোৰকৈ কান্দিব ধৰিলে । এই ছমাহে অন্তৰত গোট খাই থকা সকলো দুখ পাৰ ভাঙি বৈ আহিল চকুৰে। কান্দোন শুনি ওচৰ চুবুৰীয়া গোট খালে । হুলস্থূল শুনি তৰা ওলাই আহিল। সকলোৰে চকুত অমায়িক বোৱাৰী জনীয়ে খঙেৰে চিঞৰি ক'লে, " আপোনালোকে হুলস্থূল কিয় কৰিছে ৰাতিখন। পোনাকনৰ টোপনি ভাঙি যাব । মনে মনে থাকক।" কোনোবাই হয়তো কিবা কব খুজিছিল তৰাক , নাই তাই নুশুনিলে। কোনোবাই যদি সেই নকবলগা কথাষাৰ কৈ দিয়ে ! ৰূমলৈ সোমাই গ'ল তৰা। অন্ন প্রশন লৈ বুলি অনা সাজযোৰ পিন্ধাই দিলে কানুক । তাৰ শৱটি কোলাত লৈ উচুপি থাকিয়েই জোৰ জোৰ কৈ নিচুকনি গীত গাব লাগিল তাই , " আমাৰে মইনা শুব এ...", শেষৰ ফালে তাই ফেঁকুৰি উঠিছিল। বিনোদে আৰু চাই থাকিব নোৱাৰিলে। সি হিয়া ভুকুৱাই কান্দিব ধৰিলে । মতা মানুহৰ এনে হিয়াভগা কান্দোন! কেতিয়া পাৰে এজন পুৰুষে এনেকৈ চিঞৰি কান্দিব? হয়তো অন্তৰত জুই জলিলে। এৰা, সেয়াই হৈছে আজি বিনোদৰ লগত। ঘৰখনৰ অৱস্থাটো দেখি খবৰ লব অহা সকলেও এসোঁত কান্দিলে। চকুলো টুকি টুকি য়ে কেইজনমানে সৎকাৰৰ দিহা কৰিলে। কোনো এজনে কাঢ়ি আনিলে কানু ক মাকৰ কোলাৰ পৰা। এইবাৰ যেন বাউলী হৈ পৰিল তৰা, বাৰে বাৰে মূৰ্চ্ছা গৈ ঢলি পৰিছে তাই । কোনেও বুজাব পৰা নাই আজি তৰাক। পোনাকনক লৈ গৈ সিহঁতৰ ঘৰৰ বাৰীৰে এচুকত থলেগৈ। মূৰে কপালে হাত দি বহি থাকিল বিনোদ । সেউতীৰ কান্দোন বন্ধ নোহোৱাই হল । আৰু তৰাই মাথো চিঞৰি থাকিল,"মই মাকজনী থাকোতে ক'লৈ নিছ' মোৰ পোনাকনক। মই জানো সি মোক এৰি মৰিব নোৱাৰে, একো হোৱা নাই তাৰ । ঘুৰাই আন। ৰাতি সাৰপাই সি মোক বিচাৰিব। মোৰ কোলাতহে টোপনি যায় সি।কাইলৈ দূৰৰ ডাক্তৰৰ ওচৰত নিম। মোৰ পোনাকন ভাল হৈ যাব । অহামাহত ধুম ধামেৰে অন্ন প্রশন পাতিম। লৈ আন তাক মোৰ ওচৰলৈ।" 
         আজি পোনাকনে এৰি যোৱা দহোটা দিন হল। ঘৰখনৰ কাৰোৰে ভোক পিয়াহ নোহোৱা হ'ল । তৰাই দিনৰ দিনটো পোনাকনক ৰখা ঠাইখিনিলৈ খিৰিকীৰে চাই আবোল তাবোল বকি থাকে। ৰাইজে কেঁচুৱা ল'ৰাৰ সকাম কাজ আদি নাপাতে বুলিছিল যদিও মনৰ দুখ পাতলাবলৈকে বিনোদে তামোল পান এটাকে কটাৰ দিহা কৰিলে। যাতে পোনাকন য'তে আছে কুশলে থাকক। ৰাইজ আহিল । গাওঁৰ দুগৰাকী মান মহিলাই কৰা আলোচনা বোৰ তৰাৰ কাণত পৰিল," এৰা, যি হয় ভালৰ বাবেই হয়। সেই ৰুগীয়া ল'ৰাটোক লৈ কমখন শাস্তি হৈছিল নে সিহঁতৰ। এতিয়া সেউতীৰ ও বয়স হৈছে। সেউতী জীয়াই থাকোতেই সিহঁতে কথাবোৰ আকৌ নতুনকৈ ভাবিলেহে তাই সুখেৰে চকু মুদিব পাৰিব।" তৰাক ও দুই এগৰাকীয়ে ক'লে, " যোৱা জনক যাবলৈ দে আই। দুখবোৰ সামৰি নতুনকৈ আৰম্ভ কৰ সকলো। সেউতীৰ মানত তই লখিমী। ঘৰখন আকৌ সুখেৰে ভৰাই তোলাৰ চিন্তা কৰ।" তৰাই শিল হৈয়ে শুনি থাকিল সকলোবোৰ। তেওঁলোকৰ কথাৰ অৰ্থ তাই বুজিলে। 
             তৰাৰ মনৰ মাজত গুজৰি উঠিল হাজাৰ টা প্ৰশ্ন, তেওঁলোকে কোৱাৰ দৰে নিজৰ সন্তানটিক পাহৰি যোৱাটো সচাঁকৈ ইমান সহজ হয়নে? পোনাকনক লৈ কিবা কষ্টৰ অনুভৱ হৈছিল জানো ? হাজাৰ কষ্টৰ মূৰতো দুহাতেৰে সাবতি তাক বুকুতে শুৱাই সুখ পোৱা নাছিল নে তাই ! চিৰৰুগীয়া আছিল জানো তাইৰ কানু ! তাৰ তজবজীয়া ৰঙা বগা চেহেৰা টো দেখি ক'বনে কোনোবাই সি ৰুগীয়া বুলি ! তাই মাকজনী হৈ সেই আলফুলীয়া চেহেৰাটো, মেলেক কৈ মৰা সেই হাঁহিটো, কলকলনি বোৰ ,চুচুৰি বাগৰি ফুৰা পোনাকনক পাহৰিব পাৰিবনে! পাৰিব জানো তাই সকলো বোৰ নতুনকৈ আৰম্ভ কৰিব? নাই, নোৱাৰে। তাইৰ মন মজিয়াৰ পৰা কলিতে মৰহি হেৰাই যোৱা এই কনমানি ফুলপাহক, সেই মিঠা সময় কনক ইমান সহজতে পাহৰিব নোৱাৰে তাই । তাই নোখোজে পাহৰিব । চিৰসেউজ কৰি ৰাখিব কানু নামৰ তাইৰে অংশ টিক মনৰ মাজত। অন্তৰৰ মমতা খিনিক গছকি মোহাৰি নালাগে তাইক ঘৰৰ লখিমী হোৱাৰ সুনাম। নালাগে তাইক কোনোৱে লখিমী বুলিব। অন্ততঃ এতিয়া তৰাই মাথো মাক হৈ জীয়াই থাকিব খুজে। এৰা, তাইও এগৰাকী মা। তাইৰ অকালতে হেৰাই যোৱা আঁচলৰ ধন কানুৰ মা ।। 


