Final Selection of poem



 আৰ্শীবাদ



সি ল'ৰা হ'ব পাৰে !

হ'ব পাৰে সি হাঁহিমুখীয়া !

হ'ব পাৰে সি দেখিবলৈ ধুনীয়া !

কিন্তু সিও যে দুখ কৰে,

তাক বুজে কোনে?

কিন্তু সি মৌন !


সি চেষ্টা কৰিও পঢ়াত মনোযোগ দিব নোৱাৰে !

সময়বোৰ এইদৰেই অপব্যয়;

কিন্তু সি পঢ়াত দুৰ্বল নহয়,

সিও বিচাৰে ভাল ফলাফল,

কিন্তু তাৰ সমস্যাৰ বুজ লয় কোনে ?

হাজাৰ গালি গালাজ,

আৰু তাৰ মাজত সি

সকলো সহি আছে ।


সি ল'ৰা হ'ব পাৰে !

সিও আত্মহত্যা কৰিব বিচাৰে !

দুখবোৰে তাৰো বুকুত খুন্দা মাৰি ধৰে !

তাৰো শেষ হৈ যাব পাৰে চিন্তা শক্তি, 

সিও মাক দেউতাকৰ কাৰণে সপোন দেখে

পূৰণ কৰিব বিচাৰে প্ৰতিটো সপোন 

তাৰো ভয় পিতৃ মাতৃক হেৰুওৱাৰ;

কিন্তু তাৰ আভ্যন্তৰীণ ৰূপটো দেখে কোনে ?


সি ল'ৰা হ'ব পাৰে !

সিও ভাল বন্ধু বিচাৰে !

সিও অকলশৰীয়া অনুভৱ কৰে !

সিও বিচাৰে অলপ সহাঁৰি,

কিন্তু অসমৰ্থ ।

কাৰণ সি নিম্ন শ্ৰেণী পৰিয়ালৰ 

তাৰো আছে অভাৱ অভিযোগ 

কিন্তু সি নিস্তব্ধ !

কাৰণ সি বুজি পায় দৰিদ্ৰতাৰ অৰ্থ ।


হয় ! কেতিয়াবা 

সি বেয়া মাত মাতিব পাৰে !

সি বেয়া বস্তু খাব পাৰে !

কিন্তু নহয় সি বিবেকহীন,

নহয় সি অসভ্য,

নহয় সি নষ্ট ।

হ'ব পাৰে সি ল'ৰা !

সিও অবুজ নিজৰ জীৱনক লৈ,

সিও বুজি নাপায় জীৱনৰ ৰহস্য,

সি ডাঙৰ হৈ আহিছে সচাঁ 

কিন্তু মনটো তাৰ এতিয়াও 

সৰু ল'ৰাৰ দৰেই পবিত্ৰ ।


সময়বোৰ গৈ আছে

সি এতিয়াও মিছা হাঁহি মাৰি আছে,

মনৰ দুৰ্বলতাক সি হাঁহিৰে জিনিছে,

যি পাইছে তাতেই সুখী হৈছে;

নাই কোনো আপত্তি ।


সি জীয়াই আছে,

সি জীয়াই থাকিব বিচাৰে,

আশাবোৰেও তাক ৰিঙিয়াই মাতিছে

সপোনবোৰেও প্ৰাণ পাব ধৰিছে 

আৰু সিও আঁকোৱালি ল'ব বিচাৰিছে ।


সি ল'ৰা হ'ব পাৰে ! 

হয় ! সি ল'ৰা,

সি সু-সন্তান, 

সি এজোলোকা আৰ্শীবাদ ।




সুদৰ্শনা বৰা । 

দ্বিতীয় ষান্মাসিক

কৃষি বিভাগ।

প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, যোৰহাট।



শ্ৰমৰ কুঁহিপাত



       দীঘল দীঘল শিৰিষ গছত , 

      লিহিৰি লিহিৰি  কুঁহিপাত ;

      চাহ গছজোপিক নিচুকাই যায়,

      এবুকু সেউজীয়া মৰম কঢ়িয়াই।

      কোমল কোমল কলি পাতবোৰ,

       আমাৰ জীৱনৰ হাঁহিবোৰ;

        ফালি ফেঁহুজালি ,

       বাবাই হাতত লৈ কলম কটাৰী ;

       সেউজীয়া সপোন সামৰি, 

       মাৰ মূৰত গধুৰ টুকুৰী।

                                                  নাই আইৰ শ্ৰমৰ আজৰি, 

                                              পিতাইৰো নাই সময়ৰ আজৰি ;

