selected poem

 আৰ্শীবাদ


সি ল'ৰা হ'ব পাৰে !
হ'ব পাৰে সি হাঁহিমুখীয়া !
হ'ব পাৰে সি দেখিবলৈ ধুনীয়া !
কিন্তু সিও যে দুখ কৰে,
তাক বুজে কোনে?
কিন্তু সি মৌন !

সি চেষ্টা কৰিও পঢ়াত মনোযোগ দিব নোৱাৰে !
সময়বোৰ এইদৰেই অপব্যয়;
কিন্তু সি পঢ়াত দুৰ্বল নহয়,
সিও বিচাৰে ভাল ফলাফল,
কিন্তু তাৰ সমস্যাৰ বুজ লয় কোনে ?
হাজাৰ গালি গালাজ,
আৰু তাৰ মাজত সি
সকলো সহি আছে ।

সি ল'ৰা হ'ব পাৰে !
সিও আত্মহত্যা কৰিব বিচাৰে !
দুখবোৰে তাৰো বুকুত খুন্দা মাৰি ধৰে !
তাৰো শেষ হৈ যাব পাৰে চিন্তা শক্তি, 
সিও মাক দেউতাকৰ কাৰণে সপোন দেখে
পূৰণ কৰিব বিচাৰে প্ৰতিটো সপোন 
তাৰো ভয় পিতৃ মাতৃক হেৰুওৱাৰ;
কিন্তু তাৰ আভ্যন্তৰীণ ৰূপটো দেখে কোনে ?

সি ল'ৰা হ'ব পাৰে !
সিও ভাল বন্ধু বিচাৰে !
সিও অকলশৰীয়া অনুভৱ কৰে !
সিও বিচাৰে অলপ সহাঁৰি,
কিন্তু অসমৰ্থ ।
কাৰণ সি নিম্ন শ্ৰেণী পৰিয়ালৰ 
তাৰো আছে অভাৱ অভিযোগ 
কিন্তু সি নিস্তব্ধ !
কাৰণ সি বুজি পায় দৰিদ্ৰৰ অৰ্থ ।

হয় ! কেতিয়াবা 
সি বেয়া মাত মাতিব পাৰে !
সি বেয়া বস্তু খাব পাৰে !
কিন্তু নহয় সি বিবেকহীন,
নহয় সি অসভ্য,
নহয় সি নষ্ট ।
হ'ব পাৰে সি ল'ৰা !
সিও অবুজ নিজৰ জীৱনক লৈ,
সিও বুজি নাপায় জীৱনৰ ৰহস্য,
সি ডাঙৰ হৈ আহিছে সচাঁ 
কিন্তু মনটো তাৰ এতিয়াও 
সৰু ল'ৰাৰ দৰেই পবিত্ৰ ।

সময়বোৰ গৈ আছে
সি এতিয়াও মিছা হাঁহি মাৰি আছে,
মনৰ দুৰ্বলতাক সি হাঁহিৰে জিনিছে,
যি পাইছে তাতেই সুখী হৈছে;
নাই কোনো আপত্তি ।

সি জীয়াই আছে,
সি জীয়াই থাকিব বিচাৰে,
আশাবোৰেও তাক ৰিঙিয়াই মাতিছে
সপোনবোৰেও প্ৰাণ পাব ধৰিছে 
আৰু সিও আঁকোৱালি ল'ব বিচাৰিছে ।

সি ল'ৰা হ'ব পাৰে ! 
হয় ! সি ল'ৰা,
সি সু-সন্তান, 
সি এজোলোকা আৰ্শীবাদ ।



_সুদৰ্শনা বৰা ।
দ্বিতীয় ষাণ্মাসিক 
কৃষি বিভাগ।
প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, যোৰহাট।