✍ কাকলী শইকীয়া
Mechanical 1st sem
Lakhimpur polytechnic
    
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

বিকৎ চিঞৰত তুমি মণিমালা !!

          Name- Pulakesh Kalita
          Branch- Electrical Engineering           
           Roll No- NAL/18/EL/015
               Nalbari Polytechnic 

জয়াল নিশাৰ ভয়াল পুৱাত ৰিণিকি ৰিণিকি শুনো দুৰ্ভগীয়া কোনো মহিলাৰ ফেকুৰি ফেকুৰি কন্দাৰ শব্দ । মাজে মাজে বিকট চিঞৰ । আহঃ কি নিদাৰুণ । এয়াই ভদ্ৰ মানৱ সমাজ,জীৱশ্ৰেষ্ঠ মানৱ । সভ্যতাৰ কি অবাঞ্চিত সন্ধিক্ষণত আজিৰ মানুহবোৰে হিংস্ৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই এই বিনন্দীয়া পৃথিৱীখনক কুলষিত কৰে । মানুহজনীয়ে পৃথিৱীখনক থুৱাইছিল আৰু কৈছিল- মোক ক'লৈ আনিছে ! মোৰ ওচৰলৈ নাহিবি । মাটিত পৰি থকা চুৰি এখন তুলি লৈ মানুহজনীয়ে পুনৰ কঁপি কঁপি কৈছিল- মোৰ ভয় লাগিছে । নৰ পিশাচটোৱে মোক গিলিবলৈ আহিছে । এইবাৰ মই এৰি নিদিও । তাক পিচ্ পিচ্ কৰি কাটিম !! মোক এৰি দে । মই আকৌ নৃত্য কৰিম,গান‌ গাম...
আমাৰে মইনাই শুব এ.......
               এটা সময়ত গাৰ ঘামবোৰ মচিবৰ বাবে গাৰ কাপোৰবোৰ দলিয়াইছিল । চুলিখিনি মেলিছিল । ভৰিৰ পৰা মূৰলৈ নিজৰ গাটো চুইছিল । তাৰ পিছত লাহে লাহে আৰম্ভ কৰিছিল 'নাচ' । যেন এখন নৃত্যৰতা পৃথিৱীয়ে তাইক হাত-বাউল দি মাতিছিল । এনেদৰে নাচি নাচি শেষত অৱশ হৈ পৰিছিল । গাৰ পৰা দলিয়াই পেলোৱা কাপোৰবোৰ সামৰি লৰালৰিকৈ কোঠাটোত সোমাল । নিঃসাৰ দি শুই থকা কেঁচুৱাটিক জগাই মানুহজনীয়ে কিবা এটা ভাবি মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল । টোপনিত লালকাল হৈ থকা কেঁচুৱাটিক মানুহজনীয়ে সাৱটি লৈছিল । কেচুৱাটিৰ মূৰত হাত বুলাই মানুহজনীয়ে হুকহুকাই কান্দিছিল । কান্দোন ক্ৰমে ক্ৰমে বাঢ়ি আহিছিল আৰু শেষত চিঞৰৰ গতি তীব্ৰ হৈ গৈছিল । কাষতে থকা হোটেলখনৰ অতিথি সকলোকো অবাক কৰি তুলিছিল । 