                                              সকলো দুখ কষ্ট পাহৰি ,

                               কৰো হাঁহি আৰু ধেমালি।  

                              ৰ’দত দেহা পুৰি ,

                                       বৰষুণত ভিজি ;

                          সেউজীয়া চাহেৰে সোণৰ অসম গঢ়ি,

                          নাম পালো চাহ জনজাতি।

                         চাহ পাতৰ ৰঙৰ লগত , 

                      আমি সকলো মিলি গলোঁ ; 

                       চাহ পাতৰ ৰঙৰ লগত  , 

                      আমি নিজৰ নাম জোৰালো।।    

                 -  বিপ্লৱ কৰ্মকাৰ

                 দ্বিতীয় ষান্মাসিক

অসামৰিক অভিযান্ত্ৰিক বিভাগ , গোলাঘাট কাৰিকৰী প্ৰতিষ্ঠান ।।



এমুঠি জোনাক



সঁচাই নোপোৱাবোৰ পোৱাৰ আশাত বিলিন হোৱাৰ 

মাদকতাই সুকিয়া..... 

সপোনবোৰোচোন কেতিয়াবা ভাবিয়েই ভাল লাগে ; পোৱা-নোপোৱা, চিনাকি-অচিনাকি , আধা লিখি ৰোৱা কাহিনীটোৰ দৰে....

আলিটোৰ সিপাৰে কেতিয়াবা এপাক চাই ৰবি...

দেখিবি আকাশ তেতিয়াও

 হেঙুলীয়া হৈ ৰব.... 

ডাৱৰৰ ঢৌ খেলা এমুঠি হাঁহিয়ে মনটো জীপাল কৰি তুলিব.... 

 মই হয়তো তেতিয়া সৌ দূৰৈৰ এচোৱা জোনাক হৈ .... 

ডাৱৰৰ মাজে মাজে

তই নজনাকৈ তোৰ ছায়া হৈ ৰম। 

 



               হেপ্পী গগৈ

                চতুৰ্থ ষান্মাসিক

               অসামৰিক অভিযান্ত্ৰিক বিভাগ

               শোণিতপুৰ কাৰিকৰী প্ৰতিষ্ঠান



আবেলিৰ ৰঙা বেলি


আবেলিৰ ৰঙা বেলি মহতিয়াই পক্ষী এটি উৰি যায়


ক্ষণ গণি বগা ডাৱৰ ক'লা হয়

বৰষুণ টোপ টোপ


ৰঙা কপাল এদিন শেতা হয়

ৰাঙলী পখিলি জনী মৰহি উকা হয়


প্ৰেমে গৰকা বয়সত কুমলীয়া শিৰত সেউটা ফালিছিল তাই


উৰি যোৱা মনটোৰ ডেউকা ভাঙি ৰাখিছিল তাই


বহাগৰ চোতালত এৰি অহা কুমলীয়া প্ৰেমে শূলে বিন্ধাদী বিন্ধে , প্ৰতিটো ৰাতি অপ্ৰত্যাশিত 


মোৰ দাঙিলেই দেখা  পাই দেউতাকৰ অসহায় দুচকু


এচুকত বহি ৰয় 

ভগ্ন হিয়া জোৰা লগাই লগাই


আবেলিৰ ৰঙা বেলি মহতিয়াই এটি পক্ষী উৰি যায়।


   কাব্যশ্ৰী বড়া

   চতুৰ্থ ষান্মাসিক

   বাক্সা কাৰিকৰী প্ৰতিষ্ঠান



সপোনৰ প্ৰচ্ছায়া


 চাৰিবছৰীয়া ছুৱেটাৰটোৰ সৈতে

চেক লগা পেন্টটো পিন্ধি

গধূলি চাৰিআলিলৈ ঢাপলি মেলো ;