শ্ৰমৰ কুঁহি পাত


       দীঘল দীঘল শিৰিষ গছত , 
      লিহিৰি লিহিৰি  কুঁহি  পাত ;
      চাহ গছজোপিক নিচুকাই যায়,
      এবুকু সেউজীয়া মৰম কঢ়িয়াই।
      কোমল কোমল কলি পাতবোৰ,
       আমাৰ জীবনৰ হাঁহিবোৰ;
        ফালি ফেঁহুজালি ,
       বাবাই হাতত লৈ কলম কটাৰী ;
       সেউজীয়া সপোন সামৰি, 
       মাৰ মূৰত গধূৰ টুকুৰী।
                                                  নাই আইৰ শ্ৰমৰ আজৰি, 
                                              পিতাইৰো নাই সময়ৰ আজৰি ;
                                              সকলো দুখ কষ্ট পাহৰি ,
                               কৰোঁ হাঁহি আৰু ধেমালি।  
                              ৰ’দত দেহা পুৰি ,
                                       বৰষুণত ভিজি ;
                          সেউজীয়া চাহেৰে সোণৰ অসম গঢ়ি,
                          নাম পালোঁ চাহ জনজাতি।
                         চাহ পাতৰ ৰঙৰ লগত , 
                      আমি সকলোয়ে মিলি গলোঁ ; 
                       চাহ পাতৰ ৰঙৰ লগত  , 
                      আমি নিজৰ নাম জোৰালো।।    
                 -  বিপ্লৱ কৰ্মকাৰ
                 দ্বিতীয় ষান্মাসিক
চিভিল ইঞ্জিনিয়াৰিং বিভাগ, গোলাঘাট পলিটেকনিক।। 


এমুঠি জোনাক


সচাই নোপোৱাবোৰ পোৱাৰ আশাত বিলিন হোৱাৰ 
মাদকতাই সুকিয়া..... 
সপোনবোৰোচোন কেতিয়াবা ভাবিয়েই ভাল লাগে ; পোৱা-নোপোৱা, চিনাকি-অচিনাকি....আধা লিখি ৰোৱা কাহিনীটোৰ দৰে....
আলিটোৰ সিপাৰে কেতিয়াবা এপাক চাই ৰবি...
দেখিবি আকাশ তেতিয়াও
 হেঙুলীয়া হৈ ৰব.... 
ডাৱৰৰ ঢৌ খেলা এমুঠি হাঁহিয়ে মনটো জিপাল কৰি তুলিব.... 
 মই হয়তো তেতিয়া সৌ দূৰৈৰ এচোৱা জোনাক হৈ .... 
ডাৱৰৰ মাজে মাজে
তই নজনাকৈ তোৰ ছায়া হৈ ৰম। 
 


               Happy gogoi
                4th sem 
               civil engineering
               Sonitpur polytechnic


(আবেলিৰ ৰঙা বেলি)

আবেলিৰ ৰঙা বেলি মহতিয়াই পক্ষী এটি উৰি যায়

ক্ষণ গণি বগা ডাৱৰ ক'লা হয়
বৰষুণ টোপ টোপ

ৰঙা কপাল এদিন শেঁতা হয়
ৰাঙলী পখিলি জনী মৰহি উকা হয়

প্ৰেমে গৰকা বয়সত কুমলীয়া তালুত সেউটা ফালিছিল তাই

উৰি যোৱা মনটোৰ ডেউকা ভাঙি ৰাখিছিল তাই

বহাগৰ চোতালত এৰি অহা কুমলীয়া প্ৰেমে শুলে বিন্ধাদী বিধে , প্ৰতিটো ৰাতি অপ্ৰত্যাশিত 