সোনালী কিৰণ দি নিয়ৰসনা পুৱাতে সূৰুযে ভূমুকি মাৰিছিল আৰু এই সময়খিনিত অত্যন্ত ব্যস্ততা "ভোগৰাজ ৰেষ্টুৰেণ্ট" খনত । তেতিয়া ভাটিত দাউ দাউকৈ জ্বলিছিল জুই । ওচৰত ভাত,চাহ,ৰুটিৰ বিধ বিধ ব্যঞ্জন । তিনিচুকীয়াৰ পৰা নৈশ বাছত আহি পল্টন বজাৰ পাইছিলো ৰাতিপুৱা তিনি বজাত । তাৰ পৰা অট'ৰিক্সা এখনেৰে আহি ৩১ নং ঘাইপথৰ দাঁতিত থকা ভোগৰাজ ৰেষ্টুৰেণ্টত জিৰণিৰ বাবে ৰৈ দিলো । দূৰ-অদূৰৰ পৰা অহা বিভিন্ন যাত্ৰীবোৰে মুকলি আকাশৰ তলত জিৰাইছে ৰেষ্টুৰেণ্টৰ আগত । যাত্ৰীবোৰে প্ৰত্যক্ষ কৰিছিল এটি বিকট চিঞৰ । চিঞৰটো ক'ৰ পৰা আহিছে ,কাৰ এই আৰ্ত চিৎকাৰ ইত্যাদি প্ৰশ্নই জুমুদি দি ধৰিছিল হোটেলত জিৰণি লোৱা যাত্ৰীসকলক । মোৰো মনত এক অবুজ শিহৰণ জাগি উঠিছিল । কোন এই মহিলাগৰাকী ? জানিবলৈ মই ইচ্ছুক ।
             ভোগৰাজ ৰেষ্টুৰেণ্টৰ মেনেজাৰজনে অত্যন্ত ব্যস্ততাৰে তদাৰক কৰি আহিছিল হোটেল "বয়" কেইটাক । বাৰে বাৰে কলিং বেল বজাই গ্ৰাহকৰ সুবিধা-অসুবিধাৰ বুজ লৈছিল । কিন্তু মানহজনীৰ বিকৎ চিঞৰে মেনেজাৰজনক বিব্ৰত কৰিব পৰা নাছিল । কথাবোৰ ভাবি ভাবি মই ৰুটিৰ বিল দিবলৈ গৈ মেনেজাৰজনক এবাৰ সুধিলোঁ :- কোন এই দুৰ্ভগীয়া মহিলা ? কিয় এনেদৰে চিঞৰিছে ? 
     মেনেজাৰ জনে কলে :- এইবোৰ জানি আপোনাৰ কি লাভ ? 
          লাভ নাই সঁচা । কিন্তু ??
          কোনো কিন্তু নাই ।
          আপুনি বা মই একো কৰিব নোৱাৰো । এইবুলি কৈ মেনেজাৰজনে চিঞৰি হোটেল 'বয়' এটাক মাতিলে । আৰু মই নীৰৱে হোটেলৰ পৰা ওলাই আহিলোঁ । 