চক্ৰ কাইৰ দোকানৰ ৰঙা চাহৰ পিয়লা

লগত কেতিয়াবা বিস্কুট অথবা চিঙৰা ,

ক্ষন্তেকৰ বাবে পাহৰি যাওঁ

অনবৰতে কঢ়িয়াই ফুৰা চিন্তাৰ বোজা।

পাহৰি যাওঁ মই একো এটা কৰিব নোৱাৰাৰ বাবে

পৰিয়ালত হোৱা আগদিনাৰ কাজিয়া ,

বিস্কুটৰ লগতে ডুব যাওঁ ,

সিচিব মন যায় নিজ সপোনৰ কঠিয়া।

আমি যে মধ্যবিত্ত

কোনে বুজিব আমাৰ হৃদয়ৰ বেথা।

ভাল লগাবোৰক ভালপোৱা কৰিবলৈ

আমাৰ যে নাই সামৰ্থ

আমাৰ পিঠিত সদায়েই লাগি থাকে

হাজাৰ চিন্তাৰ  আঠা।

উৰণীয়া ধূলিৰ সাজ পিন্ধি,

ভগা চাইকেলখনৰ সৈতে মোৰ,

বিদ্যালাভৰ কছৰৎ।

সেউজীয়া সপোনবোৰক দিঠক কৰিবলৈ,

বুকুত অক্লান্ত বাসনা

এই যেন তাইক আদৰি আনিম

মোৰ ভগা পঁজালৈ।

কেউকাষ যেন মতলীয়া হ'ব ফাগুনী পছোৱাৰে

বুকুৱে বুকুৱে যেন গুঞ্জৰিত হ'ব

অজস্ৰ প্ৰেমৰ গান।

কিন্তু থাকিবনে

মোৰ সপোনৰ মান!

যদি হয় পূৰণ

কথা দিছো মই..!

চালিৰে জোনাক দেখা মোৰ পঁজাটিৰ

কুঁৱৰী কৰি ৰাখিম তোমাক।



✍🏻 হৰজিৎ কলিতা 

অসামৰিক অভিযান্ত্ৰিক বিভাগ

বাক্সা কাৰিকৰী প্ৰতিষ্ঠান


দানৱৰূপী মানু্হ


দানৱৰূপী মানু্হৰ অমানুষিক

অত্যাচাৰত

বাৰে বাৰেই লজ্জিত আমি ।

                    সুমিলা আৰু দিপশিখাৰ দৰেই আৰু কিমানেই সহিব লাগিব ?                                          

নিজ সতীত্ব আৰু কিমানেই ,জলাঞ্জলি দিব।


নৰপিশাচবোৰে কি আসুৰিক 

তৃপ্তি পাই,

নাৰীক অপদস্থ কৰি??

সিহঁতবোৰ  কিয় অমানৱ ?

সিহঁতৰ কি নিজ বাই - ভনী,

জন্মদাতৃ  মাতৃ নাই ?

সিহঁতে কেনেকৈ ইমান নিৰ্মম 

আৰু নিৰ্লজ্জ

অপকৰ্ম কৰিবলৈ  সাহ পায়...       

                                            

কিয় আইনে ইহঁতৰ একো 

কৰিব নোৱাৰে ?

আজি শিক্ষা ,প্ৰশাসন,আইন,

                             সকলোবোৰ কিয় নিমাত,নিস্তব্ধ?                                 

আর্তজনৰ আপিল শুনিবলৈও কি 

আইনৰ সময় নাই ?

আৰু কি এনেদৰেই সদায়ে চলি 

থাকি‍ব নিৰীহৰ ওপৰত দানৱৰূপী মানুহৰ

নিৰ্যাতন ?




 ত্ৰিদিশা সন্দিকৈ

 যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ

 দ্বিতীয় ষান্মাসিক                                         শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠান



শৰত


   আহিন আহিলে কহুৱা ফুলিলে

       পথাৰৰ সেউজীয়া ধান 

আশাবোৰ উৰিছে সপোন দেশলৈ

         কৃষকৰ সেউজী মন।

       শৰত অহাৰ উমান পায় 

        বন বিৰিখৰ উতলা গা

  নাচি গীত গোৱা যৌৱনা তটিনী

        লাজতে লুকুৱাই গা।

 মুকলি আকাশত আপোন সুৰেৰে

         পক্ষীয়ে গীত গাই  

সন্ধিয়াৰ আকাশত জোনটিয়ে নাচে 

        পানীত দাপোন চাই।

  মলয়া ছাতিয়ে সজাই তৃনাসন 

       সৰাই শেৱালি বকুল 

শৰতৰ চোতাল জোনাকৰ মেল

       হিয়া উখল মাখল।ফেহুজালিতে নূপুৰ বজাই মন্দাকিনী নাচি 

      সৰালে মুকুতা মণি 

ওৰণি আঁতৰাই ঊষাই মিচিকিয়াই

     সোণালী চুলি মেলি। 

 পুৱাৰ অৰুণে কিৰণ বিলাই

      উজলাই ধৰিত্ৰী বেশ

   চিৰসেউজী প্রকৃতিৰ বুক 

    বিচিত্ৰ ৰূপৰ সমাবেশ। 

          