মোৰ দাঙিলেই দেখা  পাই দেউতাকৰ অসহায় দুচকু

এচুকত বহি ৰয় 
ভগ্ন হিয়া জোৰা লগাই লগাই

আবেলিৰ ৰঙা বেলি মহতিয়াই এটি পক্ষী উৰি যায়।

   Name: kabyashree Bora
   Sem: 4th semester
   Baksa polytechnic


সপোনৰ প্ৰচ্ছায়া

 চাৰিবছৰীয়া ছুৱেটাৰটোৰ সৈতে
চেক লগা পেন্টটো পিন্ধি
গধূলি চাৰিআলিলৈ ঢাপলি মেলো..
চক্ৰ কাইৰ দোকানৰ ৰঙা চাহৰ পিয়লা
লগত কেতিয়াবা বিস্কুট অথবা চিঙৰা...
ক্ষন্তেকৰ বাবে পাহৰি যাও,
অনবৰতে কঢ়িয়াই ফুৰা চিন্তাৰ বোজা।
পাহৰি যাও মই একো এটা কৰিব নোৱাৰাৰ বাবে
পৰিয়ালত হোৱা আগদিনাৰ কাজিয়া
বিস্কুটৰ লগতে ডুব যাওঁ
সিঁচিব মন যায় নিজ সপোনৰ কঠিয়া।
আমি যে মধ্যবিত্ত
কোনে বুজিব আমাৰ হৃদয়ৰ বেথা।
ভাল লগাবোৰক ভালপোৱা কৰিবলৈ
আমাৰ যে নাই সামৰ্থ
আমাৰ পিঠিত সদায়েই লাগি থাকে
হাজাৰ চিন্তাৰ এঠা।
উৰণীয়া ধুলিৰ সাজ পিন্ধি,
ভগা চাইকেলখনৰ সৈতে মোৰ,
বিদ্যালাভৰ কছৰৎ।
সেউজীয়া সপোনবোৰক দিঠক কৰিবলৈ,
বুকুত অক্লান্ত বাসনা
এই যেন তাইক আদৰি আনিম
মোৰ ভগা পঁজালৈ।
কেউকাষ যেন মতলীয়া হ'ব ফাগুনী পছোৱাৰে
বুকুৱে বুকুৱে যেন গুঞ্জৰিত হ'ব
অজস্ৰ প্ৰেমৰ গান।
কিন্তু থাকিবনে
মোৰ সপোনৰ মান!
যদি হয় পূৰণ
কথা দিছো মই..!
চালিৰে জোনাক দেখা মোৰ পঁজাটিৰ
কুঁৱৰী কৰি ৰাখিম তোমাক।


✍🏻 _হৰজিৎ কলিতা_ 

(Civil engineering,
4th Semester,
BAKSA Polytechnic
Engineering College)


মানুহ আৰু দানৱৰূপী মানু্হ

দানৱৰূপী মানু্হৰ অমানুষিক
অত্যাচাৰত
বাৰেই বাৰেই লজ্জিত আমি ।
                    সুমিলা আৰু দিপশিখা দৰেই আৰু কিমানেই সহিব লাগিব ?                                          
নিজ সতীত্ব আৰু কিমানেই ,জলাঞ্জলি দিব।

নৰপিশাচবোৰেই কি আসুৰিক 
তৃপ্তি পাই,
নাৰীক অপদস্থ কৰি??
সিহঁতবোৰ  কিয় অমানৱ ?
সিহঁতৰ কি নিজ বাই - ভনী,
জন্মদাতৃ  মাতৃ নাই ?
সিহঁততে কেনেকৈ নিমৰ্মম 
আৰু নিলৰ্জ্জ্
এই অপকৰ্ম কৰিবলেই   সাহ পায়...       
                                            
কিয় আইনেই ইহঁতৰ একো 
কৰিব নোৱাৰে ?
আজি শিক্ষা ,প্ৰশাসন,আইন,
                             সকলোবোৰ কিয় নিমাত,নিস্তব্ধ?                                 
আর্তজনৰ আপিল শুনিবলৈও কি 
আইনৰ সময় নাই ?
আৰু কি এনেদৰেই সদায়ে চলি 
থাকি‍ব নৰীহ ওপৰত দানৱৰূপী মানুহৰ
নিৰ্যাতন ?



 Name-Tridisha Handique.
 Branch -Mechanical engg(2nd sem)
 Sibsagar polytechnic.


বিচ্ছেদৰ বিষাদ

মনত পৰে নে তোমাৰ  সেই দিনবোৰ
 দুয়ো দুয়োৰে হঁতে পাৰ কৰা সেই সময়বোৰ
তুমি পাহৰিলাই চাগে
কিন্তু ম‌ই পাহৰা নাই
তোমাৰ সেই মৰম ভালপোৱা বুকুত সামৰি
জীয়াই আছোঁ মই
কেৱল তোমাৰ বাবে।
তুমি জানানে আমাৰ এই বিচ্ছেদৰ বিষাদ
বুকুত লৈ জীয়াই আছোঁ মই 
 কেৱল তোমাৰ বাবে।

কিন্তু সময় চক্ৰৰ কি খেলা
আজি তোমাক ম‌ই পাহৰি পেলাইছো
মাথোঁ ৰৈ গৈছে সময়ৰ বুকুত আমাৰ সেই স্মৃতিবোৰ কিয় জানো তুমি দিয়া সৈই বিষাদবোৰে
আজি  বৰকৈ আমনি কৰিছে।