'পাপু পাণ ভাণ্ডাৰ' অলপ আঁতৰত । পাণ দোকানখনলৈ গৈ ভাবিলো বহি থকা ল'ৰাটো নিশ্চয় পাপু । অলপো সময় নষ্ট নকৰাকৈ ক'লো - পাপু এটা পাণ দিয়া । আৰু লৰাজনেও পাণ বনোৱাত ব্যস্ত হৈ পৰিল । মই আকৌ সুধিলো - পাপু চিঞৰি থকা এই দুৰ্ভগীয়া মহিলাগৰাকী কোন ? কিয় এনে আৰ্তচিৎকাৰ কৰে ? পাপুৱে অতি নম্ৰভাৱে কলে - দাদা এইটো বৰ দুখ লগা কাহিনী । কেনেকৈ ক'ম ? মই অলপ জোৰ দি সুধিলো - অলপ কোৱাচোন ?
                নাম তাইৰ মণিমালা । তেতিয়া তাইৰ বয়স ১৭/১৮ বছৰ । এগৰাকী ৰূপে-গুনে যৌৱনা গাভৰু । যেন বাৰিষাৰ প্ৰচণ্ড ধুমুহা তাইৰ দেহত । আজিৰ পৰা প্ৰায় দহ বছৰ আগতে কোলাত এটি কেঁচুৱা লৈ আহিছিল কাম বিচাৰি । মণিমালাক দেখিলে এনে লাগে ক'ৰবাত আশ্ৰয় বিচাৰিলেই যেন পৃথিৱীখনে তাইক গিলিব খোজে । তথাপি ভয় শংকাৰেই মণিমালাই ভোগৰাজ ৰেষ্টুৰেণ্টত কিবা এটা কাম কৰি এক নিৰাপদ আশ্ৰয় বিচাৰিলে । আৰু ভোগৰাজতে বাচন ধোৱা কাম এটা দিলে মেনেজাৰজনে । 
           মণিমালাই পিছদিনাৰ পৰা ৰেষ্টুৰেন্টৰ বাচন-বৰ্ত্তন ধোৱা কামত ব্যস্ত হৈ পৰিল । এনেকৈ তাই পুনৰ পেটৰ ভাতমুঠি উলিয়ালে আৰু কেঁচুৱাটিক ডাঙৰ-দীঘল কৰিবলৈ ল'লে । মণিমালাৰ দেহত আছিল যৌৱনৰ কমনীয়তা । এই কমনীয়তাৰেই আকৌ বলি হ'ল মণিমালা । দুটা বছৰ কাম কৰাৰ পিছতে এদিন ৰেষ্টুৰেণ্টৰ কাৰিকৰ ৰঘুৰ লগত মণিমালাৰ বিয়া হৈছিল । ৰঘুৰ লগ-বন্ধুৱে ৰং-ধেমালিৰে বিয়া পাতি দিলে । এক সুখৰ সংসাৰ । মণিমালাই যেন হেঙুলী সূৰুযৰ নতুন পোহৰ দেখিছে । এদিন দুদিনকৈ সময় আগবাঢ়িল । বিয়াৰ তিনিটা বছৰত দুটা সন্তানৰ মাতৃ হৈছিল মণিমালা । অবৈধ সন্তানৰ মাতৃ হৈ এদিন ঘৰৰ পৰা নিৰ্বাসন ল'বলগা হৈছিল । গাঁওৰে ধনী মহাজনৰ পুতেক দীপুৱে তাই নিঠৰুৱা কৰিছিল । জীৱনলৈ অন্ধকাৰ নমাই আনিছিল !! সেই নিদাৰুণ কথাবোৰ তাই পাহৰি পেলাবলৈ‌ যত্ন কৰিছিল । 
               মানুহৰ ভাগ্যচক্ৰ সময়ৰ লগে লগে গতি কৰে । মণিমালাই বেছিদিন সুখৰ ভাত খাবলৈ নাপালে । যি দুটা দিন তাইৰ মুখত অলপ হাঁহিৰ ৰেঙনি ফুলিছিল সেয়াও ক্ষন্তেকীয়া হ'ল । মণিমালাৰ ভৰামুখ পূৰ্ণিমাৰ জোনটিৰ দৰে,এই ৰূপে তাইৰ জীৱন যেন অন্ধকাৰ । কথাই কথাই লাগি গ'ল মণিমালাৰ গিৰিয়েক ৰঘুৰ লগত কেইজনমান বন্ধুৰ তৰ্কযুদ্ধ । বন্ধু কেইজনে মদ-পানী খাই মাৰপিট কৰে ৰঘুক । প্ৰচণ্ড মাৰ খাই বিষালি হোৱাৰ পিছত শৰীৰটো ইকাতি সিকাটি কৰিব নোৱাৰা হ'ল । দিনক দিনে ৰঘুৰ অৱস্থা বেয়া হৈ পৰিল আৰু ৰেষ্টুৰেণ্টৰ কামৰ পৰাও সিহঁতক উলিয়াই দিলে মেনেজাৰে । কিছু দিন পিচত ৰঘুৱে তেজেৰে বমি কৰিবলৈ ধৰিলে । নানা দুৰ্যোগৰ মুখামুখি হৈ মণিমালাই ইঘৰ সিঘৰত কাম কৰিবলৈ ল'লে । দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি সন্ধিয়া ঘৰলৈ উভতি আহি মণিমালাই গিৰিয়েক ৰঘুৰ আলপৈচান ধৰে কিন্তু সেইদিনা বিচনাত পৰি ৰঘুয়ে এষাৰো মাত দিয়া নাই । ৰঘুৰ বাহুত ধৰি জোকাৰি জোকাৰি তাই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে । তাৰ মানে মণিমালাক এৰি ৰঘুৱে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে আৰু মণিমালাই মচি পেলালে শিৰৰ সেন্দুৰ । 
             ঘোৰ অমানিশা । মণিমালাই একোকে ভাবিব পৰা নাই । যেন চাৰিওফালে অন্ধকাৰ,জীয়াই থাকিবলৈ অলপো পোহৰ নাই । চুলি মেলি তাই নাচিব ধৰিলে । সকলোৰে বাবে অস্বাভাৱিক খং,তাই মাজে মাজে ফেকুৰি কান্দে আৰু বিকৎ চিঞৰ ! তিনিটাকৈ কন্যা সন্তান এক গধুৰ দায়িত্ব । উপায়হীন তাই । ডাঙৰ দুজনী মায়া আৰু ছায়া পাত গাভৰু হৈ পৰিছে,দুয়োৰে ভীষন আপত্তি যদিও মেনেজাৰে ৰেষ্টুৰেণ্টৰ বাচন-বৰ্ত্তন ধোৱাৰ কামত নিয়োগ কৰিলে । লাহে লাহে গাভৰু হৈ অহা মায়া আৰু ছায়াৰ ওপৰতো পুনৰ ভোগবিলাসী  এই হিংস্ৰ দানৱৰ চকু....!
          এটি কেঁচুৱা লৈ মণিমালাই পথে পথে ভিক্ষা মাগি ফুৰে । তাই কোনো মানুহৰ ফালে সততে নাচায় । কাকো মাতবোল নকৰে । ৰঘুৰ মৃত্যুৰ দুবছৰ পিছত মণিমালাই আৰু দুটা সন্তান জন্ম দিছে । এই দুই সন্তানৰ পিতৃৰ পৰিচয় বিছাৰি মণিমালাই কাৰো ওচৰত হাঁহাকাৰো কৰা নাই । হয়তো মণিমালাৰ সন্মুখত আজি হাজাৰটা প্ৰশ্ন । সেই প্ৰশ্নৰ উত্তৰো কাৰো হাতত নাই । নিঃসহায়তাৰ সুযোগ লৈ মানুহবোৰ কেনেকৈ পিশাচ হয় ? যি পৈশাচিক আনন্দৰ সাক্ষী হৈ আছে মণিমালাৰ সন্তান কেইটা । সেই অবৈধ সন্তানকেইটাৰ দায়িত্ব কোনে ল'ব ? এনেকুৱা হাজাৰজনী মণিমালাই কৰিলেও সমাজে উত্তৰ দিব নোৱাৰে । 
            পাপুৱে এটি দীঘলীয়া নিশ্বাস এৰি মোৰ ফালে চালে । ইমান পৰে টেবুলত ভেজা দি কথাবোৰ শুনিলো । আৰু পাপুক কলো - মণিমালাৰ এই অৱস্থাটোৰ বাবে মূলতে আমাৰ মুখাপিন্ধা ভদ্ৰ সমাজখন দায়ী নহয়নে ? সি কলে - "হয় । কিন্তু কি কৰিব আজিৰ মানুহৰ সমাজখন পশু-পক্ষীৰ আচৰনতকৈ অধম হৈছে । আজিৰ এই মানব সমাজত এনেকুৱা হাজাৰজনী মণিমালা আছে যাৰ উত্তৰ আজিৰ সমাজে দিব নোৱাৰে ।" পাপুৰ কথাই মোক ভাবিবলৈ বাধ্য কৰালে । মই মৌন হৈ ৰ'লো । জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ সুবাদত লজ্জাত মোৰ শিৰনত হৈ গ'ল ।।