হিমাংশ  বৰগোহাঁই

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ

ষষ্ঠ ষান্মাসিক


খেয়ালি মনত ল'ৰালিৰ আৱেগ



                 সূৰ্য্যোদয় আকাশৰ প্ৰথম ৰেঙণি

          কেৱল প্ৰভাতেই নহয় 

তাতেই হেছিল হৃষ্ট হৃদয়ৰএক আৰম্ভণি |

       ৰ'দালিৰ তানত দেহৰ স্বেদন

             কেৱল দ্বিপ্ৰহৰেই নহয়

  তাতেই হৈছিল খেলৰ সৈতে জীৱনৰ 

                 এক আলিংগন |

      ম্লান আকাশত তৰালিৰ উচ্ছল

           কেৱল বিনন্দীয়াই নহয়

      তাৰ নিহালিৰ উহনীতে আছিল

          অপত্য স্নেহৰ এক প্ৰবোধ |

          জীৱনৰ সময়বোৰ নিৰ্মম

          মনৰ স্মতিবোৰ মনোৰম

                 দিন গ'ল বাগৰি

                সময় গ'ল আতৰি

      জীৱনৰ আকাশত ল'ৰালিৰ অস্ত

  জোনাকীৰ বাট বিচাৰি মন আজি ব্যস্ত |


                                     উজ্জ্বল জোন

                        যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ

                                 ষষ্ঠ ষান্মাসিক

                      ডিব্ৰুগড় কাৰিকৰী প্ৰতিষ্ঠান



নিশাৰ নাৰী


মই নিশাৰ নাৰী,

ব্যস্ত মহানগৰীৰ মাজত 

ষ্ট্ৰিট লাইটৰ পোহৰত 

জীৱনৰ ঠিকনা বিচাৰি ফুৰা

 নিশাৰ নাৰী মই!

আই-পিতাইক এৰি,

আপোন গাওঁখন,চিনাকি পঁজাটি এৰি,

চহৰলৈ অহাৰ কথা নাছিল

কথা নাছিল অকলশৰে জীৱন কটোৱাৰ ।

সকলোৱে কোৱাৰ দৰে ময়ো 

পৰিস্থিতিৰ দাস হলো!

নিজৰ সোণোৱালী সপোনবোৰক

 বলিদান দি আজি হৈ পৰিলো মই 

নিশাৰ নাৰী।

ৰাতি অকলশৰে ঘৰৰ পৰা ওলাবলৈ 

ভয় কৰা মইজনী

আজি গভীৰ নিশাৰ 

জাগ্ৰত প্ৰহৰী!!

দিনৰ পোহৰত মোৰ কোনো পৰিচয় নাই!

কাৰণ মই যে মুখা পিন্ধা ভদ্ৰ নহয়!!!

ৰাতিহে সকলোকে মোৰ প্ৰয়োজন হয়,

সমাজৰ প্ৰতিস্থিত ভদ্ৰৰ

 অভদ্ৰতাবোৰ শিপাই 

মোৰ দেহৰ ভাঁজত,

ক্ষুধাতুৰ পশুৰ দৰেই মোৰ শৰীৰত 

চলাই যায় কৌতূহলৰ অভিযান!

মোৰ দেহৰ হিচাপ-নিকাচ চলাই 

টকাৰ ফুলজাৰি ছটিয়ায়।

তাৰপাছত,

তাৰপাছত আঁতৰি যায়

নিৰৱে…

সন্তৰ্পণে…

এনেদৰেই চলে মোৰ জীৱননাট,

কিন্তু,কোনেনো বুজি পাব মই যে বিচাৰিছিলোঁ 

মোৰ সপোনবোৰৰ মসৃণ বাট!

আজি মই নিশাৰ নাৰী,

জীৱন নদীৰ এটি এৰাসূতি!

সতীত্ব ৰক্ষাৰ্থে ওলাই আহিছিলো মই,

সকলো পাহৰি,

কিন্তু,

আজি মই,

সকলোৰে পৰিচিত

 নিশাৰ নাৰী!

এতিয়া আৰু গভীৰ নিশাৰ

 অন্ধকাৰক ভয় নকৰো মই,

আন্ধাৰবোৰৰ মাজতেই ৰচো মই অসম্ভৱ,অবান্তৰ এগালমান সপোন!!

মোৰ জীৱনত এতিয়া সূৰ্যোদয় নহয় বুজিছে,

সুৰুযৰ হেঙুলী কিৰণে

স্পৰ্শ নকৰে মোক!