আজি আমাৰ বিচ্ছেদৰ প্ৰায় এবছৰ হʼল
কিন্তু আজি তোমাক দেখি মোৰ সেই ভালপোৱা 
আকৌ প্ৰাণ পাই উঠিছে।
কেৱল তোমাৰ বাবে।
তুমি মোলৈ চাই মৰা হাঁহিটিয়ে
মোৰ এই  ভগ্ন হৃদয়খন জোৰা লগালে
আৰু আমাৰ এই প্ৰেম আকৌ জী উঠিলে।
এনেকুৱা লাগিল যেন সকলো থমকি ৰʼল
 কেৱল আমাৰ বাবে।


নাম- নীতিশ ডেকা
যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
প্ৰথম ষান্মাষিক


শৰত

   আহিন আহিলে কহুৱা ফুলিলে
       পথাৰৰ সেউজীয়া ধান 
আশাবোৰ উৰিছে সপোন দেশলৈ
         কৃষকৰ সেউজী মন।
       শৰত অহাৰ উমান পায় 
        বন বিৰিখৰ উতলা গা
  নাচি গীত গোৱা যৌৱনা তটিনী
        লাজতে লুকুৱাই গা।
 মুকলি আকাশত আপোন সুৰেৰে
         পক্ষীয়ে গীত গাই  
সন্ধিয়াৰ আকাশত জোনায়ে নাচে 
        পানীত দাপোন চাই।
  মলয়া ছাতিয়ে সজাই তৃনাসন 
       সৰাই শেৱালি বকুল 
শৰতৰ চোতাল জোনাকৰ মেল
       হিয়া উখল মাখল।ফেস্হজালিতে নূপুৰ বজাই মন্দাকিনী নাচি 
      সৰালে মুকুতা মণি 
ওৰণি আঁতৰাই ঊষাই মিচিকিয়াই
     সোণালী চুলি মেলি। 
 পুৱাৰ অৰুণে কিৰণ বিলাই
      উজলাই ধৰিত্ৰী বেশ
   চিৰসেউজী প্রকৃতিৰ বুক 
    বিচিত্ৰ ৰূপৰ সমাবেশ। 
          
Name- Himankha Borgohain 
Branch-Mechanical 
Engineering 
Semester-5th


 খেয়ালি মনত ল'ৰালিৰ আৱেগ


                 সূৰ্য্যোদয় আকাশৰ প্ৰথম ৰেঙণি
          কেৱল প্ৰভাতেই নহয় 
তাতেই হেছিল হৃষ্ট হৃদয়ৰএক আৰম্ভণি |
       ৰ'দালিৰ তানত দেহৰ স্বেদন
             কেৱল দ্বিপ্ৰহৰেই নহয়
  তাতেই হৈছিল খেলৰ সৈতে জীৱনৰ 
                 এক আলিংগন |
      ম্লান আকাশত তৰালিৰ উচ্ছল
           কেৱল বিনন্দীয়াই নহয়
      তাৰ নিহালিৰ উহনীতে আছিল
          অপত্য স্নেহৰ এক প্ৰবোধ |
          জীৱনৰ সময়বোৰ নিৰ্মম
          মনৰ স্মতিবোৰ মনোৰম
                 দিন গ'ল বাগৰি
                সময় গ'ল আতৰি
      জীৱনৰ আকাশত ল'ৰালিৰ অস্ত
  জোনাকীৰ বাট বিচাৰি মন আজি ব্যস্ত |

                                     উজ্জ্বল জোন
                        যান্ত্ৰিক অভিযান্তিক বিভাগ
                                 ষষ্ঠ ষান্মাসিক
                      ডিব্ৰুগড় কাৰিকৰি প্ৰতিষ্ঠান