*****************************************************
                                          বন্ধুত্বৰ এনাজৰী 

বৰমা , বৰমা চোৱাহি চোন ৰিকিয়ে বলটো মোক নিদিয়ে । নিকিয়ে ৰিকিৰ মাকক চিঞৰিলে । ৰিকিয়ে নিকিৰ পৰা বলটো কাঢ়ি লৈ গৈছে তাইক জোকাবৰ বাবে । ৰিকিৰ মাকে ভিতৰৰ পৰা ওলাই আহিল । 
  ----ৰিকি তইনো বাৰু কিয় ইমান জোকাই থাক তাইক ?? 
-----মইনো ক'ত জোকালো ? মোৰ বল কিয় দিম তাইক ?
-----বৰমা ৰিকিয়ে মোক এবাৰো বলটো খেলিবলৈ নিদিয়ে । ৰিকি খুব বেয়া । তাই অভিমান ভৰা মাতেৰে ক'লে ।
----মই আৰু নোৱাৰো দেই তহঁতৰ লগত , যি কৰ কৰি থাক । এইবুলি ৰিকিৰ মাক ভিতৰলৈ সোমাই গ'ল । নিকিয়ে লাহে লাহে ঘৰলৈ যাবলৈ খোজ দিলে । ৰিকিয়ে তাইলৈ চালে । তাইৰ চকু দুটা চল-চলীয়া হৈ আছে , যেন এতিয়াই কান্দি দিব । তাৰ খুব বেয়া লাগিল । 
----নিকি , ক'লৈ যোৱা ? সি লাহেকৈ সুধিলে । তাই মনে মনে এখোজ দুখোজকৈ গেটৰ কাষলৈ গ'ল । ৰিকিয়ে দৌৰি আহি তাইৰ হাতত ধৰিলে ।
---- নিকি তুমি মোক বেয়া পাইছা নহয় ? চোৱা মই কাণত ধৰিছো । মই আৰু তোমাক নোজোকাওঁ । ধৰা বলটো । আহা খেলিবলৈ যাওঁ । এইবুলি কৈ সি তাইৰ ওলাই অহা চকুপানী মচি দি  , হাতত ধৰি লৈ আহিল ।
ৰিকি নিকি দুয়ো একেলগে পঢ়ে। দুয়োৰে ঘৰ ওচৰা - ওচৰি । সৰুৰে পৰা দুয়ো খুব ভাল বন্ধু । সিহঁতৰ মাজত যিমান মিলা প্ৰীতি আছিল সিমান কাজিয়াও কৰিছিল । তাৰ মাজতো দুয়োৰে মাজত আছিল অকৃত্ৰিম মৰম । দুয়ো একেলগে স্কুললৈ যায় ।এটা টিফিনকে দুয়ো ভগাই খাই ।
----ৰিকি তোমাক ইমান বিচাৰি আছো । আজিনো ক'ত লুকাই আছা ? টিফিন খাবলৈ ৰৈ আছো । ইমান ভোক লাগিছে মোৰ । 
----তুমি টিফিন খোৱাই নাই ! মই আজি নাখাওঁ দিয়া । 
----কি তুমি নোখোৱা ! ঠিক আছে এইখিনি মই এতিয়াই পেলাই দিম । মোক তুমি বেয়া পোৱা । নালাগে তুমি মোক মাতিব এই বুলি কৈ তাই কান্দিয়ে দিলে । 
---ঐ , ইমান ডাঙৰ ছোৱালী এজনীয়ে এনেকৈ কান্দে নেকি । চাওঁ টিফিন দিয়া । 
---নালাগে যোৱা মোৰ বস্তু খাব ।
---নিকি মই ধেমালিহে কৰিছো । মোৰো খুব ভোক লাগিছে । তাতে আকৌ আজি মই টিফিন অনা নাই । ৰিকিৰ কথা শুনি নিকিয়ে চকুপানী খিনি মচি ল'লে । দুয়ো নানা কথা কৈ টিফিন খোৱাত লাগিল । 
এনেকৈয়ে দুয়োৰে বন্ধুত্ব গাঢ় হৈ আহিল । দুয়ো যেন এটা টকাৰ দুটা পিঠি । দুয়োৰে ইচ্ছা যে মেট্ৰিক পাছ কৰি ইঞ্জিনিয়াৰিং কৰিব । দুয়োৰে পৰীক্ষা আহি পালে । সিহঁতে যিমান পাৰে পঢ়া শুনা কৰিব ধৰিলে । দুয়ো পৰীক্ষা ভালদৰে দিলে । পৰীক্ষা শেষ হোৱাত নিকিক তেজপুৰত থকা মোমায়েকে নিবলৈ আহিল । কিন্তু তাই ৰিকিক এৰি যাব নোখোজে । ৰিকিয়ে বুজাই কোৱাতহে যাবলৈ ৰাজী হ'ল । 
---ৰিকি মই গলে তোমাৰ বেয়া নালাগিব ??
---বেয়াতো  লাগিবই । ময়ো দুদিমানৰ বাবে গাঁৱৰ ঘৰলৈ যাম । তুমিও দুখ নকৰিবা ।
---মোৰ কিন্তু খুব বেয়া লাগিব ইমান দিন তোমাক নেদেখাকৈ.......তাই আৰু ক'ব নোৱাৰিলে । তাইৰ চকুৰে দুটুপাল চকুপানী বৈ আহিল । 
---অ পাগলী , দুদিনমানৰ বাবেহে যাবা ।যেতিয়া তোমাক বিয়া দিব তেতিয়া কি কৰিবা ।
---মই বিয়া নহওঁ দেই । বিয়া হ'লেতো তোমাক এৰি যাব লাগিব । 
---হ'ব এতিয়া কন্দা-কটা কৰিব নালাগে । যাবলৈ ৰেদি হোৱাগৈ । 
দুদিনমান তেজপুৰত থকাৰ পাছত নিকি ঘৰলৈ আহিল । বাটতে দেখিলে ৰিকিহতৰ ঘৰত বহুত মানুহ । বহুত গণ্ডগোল ।কোনোবাই কন্দা যেনো লাগিল । তাইক থবলৈ অহা মামাকক তাতে এৰি তাই ৰিকিহতৰ ঘৰ পালে । চোতালত বগা কাপোৰেৰে কাৰোবাক ঢাকি থৈ দিছে । কাষত বৰমাক আৰু তাইৰ মাকে কান্দি আছে । ৰিকি আৰু বৰদেউতা দেখোন নাই । চোতালত সেইজন বাৰু কোন ?? তাইৰ ভৰি দুখন কঁপিবলৈ ধৰিলে । তাই লাহে লাহে বগা কাপোৰ খন গুচাই দিলে । কিন্তু এয়া কি ? তাইৰ মৰমৰ ৰিকি । তাই তাৰ মৃত দেহটোলৈ চাই কলে ,---ৰিকি এইবোৰ কি কৰিছা ? বৰমা চোৱাচোন ৰিকিয়ে কেনেকুৱা ধেমালি কৰে । ৰিকি চোৱা মই আহিছো । তুমি কিয় কান্দিছা বৰমা ? মই জানো নহয় ৰিকিয়ে ধেমালি কৰিছে । এই ৰিকি উঠা , উঠা না প্লিজ ।
---মাজনী , ৰিকিয়ে আমাক এৰি গৈছে । দুদিন জ্বৰত পৰি সি আমাক এৰি থৈ গ'ল । নিকিৰ মাকে কলে ।
---মা তুমি মিছা কৈছা । 
---মাজনী তোমাৰ মায়ে সঁচা কথা কৈছে । সি আৰু আমাৰ মাজত নাই । ৰিকিৰ  দেউতাকে ক'লে । এইবাৰ নিকিয়ে হুকহুকাই কান্দি দিলে । কান্দি কান্দি কব ধৰিলে ।
---ৰিকি , মই নহা বাবে তুমি অভিমান কৰিছা নহয় । এতিয়া চোৱা মই আহিছো নহয় । এবাৰ চোৱা মোলৈ মাত্ৰ এবাৰ নহ'লে মই আকৌ গুচি যাম । উঠা ৰিকি মোলৈ চোৱা ৰিকি ...... ৰি........কি ........।