কাৰণ,মই যে কলুষিত।

শৰীৰৰ খলা-বমাৰে 

ভদ্ৰ সমাজক অভদ্ৰ কৰা 

নিশাৰ নাৰী মই… 

              - সুবাসনা  শইকীয়া   

 দ্বিতীয়  ষাণ্মাসিক(পৰিকলন অভিযান্ত্ৰিক বিভাগ)         অসম অভিযান্ত্ৰিক প্ৰতিস্থান



জীৱন  ইয়াৰেই নাম’

           

যন্ত্রনাৰ মাজতেই মায়াময়ী  জীৱনীয়ে 

নাজানো কি বিচাৰি হাবাথুৰি মোক কৰে, 

সুখবোৰ উপভোগ নহওঁতেই

যেন দুখবোৰে  আৱৰি ধৰে।

ভিন্ন সুৰৰ মহাগানস্বৰূপ এই জীৱনীয়ে 

বাৰে বাৰে কিয় মোক হতবাক কৰে, 

আগুৱাই গৈয়ো  যেন থমকি  ৰও 

হেঁপাহবোৰো আজি সিক্ত হৈ পৰে।

অবুজ বেদনাবোৰে বুকুত হেঁচুকি ধৰি 

নিস্তব্ধ মাজনিশাক আমনিদায়ক কৰে, 

জীৱন নামৰ এই যাত্ৰাপথত

সময়বোৰো কেতিয়াবা নিষ্ঠুৰ হৈ পৰে।

তথাপি আজি বাকিচোৱা জীৱনক

নতুন পৰিচয় দিবলৈ শিকিছোঁ,

তিতা-মিঠা জীৱনৰ অভিজ্ঞতাৰে

নতুন নতুন সপোন ৰচিছোঁ।

সদায় সুখ - সন্তুষ্টিৰ হাঁহি এটি মাৰি 

কৰি তুলিছো  আজি জীৱনক মধুময়, 

প্ৰকৃততে জীৱন বুলিবলৈ  একো নাই

জীৱন হ'ল জীৱিত  থকাৰ মাথো এটি অভিনয়।


বঙাইগাঁও  কাৰিকৰী প্ৰতিষ্ঠিন

নাম:-দীপজ্যোতি মজুমদাৰ

অসামৰিক অভিযান্ত্ৰিক বিভাগ

 চতুৰ্থ ষান্মাসিক



তাইৰ ঠিকনা

              


প্ৰয়োজন হ'ব এই ঠিকনা 

হ'ব নহয় হ'বই

ভূত বাংলাৰ সদৃশ..

চিনেমা হলৰ সম্মুখৰ লুংলুঙীয়া গলীটোৰ

শেষৰ তিনি নম্বৰৰ কোঠাটোৱে হ'ল

তাইৰ ঠিকনা।।


সমাজৰ ভদ্ৰ লোকৰ ঠিকনাতকৈ 

তাইৰ ঠিকনা ব্যতিক্ৰম...

উল্লেখ নাথাকে তাইৰ ঠিকনাৰ আগত 

শিক্ষাগত অৰ্হতা,সফলিত্য বঁটাৰ নাম...

(ঠিকনাৰ গৰাকী আন কোনো নহয়

              সমাজৰ দৃষ্টিত এগৰাকী বেশ্যাৰ)


চমৎকাৰ বিহীন এই ঠিকনাৰ প্ৰয়োজন 

দণ্ডভিত্তিক বহু উচ্চ...

সমাজৰ এচাম ভদ্ৰমোখাৰ গৰাকী,এজাক উদণ্ড যুৱকৰ,এচাম চেক্স এদিকটেডৰ


ৰঙীণ পৃথিৱীৰ সংজ্ঞা তাইৰ শব্দত

কি হ'ব পাৰে...?

নৈ সীমনাৰ হেঙুলীয়া বেলিটিৰ 

অন্তিম কিৰণ খিৰিকীৰ ফাঁকেৰে আহি

উলংগ দুই স্তন চুমী যোৱা উত্তাপ...!


তাই ব্যস্ত হৈ পৰে পুৱতি নিশাতেই

কেনেকৈ নিজকে চমৎকাৰ কৰি তুলিব 

সস্তীয়া কচমেটিক্সেৰে...


তাই বিনা কুন্ঠাবোধেৰে সপি দিয়ে

খেলা কৰিবলৈ নিজ দেহ প্ৰতিজন 

গ্ৰাহকৰ হাতত...