 নিশাৰ নাৰী

মই নিশাৰ নাৰী,
ব্যস্ত মহানগৰীৰ মাজত 
ষ্ট্ৰিট লাইটৰ পোহৰত 
জীৱন জীয়াৰ ঠিকনা বিচাৰি ফুৰা
 নিশাৰ নাৰী মই!
অাই-পিতাইক এৰি,
অাপোন গাওঁখন,চিনাকি পঁজাটি এৰি,
চহৰলৈ অহাৰ কথা নাছিল
কথা নাছিল অকলশৰে জীৱন জীয়াৰো।
সকলোৱে কোৱাৰ দৰে ময়ো 
পৰিস্থতিৰ দাস হলো!
নিজৰ সোণোৱালী সপোনবোৰক
 বলিদান দি অাজি হৈ পৰিলো মই 
নিশাৰ নাৰী।
ৰাতি অকলশৰে ঘৰৰ পৰা ওলাবলৈ 
ভয় কৰা মইজনী
অাজি গভীৰ নিশাৰ 
জাগ্ৰত প্ৰহৰী!!
দিনৰ পোহৰত মোৰ কোনো পৰিচয় নাই!
কাৰণ মই যে মুখা পিন্ধা ভদ্ৰ নহয়!!!
ৰাতিহে সকলোকে মোৰ প্ৰয়োজন হয়,
সমাজৰ প্ৰতিস্থিত ভদ্ৰৰ
 অভদ্ৰতাবোৰ শিপাই 
মোৰ দেহৰ ভাঁজত,
ক্ষুধাতুৰ পশুৰ দৰেই মোৰ শৰীৰত 
চলাই যায় কৌতূহলৰ অভিযান!
মোৰ দেহৰ হিচাপ-নিকাচ চলাই 
টকাৰ ফুলজাৰি ছটিয়ায়।
তাৰপাছত,
তাৰপাছত অাঁতৰি যায়
নিৰৱে…
সন্তৰ্পণে…
এনেদৰেই চলে মোৰ জীৱননাট,
কিন্তু,কোনেনো বুজি পাব মই যে বিচাৰিছিলো 
মোৰ সপোনবোৰৰ মসৃণ বাট!
অাজি মই নিশাৰ নাৰী,
জীৱননদীৰ এটি এৰাসূতি!
সতীত্ব ৰক্ষাৰ্থে ওলাই অাহিছিলো মই,
সকলো পাহৰি,
কিন্তু,
অাজি মই,
সকলোৰে পৰিচিত
 নিশাৰ নাৰী!
এতিয়া অাৰু গভীৰ নিশাৰ
 অন্ধকাৰক ভয় নকৰো মই,
অান্ধাৰবোৰৰ মাজতেই ৰচো মই অসম্ভৱ,অবান্তৰ এগালমান সপোন!!
মোৰ জীৱনত এতিয়া সূৰ্যোদয় নহয় বুজিছে,
সুৰুযৰ হেঙুলী কিৰণে
স্পৰ্শ নকৰে মোক!
কাৰণ,মই যে কলুষিত।
শৰীৰৰ খলা-বমাৰে 
ভদ্ৰ সমাজক অভদ্ৰ কৰা 
নিশাৰ নাৰী মই… 
              - সুবাসনা  শইকীয়া   
 দ্বিতীয়  ষাণ্মাসিক(পৰিকলন অভিযান্ত্ৰিক বিভাগ) অসম অভিযান্ত্ৰিক প্ৰতিস্থান


জীৱন  ইয়াৰেই নাম’
           
যন্ত্রনাৰ মাজতেই মায়াময়ী  জীৱনীয়ে 
নাজানো কি বিচাৰি হাবাথুৰি মোক কৰে, 
সুখবোৰ উপভোগ নহওঁতেই
যেন দুখবোৰে  আৱৰি ধৰে।
ভিন্ন সুৰৰ মহাগানস্বৰুপ এই জীৱনীয়ে 
বাৰে বাৰে কিয় মোক হতবাক কৰে, 
আগুৱাই গৈয়ো  যেন থমকি  ৰও 
হেঁপাহবোৰো আজি সিক্ত হৈ পৰে।
অবুজ বেদনাবোৰে বুকুত হেঁচুকি ধৰি 
নিস্তব্ধ মাজনিশাক আমনিদায়ক কৰে, 
জীৱন নামৰ এই যাত্ৰাপথত
সময়বোৰো কেতিয়াবা নিষ্ঠুৰ হৈ পৰে।
তথাপি আজি বাকিচোৱা জীৱনক
নতুন পৰিচয় দিবলৈ শিকিছোঁ,
তিতা-মিঠা জীৱনৰ অভিজ্ঞতাৰে
নতুন নতুন সপোন ৰচিছোঁ।
সদায় সুখ - সন্তুষ্টিৰ হাঁহি এটি মাৰি 
কৰি তুলিছো  আজি জীৱনক মধুময়, 
প্ৰকৃততে জীৱন বুলিবলৈ  একো নাই
জীৱন হ'ল জীৱিত  থকাৰ মাথো এটি অভিনয়।