                   
 পূজা দাস 
                    SEMESTER: দ্বিতীয় ষান্মাসিক , ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগ
কামৰূপ কাৰিকৰী প্ৰতিষ্ঠান



বেংছটা

                           নাম-প্ৰক্ষিপ্ত প্ৰাংগণ সোণোৱাল
                           সাহিত্য ও তৰ্কবিভাগৰ সম্পাদক
                   সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভা
                   যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ চতুৰ্থ ষাণ্মাসিক
                              ধেমাজি কাৰিকৰী প্ৰতিষ্ঠান
               

অন্যদিনাৰ দৰে অমৰে দাতোনদাল মুখত লৈ বাতৰি কাকতখন হাতত লৈছিলহে মাথো। বাতৰিকাকতখন শেষপৃষ্ঠাৰ ফালৰ পৰা পঢ়া তাৰ পুনৰা অভ্যাস,আজিও শেষপৄষ্ঠাৰ পৰাই আৰম্ভনি কৰিছিল।তেনেতে এটা বাতৰিত অমৰৰ চকু থৰ হৈ ৰয়,"ৰাজ্যিক পৰ্য্যায়ৰ ফুটবলাৰ ৰাজীৱ গগৈৰ অকাল মৃত্যু"। বাতৰিটো বিশ্বাস কৰিব নোৱাৰি চশমাযোৰ ভালকৈ গুজি ললে" প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ তথা গুৱাহাটী টাউন ক্লাৱৰ যুৱ দলৰ প্ৰশিক্ষক ৰাজীৱ গগৈয়ে আজি দুপৰীয়া শ্বাসজনিত কাৰণত দেৰগাঁওত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।"

       সেইসময় অসম ফুটবলৰ বাঘ হিচাপে পৰিচিত মানুহজনৰ এনে অকাল বিয়োগ। কথাটো একেবাৰেই 
বিশ্বাস নহল অমৰৰ। হাতত ফোনটো তুলি কন্টেক লিষ্টত ৰাজীৱৰ ঘৰলৈ ফোন এটা কৰো বুলি নম্বৰটো বিচাৰি চকুফুৰালে।"হে ফোন কৰাটো ভাল হব জানো, কোনে বা উত্তৰ দিবা এই ক্ষণত ।নাই আজি  পাৰিলে সন্ধিয়া এপাক দেৰগাঁৱৰ পৰাই আহিম"ফোনটো অমৰ বৰুৱাই জেপত পুনৰ ভৰাই থলে।


         :হেৰী শুনিছানে, এইফালে আহাচোন।
          :অ ৰ'বহে।মই টিফিন সাজু কৰি আছো।
          :এই যে দেৰগাঁৱৰ ৰাজীৱ গ'লগৈ নহয়।
          :কি কয়হে যোৱা সপ্তাহত  সিহঁত হালক মই বেংকত লগ পাইছিলোঁ।
          :কি ক'বা বিধাতাৰ লিখন। মই আজি সোনকালে উভতিম, তাৰ ঘৰৰপৰা এপাক আহিব লাগিব।
          
ৰাজীৱৰ লগত অমৰৰ চিনাকী বহু পুৰণি। যদিও ৰাজীৱ অমৰতকৈ বয়সত কেইবছৰমান ডাঙৰ আছিল তথাপিও দুয়োৰে মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটাই গঢ় লৈছিল দেৰগাঁওত পঢ়ি থাকোতেই। যেতিয়া অমৰে ফুটবল শিকিবলৈ দেৰগাঁওৰ ক্লাবলৈ গৈছিল তেতিয়া ৰাজীৱেই অমৰক ফুটবল আদিপাঠ দিছিল বুলি কলেও হয়টো ভুল কোৱা নহ'ব।

            :ঐ গাধ তেনেকে বল ৰিচিভ নকৰে।চাওঁ বল টো ঠেলা মাৰ মোৰ ফালে আৰু চকু মেলি চা।
            :ধৰ
            :দেখিলি ভৰিটো আৰামত ৰাখিবি কাঠদালৰ নিচিনাকৈ পাতি নথ'বি।