 

তাই যেন হৈ পৰিছে যৌন সুখৰ জীৱিত পুতলা

পাহৰি গৈছে তাই উত্তেজিত স্তনৰ 

পিৰপিৰণিৰ অনুভৱ

তাই পাহৰি গৈছে যৌন সংগম 

যে এক মিঠা অনুভূতি,দম্পতীৰ অন্তিম

প্ৰতিশ্ৰুতিৰ ভৰসা...

অসহ্যকৰ হৈ পৰে তাই কোনো ক্ষণত

দুটি স্তনৰ কঠিনপৰশত..


তাই আকৌ নিজেই প্ৰশ্নবোধক 

কিয় হৈছে অসহ্যকৰ জীৱন জীৱিকাত?


তাই কোঠালৈ সঘনাই আহ-জাহ চলি থাকে 

সমাজৰ এচাম ভদ্ৰমোখাৰ...

যি মুখাই সমাজত বৰ বৰ ভাষণ দিয়ে

নাৰী সুৰক্ষাৰ।

 ✍️অচিন্ত হাজৰিকা

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ        ষষ্ঠ ষান্মাসিক                            লক্ষীমপুৰ কাৰিকৰী প্ৰতিষ্ঠান


স্মৃতি   


ল'ৰালিকালৰ সেই স্মৃতিবোৰে 

    আজিও ঢৌ খেলে মনত

 তোৰ মনত আছে নে দেউতা,

তই যে মোক কান্ধত উঠাই ফুৰাবলৈ নিছিলি

আছে নে তোৰ মনত দেউতা,

মোক যে তই কোলাত লৈ সাধু কথা কৈছিলি

    আছে জানো তোৰ মনত 

  মোৰ যে টোপনি নাহিলে

শিয়ালি আহিব কৈ শুৱাই থৈছিলি।


কেতিয়াবা উচুপি উঠো অ' দেউতা

সেই স্মৃতিবোৰৰ কথা মনত পৰিলে

সযতনে বুকুৰ মাজত সাজি ও ৰাখিছোঁ দেউতা

তোৰ সেই মৰমৰ স্মৃতিবোৰ,

আহিবিচোন দেউতা কেতিয়াবা সময় পালে

চাই যাবিহি কিদৰে জীয়াই আছো

    তই অবিহনে!


 তোৰ সেই স্মৃতিবোৰ লৈয়ে 

জীয়াই থাকিম দেউতা

মাথো সময় পালে সপোনত আহিবি......


  প্ৰীতম কাকতি

 ২য় ষান্মাষিক

 বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ

 নলবাৰী পলিটেকনিক



মাতৃকা 

                     


আই, আই তই মহান,

পুৱা গধূলি তোৰ মুখত আৰাধনাৰ ঝংকাৰ,

ধূপ ধুনাৰ সুগন্ধি চাৰিওফালে গুলজাৰ;

আলফুলে বোলোৱা তোৰ হাতৰ সঞ্চাৰ,

তোৰ দুচকুত দেখো মোলৈ মমতাৰ জোৱাৰ;

ৰত্নাকৰৰ দৰে সৰল হৃদয় তোৰ বিস্তাৰ,

নিখুঁত কৰ্মৰাজি তোৰ একাগ্ৰতা, নিষ্ঠাৰ;




মতিচ্চন্নত মচগুল মায়াময় পৃথিবী,

অদিতিজ প্ৰকৃতিৰ তুমি মোৰ জননী,

মানি ললো তোক মোৰ জীৱনৰ অনুশাসিনী;

তোৰ বিৰাজমানত আজি মোৰ জীৱন শুৱনি,

দুচকু যেতিয়াই মুদো হৃদয়ত মাথোঁ তোৰে চানেকি;

সপোনতো বিচাৰি পাওঁ তোৰ আচলৰ সুগন্ধি;

                                      