বঙাইগাঁও পলিটেকনিক বঙাইগাঁও
নাম:-দীপজ্যোতি মজুমদাৰ
শাখা:- ব্যৱহাৰিক অভিযান্ত্ৰিক
কক্ষ : চতুৰ্থ ষান্মাসিক


নিৰ্লজ্জ আকাশ খন
------------------------------------
সৌ সিদিনাৰ কথা,আকাশ খনত কিছু কলীয়া ডাৱৰে আৱৰি ধৰিছিল 
   শান্ত সন্ধিয়া ,অশান্ত চিন্তাধাৰাৰ কিছুমান পশু
   হয়তো সেইয়া শান্ত সমাজৰ ভদ্ৰলোকৰ পোছাক পিন্ধা কিছুমান মানৱৰে সন্তান...!
   ৰাস্তা তোৰ সিটো মূৰৰ পৰা আন্ধাৰেও আৱৰি ধৰিছিল...
   সেই বাটেৰেই আহি আছিল 
তাই 
   ঘৰত কৈ আহিছিল  "মা আজি মোৰ অলপ দেৰি হব পাৰে,লগৰ জনীৰ 
বাৰ্থ দে'"
    কিন্তু তাই জানো জানিছিল ,বাসনা লোভী পশু বোৰে যে তাইক আগুৰি ধৰিব
    কিন্তু কি কৰিব তাই , অসহায় হৈ 
    মাথোঁ চিঞৰি উঠিছিল "মা"...
   সেই পশু বোৰৰ এবাৰো মনত নপৰিল নে নিজৰ মাতৃ জনীলৈ .....
  সিহঁতৰ নো ক'ত মনত পৰিব ,সিহঁত মাথোঁ ব্যস্ত তাইৰ কোমল দেহাটোৰ সোৱাদ লোৱাত...! তাই চিঞৰি উঠিল "please মোক এৰি দে ,মোৰ সন্মানত দাগ নলগাবি অ' ,তহঁতে মোক মাৰ ওচৰলৈ যাব দে ..."
   সময় বোৰ পাৰ হৈ গ'ল ,পশু বোৰে নিজৰ কামনা পূৰ্ণ কৰি গুচি গ'ল ...
   ৰাস্তা তোৰ সিটো মূৰত পৰি ৰ'ল মাথোঁ এটা অসহায় শৰীৰ,চিঞৰ বোৰো যেন লাহে লাহে বন্ধ হৈ পৰিল...
    আজি এতিয়া সেইবোৰ ইতিহাস....!
     কিন্তু খং উঠিছে সেই আকাশ খনলৈ,
    হেৰৌ নিৰ্লজ্জ আকাশ তই মাথোঁ চাই হে থাকিলি আমাৰ দৰে দৰ্শক হৈ....
    আৰে ইমান বোৰ বিজুলী মাৰি থাক ,সেইদিনা এটা মাৰিব নোৱাৰিলি সেই পশুকেইটাৰ গাত পৰাকৈ...!
   মাথোঁ তই ইতিহাস হে ৰচিলি....এক কলংকিত ইতিহাস ।
   তয়েই যদি এনেকুৱা কৰ তেন্তে পৃথিৱী নামৰ নাৰী গৰাকীক কোনে চাব?
    কি!আমি বোৰে?  আৰে আমি টো টোতকৈও নিৰ্লজ্জ..!
    আমি মাথোঁ ইতিহাসৰ পৃষ্ঠা বোৰ হে লুটিয়াব  জানো ।




দেউতা

     

আৰ্থিকতাই জুৰুলা কৰা 
দেউতাৰ মুখ খন চাবলৈ 
কেতিয়াবা বৰ কষ্ট হয় ।

মই বুজো ......
দৃশ্যমান কপালৰ ঘামৰ সমান্তৰালভাবে 
দেউতাই নীৰবে চকুপানীও বোৱাই, 

কেতিয়াবা যে তোমাক কওঁ
নিশাটো টোপনি নাহিল  বুলি 
আচলতে সেয়া এক অজুহাতহে
 
দেউতাই দিনক ৰাতি , 
ৰাতিক দিন কৰি পাৰ কৰা পৰিশ্ৰমবোৰে ৰাতি শুবলৈ নিদিয়ে
মন , মগজুত বৰকৈ আঘাত কৰে মোক ।