সেইয়াই আৰম্ভণি আছিল।তাৰ পাছত দুয়োটাই জিলা পয্যায়ৰ বহুতো প্ৰতিযোগিতাত একে দলৰ হৈ বহুতো ট্ৰফীও জিকিছিল কেতিয়াবা।।।                          দুয়োটাই বেলেগ বেলেগ দলৰ হৈ খেলতে দুয়োৰে মাজত তৰ্কা তৰ্কিও হৈছিল, আকৌ ইটোৱে সিটোৱে প্রশংসা কৰিবও  এৰা নাছিল‍ ভাল খেলিলি দে । 
    জিলা পৰ্যায়ত ভাল বাবে দুয়োটাই অসমৰ ৰাজি‌ক দলটো সোনকালে স্থান পাইছিল।তেতিয়া সিহঁতৰ মাজত বন্ধুত্ব অতিকৈ গাঢ় হৈছিল। যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । গুৱাহাটী টাউন ক্লাৱৰ হৈ খেলাতে এবাৰ অমৰক বিপক্ষৰ এজন খেলুৱৈয়ে বেয়াকৈ টেকল কৰাত ৰাজীৱে খংতে গৈ খেলুৱৈজনক ঘোঁচা  সুধাই দিছিল। দৃশ্যটো আজিও মনত আছে অমৰৰ। তাৰ পাছত হয়টো একেলগে দুই-তিনিখন খেলহে খেলিছিল।অমৰক  অইল ইণ্ডিয়াৰ হৈ খেলিৱলৈ  মতাৰ পাছত ৰাজীৱেও শ্বিলং লাজংত যোগদান কৰিছিল।তেতিয়াৰ দিনত মবাইল ফোন গন্য -মান্য ব্যক্তিৰ ওচৰত হে আছিল আৰু যোগাযোগৰ বাবে সুবিধা নথকাৰ বাবে সিঁহতৰ মাজত যোগাযোগ নোহোৱা হৈ পৰিল। মুঠতে অমৰে  কোনোমতেই আজি  অফিচত মন বহুৱাব পৰা নাই। ফাইল কেইটা মেলি ললেও বাৰে বাৰে ৰাজীৱৰ মুখখনেই মনলৈ আহি আছে। ঘড়ীৰ কাটাকেইডাললে চাই ভাৱিলে,"নাই নোৱাৰি আৰু ঘৰলৈ যোৱাই ঠিক হ'ব। অফিচত বছক ঘটনাটো জনাই অমৰে ঘৰলৈ জনাই অমৰে ঘৰলৈ উভতিলে। বজাৰত সোমোই কিবা এটা লৈ লওঁ ভাবি গাড়ীখন পাৰ্কিংত থৈ বজাৰত বেগটো লৈ অমৰ বজাৰলৈ সোমাই গ'ল। অন্তত বহুবছৰ যোৱা নাই যদি কিৱা অকণ নিব পাৰো বুলি দোকানবোৰত চকু ফুৰাইছিল তেনেতে,-
     ঃ- অ বৰুৱাছোন
পিছফালৰ পৰা কোনোবা এজনে সম্বোধন কৰাত অমৰে ঘূৰি চাই  দেখিলে,তাৰ  একালৰ সহপাঠী ধন , সম্পুৰ্ন নাম বিকাশ দিহিঙিয়া। 
    ঃ- অ ধন দেখোন ,কোনফালৰ পৰাহে ?
   ঃ- এ নকবিহে বৰ ততাতৈয়া কৈ যোৱা কালি গুৱাহাটীৰ পৰা পাইছোহি,পিছে ৰাজীৱৰ খৱৰটো পালিনে?
     ঃ- পাইছো ।বৰ বেয়া লাগিছে বুজিছ, তাকেই ভাৱি আছিলো।
    ঃ- সচাঁই আদবয়সতে মানুহবোৰ যাৱলৈ ধৰিছে।
   ঃ- সঁচাই অ  কেইবছৰ মান আগতে লগ পাঁওতে সুঠাম হৈ এ আছিল, কেনেকৈ জানো এনেবোৰ হ'বলৈ পালে।মোৰ তাৰ পৰিয়ালতোলেহে বেয়া লাগিছে।কণমানি কেইটাই বৰ সোনকালেই দেউতাকক হেৰুৱালে।
   ঃ- তাকেই অ।ভাল মানুহবোৰৰ আয়ুস বৰ চুটী।
    ঃ- বৰুৱা আপুনি বজাৰ কৰক।মোৰ দেৰিয়েই হৈছে।ঘৰৰ পৰা ফোন কৰিয়ে আছে।
  অন্তিমবাৰ যেতিয়া অমৰ বৰুৱাই ৰাজীৱক লগ পাইছিল আজিৰপৰা প্ৰায় তিনি-চাৰি বছৰৰ আগতে।বহুত দিনৰ মূৰত লগপোৱাৰ বাবে বৰুৱাই নিজেইত তাক মদনদাৰ ধাবালে লৈ গৈছিল। জীৱনত সফলতা বিফলতা সুখ দুখ সামৰি প্ৰায় সকলো বোৰেই আলোচনা হৈছিল সিদিনাখন। মনত আছে বৰুৱাৰ আজিও সেই বাৰ্তালাপবোৰ ।সি বুজি উঠিছিল ৰাজীৱ সেই  আগৰ ৰাজীৱ হৈ থকা নাই ,হেৰুৱাই পেলাইছে জীৱনৰ ৰঙবোৰ কৰবাত কুলষিত  সন্ধিয়াত।অমৰে তাক দেখিয়েই গম পাইছিল যে মানুহ  সলনি হ'ৱলৈ বেছিপৰ নালাগে,লাগে মাথো কেইজাকমান ধুমুহাক সলনি কৰিৱলৈ।
ঃ বুইছ অমৰ মই এটা Failure। মই নিবিচাৰো কোনোৱে মোৰ নিচিনা  হওঁক।
ঃ সেই কিবোৰ যে বকি আছ।
এই যে ধোৱাবোৰ দেখিছ।ওপৰলৈ উৰি গৈ শূন্যত বিলীন হৈ যায়। মইয়ো কোনোবা এদিন এনেকৈয়ে নাইকিয়া হৈ যাম।চিন্তা কেৱল-ল'ৰা ছোৱালী দুটাক লৈ।মই সিহঁতক বহুত কষ্ট দিছো বুজিছ।                                                          --চিগাৰেটৰ ধোঁৱা বোৰলৈ আঙুলিয়াই ৰাজীৱে ক'লে।