গছৰ কুঁহিপাতৰ দৰে হাহি তোৰ বিচিত্ৰ

তপ্তকাঞ্চনৰ দৰে হৃদয় তোৰ পবিত্র, 

তোৰ অবিহনে যেন জীবন মোৰ গুলনজ,

তোৰ নিলয়ত আজি মোৰ শিৰনত,

চেনেহৰ দোলেৰে কৰোৱা সকলোকে একীভূত,

সেয়ে অজস্ৰ গুণ দেখি আজি মই অভিভূত,


কংকনজ্যোতি নাথ

ষষ্ঠ ষান্মাষিক

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ

লক্ষীমপুৰ পলিটেকনিক



শান্তি 


হে মানৱজাতি আহা আগবাঢ়ি 

         পাছলৈ নাচাবা ঘূৰি

আগুৱাই যাওঁ শান্তি বিচাৰি ।

অটল সাগৰ নিৰ্ভয়ে সাঁতুৰি 

পৰ্বত-পাহাৰ বাধা নামানি

কাটি যাম সাহসেৰে বাধাৰ পাহাৰ,

কিন্তু আমাক লাগে শান্তি, কেৱল শান্তি। 

      য'ত শান্তি নাই, য'ত মানৱতা নাই

আছে মাথোঁ কেৱল বাৰুদৰ শব্দ, মৃত্যু আৰ্তনাদ,

আনফালে আকৌ তেজৰ চেঁকুৰা।

য'ত মানুহৰ তেজেৰে ফাঁকু খেলা হয়

তাত আমি জীয়াই থাকিব নোৱাৰো,

আমাক লাগে কেৱল শান্তি....। 

মাতৃৰ বুকু উদং কৰি ভগ্নীৰ অসহায় চাৱনি 

অথবা কোনোবা প্রেমিকাৰ  ভগ্ন হৃদয়ৰ বিননি, 

কি আচৰিত! ইয়াত জানো শান্তি আছে 

মানুহৰ আত্মা, বিবেক, বিশ্বাস সকলো 

হেৰুৱাই পেলাইছো, তেজৰ নিজান ধূলিত 

আছে জানো জীয়াই থকাৰ সাৰ্থকতা 

জীৱনটোক মহান কৰা। 

য'ত মানৱতাৰ মহানতাই নাই 

মৰীচিকা খেদি ঘূৰি ফুৰিছো 

     তৃষ্ণাতুৰ পথিক হৈ,

শান্তিক বিচাৰি, কেৱল শান্তি।


 অংকিতা হাজৰিকা

   ২য় ষান্মাষিক

 খনন অভিযান্ত্ৰিক বিভাগ

 তিনিচুকীয়া পলিটেকনিক




দেউতা


     


আৰ্থিকতাই জুৰুলা কৰা 

দেউতাৰ মুখ খন চাবলৈ 

কেতিয়াবা বৰ কষ্ট হয় ।


মই বুজো ......

দৃশ্যমান কপালৰ ঘামৰ সমান্তৰালভাৱে

দেউতাই নীৰৱে চকুপানীও বোৱাই, 


কেতিয়াবা যে তোমাক কওঁ

নিশাটো টোপনি নাহিল  বুলি 

আচলতে সেয়া এক অজুহাতহে

 

দেউতাই দিনক ৰাতি , 

ৰাতিক দিন কৰি পাৰ কৰা পৰিশ্ৰমবোৰে ৰাতি শুবলৈ নিদিয়ে

মন , মগজুত বৰকৈ আঘাত কৰে মোক ।


মই বুজো.....

মোৰ প্ৰয়োজনীয়বোৰ 

মই নোকোৱাকৈয়ে দেউতাই 

পূৰ কৰি আহিছে  ।


সেয়েহে.....

অসহায় দেউতাৰ কষ্ট দেখি 

হেজাৰটা প্ৰয়োজনীয় অথবা ভাল লগা বোৰকো পৰিহাৰ কৰিছোঁ ।


সেইবাবে হয়টো 

মই তোমাৰ অপ্ৰিয় অথবা অপচন্দ ।


তোমাৰ স'তে খোজ মিলাবলৈ

মোৰ খোজৰ তাল নিমিলে ।

সেয়েহে ,ত্যাগ কৰিছো এই সম্পৰ্ক আৰু যেতিয়াই খোজত খোজ মিলাব পাৰিম

সিদিনাৰ পৰা আকৌ আৰম্ভ হ'ব তোমাৰ স'তে মোৰ এই অবিৰত যাত্ৰা ।


হৃকেশ ৰাভা(আকাশ নীলিম)

নলবাৰী কাৰিকৰী প্ৰতিষ্ঠান

৪ৰ্থ ষান্মাসিক ,                 বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ




নোটবুক 

         

          