শ্বিলং লাজত খেলি থকাৰ সময়ত ৰাজীৱৰ ভৰিত গুৰুতৰ আঘাতৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হৈছিল ।হয়টো, এই আঘাটেই ৰাজীৱৰ জীৱনৰ ইউটাৰ্ণৰ কাৰণ হৈছিলগৈ। কেতিয়াবা আচৰিত হওঁ, দয়ালু ভগৱানে কেনেকৈ কেতিয়াবা ইমান নিষ্ঠুৰ হৈ পাৰে যে এজন মানুহৰ আচল সম্পদটোৱেই কাঢ়ি লয়। এসময়ত বাঘ পৰিচিত ৰাজীৱৰ অৱস্থাও বুঢ়া হোৱা বাঘৰ দৰেই হৈছিল, যিদৰে বুঢ়া বাঘে আচল খাদ্যৰ যোগাৰ কৰিব নোৱাৰি নিৰীহ মানুহৰ ওপৰত আক্ৰমণ কৰে। ৰাজীৱৰ জীৱনটোও তেনেফালেই গতি কৰে। অস্ত্ৰোপ্ৰচাৰৰ পাছত সি ফুটবল খেলিব নোৱাৰা হৈ পৰিল। যি ফুটবলেই তাৰ জীৱন একমাত্ৰ সাৰথি আৰু সমগ্ৰ ঘৰৰ পেত প্ৰৱৰ্তক আছিল। বহুত ভাঙি পৰিছিল ৰাজীৱ, ভৱিষ্যতৰ কথা চিন্তা কৰি, ফুটবল খেলাৰ বাহিৰে আন শিকিছিলেই বা কি! বিদ্যা বুলিবলৈও ফুটবলেই। ফুটবলৰ কাৰণেই পঢ়া-শুনাও মেট্রিক দিয়ে এৰি দিছিল। দিন হাজিৰা কৰিবলৈও দেখোন দেহে নাটানে। ঘৰত বৃদ্ধ মাক দেউতাক, যিয়ে ৰোগত ভুগি মৃত্যুৰ ক্ষণ গণি আছে। এই সময়ছোৱাতেই ৰাজীৱে অনিচ্ছাস্বতেও কিছুমান বেয়া প্রবৃত্তিত হাত দিছিল। সাঁচতিয়া বুলিবলৈ যিকেইটা ধন আছিল সেই কেইটা লৈ জুৱা খেলিবলৈ ধৰিলে। ভণ্ড পুৰুষৰ সংগ পাই মদ-ভাংটো হাত দিলে। ভাগ্য বেছিক আসক্ত হোৱাৰ আগতেই এদিন গুৱাহাটী টাউন ক্লাবৰ বিষয়ববীয়া এজনে তাক লগ পাই তাৰ পৰিস্থিতি বুজি টাউন ক্লাবতে যুৱদলৰ প্ৰশিক্ষক হ'বলৈ ক'লে। সিও ফুটবলপ্ৰেম আৰু পৰিয়ালৰ দ্বায়িত্বৰ কথা ভাবি তাতেই যোগদান কৰে। মোটামুটিকৈ ঘৰ চলাবলৈ পৰাকৈ মাহেকে কেইটামান টকা পাই আছিল। পৰিস্থিতি কিছু সুস্থিৰ হোৱাত যোৰহাটৰে ছোৱালী এজনীক বিয়াও কৰাইছিল। পৰিয়ালক বেছিকৈ একো দিব নোৱাৰিলেও সাধ্যানুসাৰে সকলোবোৰ দিছিল।

সেইদিনা সুৰাৰ নিচাত ৰাজীৱে মদনদাৰ দোকানত কোৱা এই কথাবোৰকে ৰোমন্থন কৰি কৰি অমৰ ঘৰ পালেহি। গাড়ীৰ পৰা বজাৰৰ বেগটো নমাই পত্নীৰ হাতত গটাই ক'লে- তুমি কাম-বন কৰি আজৰি হ'লানে।মই মুখ হাত ধুই আহো । চাহ একাপেই কৰা। দেৰিয়েই হৈছে, সন্ধিয়া হ'বৰে হ'ল।

ৰাজীৱৰ ঘৰলৈ যোৱাৰ বাটতেই অমৰহতে সৰুতে পঢ়া বিদ্যালয়খন পাই। গাড়ীৰ খিৰিকীৰে বিদ্যালয়খনলৈ চকু ফুৰাওঁতে অমৰৰ চকুলৈ ভাঁহি আহিল অতীতৰ হাঁহি-ধেমালি,হাই-কাজিয়াবোৰ।স্মৃতিগধুৰ অতীতৰ সাক্ষী বুলিবলৈ এতিয়া আছে কেৱল বিদ্যালয়খন আৰু খেলপথাৰখন। বাকী সকলো সলনি হৈছে। কেঁচা ৰাস্তাৰ ঠাইত আলকতৰা ভৰা ৰাস্তা হৈছে।মানুহৰ ভিৰ হ'ল। 

:- "মই কথা এটা ভাবিছো জানা। আমাৰ নিজৰ বুলিবলৈটো লৰা-ছোৱালী নাইয়ে।মই ভাৱিছো
ৰাজীৱৰ ল'ৰা-ছোৱালী কেইটাকেই পঢ়া-শুনাৰ......." 

:- "কথাটো মইয়ো নভবা নহয় জানা। তুমি বেয়া পাবা বুলিহে কোৱা নাছিলো। অন্তত সিহঁত কেইটাৰ ভৱিষ্যতটো গঢ়িব পাৰিলে আমাৰেই ভাল লাগিব দিয়াছোন।"

নিস্তেজ হৈ থকা ঘৰখনলৈ সোমাই গৈয়েই অমৰৰ চকু ৰাজীৱৰ দেউতাকৰ ওপৰত পৰিল। সদায় এধানি হাঁহিৰে সৈতে দেখা মানুহজনক আজি প্ৰথমবাৰ দুখত থকা দেখিছে অমৰে। চকুত চালেই বুজিব পাৰি মানুহজনে যে বহুত কষ্ট পাইছে। পুত্ৰৰ মৃত্যু এজন পিতৃয়ে সহ্য কৰাৰ সমান কঠিন কিবা হব পাৰে নে বাৰু। অমৰক দেখি মানুহজনে কান্দিয়েই পেলালে 

:- "আমাৰ হাৰামিটো গলগে অ বোপা।"