কবিতা নিলগাই 

কেতিয়াবা দূৰণিলৈ ভ্ৰমণ কৰোঁ আমি

সমস্ত চহৰ এদিন যেতিয়া টোপনিত থাকে । 


আহিব বুলি স্বপ্নৰ পানী-ঘোঁৰা 

ৰৈ থাকে জানো নিজানৰ মোহনা  

দুপৰীয়াটো উৰি গ’ল বগলীৰ পাখিত 

তোমাৰো অহা নহ’ল আজি । 


দুটি শব্দ খুজি নিলা নোটবুকৰ বাবে 

মোৰ বেদুইন চহৰত কি বিড়ম্বনা 

শুকুলা ঘোঁৰাৰ তেলত পুৰি মৰিল পিয়াহৰ চগা 

আকাশত উৰি থাকিল ছাঁইৰঙী নিচান । 


শ্ৰুতলিপিৰ নোটবুকত দুটি শব্দ 

তুমি আৰু তোমাৰ । 


সকলো বিচৰাটো সঠিক নহয় 

কেতিয়াবা কথাবোৰ হ’বলে দিয়াই ভাল 

মাটিৰ মানুহ 

মাটিৰ পৃষ্ঠা

মৰি হাড়ত গজিলে কি কৰিবা

তোমাৰ যাদৃচ্ছিক ভালপোৱা ? 


নোটবুকৰ কেঁকুৰিত ৰৈ চালে পাওঁ

আঙুলি শিপাবোৰ পোখাই গৈছে অদৃশ্যলৈ 

সেইফালে একো নাই । 


প্ৰসাৰিত হওঁক মোহনাৰ জোন সদৃশ মুখ

প্ৰসাৰিত হওঁক পৃথিৱীৰ সেউজীয়া হাত, 

গোলকীয় ব্যৱস্থাত কাহানিও মঙহ্‌ নধৰা শব্দবোৰত এতিয়া নজহা-নপমা স্বাধীনতা ।।

            বিমান সোণোৱাল 

           বৰপেটা পলিটেকনিক 

           বায়’মেডিকেল 

           যষ্ঠ ষান্মাসিক


কিয়???



বেলিটো যদি  ৰক্তিম হয়

তাৰ ৰশ্মি যদি নিৰ্মল হয়

তেন্তে বেলিটোক মেঘে আৱৰে কিয়?

সত্য যদি সুন্দৰ হয়

সুন্দৰেই যদি সত্য হয়

তেন্তে সেই সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?

জীৱনটো যদি দুদিনীয়া হয়

মৃত্যু যদি নিশ্চয় হয়

তেন্তে মৃত্যু লৈ ইমান ভয় কিয়?

প্ৰেম যদি চিৰযুগমীয়া হয়

সেই প্ৰেমেই যদি অভিনৱ সৃষ্টি হয়

তেন্তে সেই প্ৰেমৰেই হত্যা হয় কিয়?


কল্যাণ উজীৰ

অসামৰিক অভিযান্ত্ৰিক বিভাগ

২০১৭-২০২০ বৰ্ষ

বঙাইগাঁও পলিটেকনিক


মােৰ কবিতা


নিশাৰ এই নিস্তব্ধতাত,

আজি প্ৰাণ পাই উঠিল মােৰ কবিতাই

চালাে অতীতৰ পাঠ লুটিয়াই ।

সেই নিশা আছিল বৃটিছৰ দিনৰ

কবিতা মােৰ সেই কালৰ।

নাই কোনাে নাই

সকলােফালে এন্ধাৰ নিশা ।

ক'ত জোৱানৰ মৃত্যু হল।

ক'ত বিৰ আজি অমৰ হ'ল,

অপৰাজ্যে সেই মৃত্যুৰ তেজে উত্ৰাৱল কৰি তুলিছে আজিৰ মনােবলক।

সতেজ কৰিলাে মােৰ কবিতাৰে,

অনাগত ভবিষ্যতক ।

সেয়া কোন ?

একেই ধ্বনিৰে আজিও সেই শত্ৰুৰ অশ্রু চিঞৰ ।

আজিও দেখােন পৰিৱৰ্তন নাই সেই অতীতৰ ।

আহ, ওলাই আহ

বিপ্লৱ আমি,

বিপ্লৱী পথলৈ আগুৱাই যাম অনাগতক নেওচি।

বুকু শুদা শত জােৱান ৰক্তৰে বিন্দু

হ'ল সাহসৰ অনন্ত সিন্ধু।

জীৱন গ'ল যৌৱন গ'ল।

মৃত মৌন শত জোৱানলৈ অশ্রু অঞ্জলি যাচিলোঁ মােৰ।

নিশাৰ এই নিস্তব্ধতাত হেৰুৱালাে শত বীৰ জোৱান।

কবিতা মােৰ নিশাৰ নিজন জানৰ।


ধীৰাজ কুমাৰ নাথ

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, ষষ্ঠ সান্মাষিক

গোৱালপাৰা কাৰিকৰী প্ৰতিষ্ঠান