মই বুজো.....
মোৰ প্ৰয়োজনীয়বোৰ 
মই নোকোৱাকৈয়ে দেউতাই 
পূৰ কৰি আহিছে  ।

সেয়েহে.....
অসহায় দেউতাৰ কষ্ট দেখি 
হেজাৰটা প্ৰয়োজনীয় অথবা ভাল লগা বোৰকো পৰিহাৰ কৰিছো ।

সেইবাবে হয়টো 
মই তোমাৰ অপ্ৰিয় অথবা অপচন্দ ।

তোমাৰ স'তে খোজ মিলাবলৈ
মোৰ খোজৰ তাল নিমিলে ।
সেয়েহে ,ত্যাগ কৰিছো এই সম্পৰ্ক আৰু যেতিয়াই খোজত খোজ মিলাব পাৰিম
সিদিনাৰ পৰা আকৌ আৰম্ভ হ'ব তোমাৰ স'তে মোৰ এই অবিৰত যাত্ৰা ।

হৃকেশ ৰাভা(আকাশ নীলিম)
নলবাৰী পলিটেকনিক
৪ৰ্থ সান্মাষিক,ইলেকট্ৰিকেল


 তাইৰ ঠিকনা
              

প্ৰয়োজন হ'ব এই ঠিকনা 
হ'ব নহয় হ'বই
ভূত বাংলাৰ সদৃশ,
চিনেমা হলৰ সম্মুখৰ লুংলুঙীয়া গলীটোৰ
শেষৰ তিনি নম্বৰৰ কোঠাটোৱে হ'ল
তাইৰ ঠিকনা।।

সমাজৰ ভদ্ৰ লোকৰ ঠিকনাতকৈ 
তাইৰ ঠিকনা ব্যতিক্ৰম...
উল্লেখ নাথাকে তাইৰ ঠিকনাৰ আগত 
শিক্ষাগত অৰ্হতা, সফলতাৰ বঁটাৰ নাম...
(ঠিকনাৰ গৰাকী আন কোনো নহয়
              সমাজৰ দৃষ্টিত এগৰাকী বেশ্যাৰ)

চমৎকাৰ বিহীন এই ঠিকনাৰ প্ৰয়োজন 
দণ্ডভিত্তিক বহু উচ্চ...
সমাজৰ এচাম ভদ্ৰ মুখাৰ গৰাকী,এজাক উদণ্ড যুৱকৰ,এচাম চেক্স এডিকটেডৰ

ৰঙীণ পৃথিৱীৰ সংজ্ঞা তাইৰ শব্দত
কি হ'ব পাৰে...?
নৈ সীমনাৰ হেঙুলীয়া বেলিটিৰ 
অন্তিম কিৰণ খিৰিকীৰ ফাঁকেৰে আহি
উলংগ দুই স্তন চুমী যোৱা উত্তাপ...!

তাই ব্যস্ত হৈ পৰে পুৱতি নিশাতেই
কেনেকৈ নিজকে চমৎকাৰ কৰি তুলিব 
সস্তীয়া কচমেটিকেৰে...

তাই বিনা কুন্ঠাবোধেৰে সপি দিয়ে
খেলা কৰিবলৈ নিজ দেহ প্ৰতিজন 
গ্ৰাহকৰ হাতত...
 
তাই যেন হৈ পৰিছে যৌন সুখৰ জীৱিত পুতলা
পাহৰি গৈছে তাই উত্তেজিত স্তনৰ 
পিৰপিৰণিৰ অনুভৱ
তাই পাহৰি গৈছে যৌন সংগম 
যে এক মিঠা অনুভূতি,দম্পতীৰ অন্তিম
প্ৰতিশ্ৰুতিৰ ভৰসা...
অসহ্যকৰ হৈ পৰে তাই কোনো ক্ষণত
দুটি স্তনত কঠিন পৰশত..

তাই আকৌ নিজেই প্ৰশ্নবোধক 
কিয় হৈছে অসহ্যকৰ জীৱন জীৱিকাত?

তাই কোঠালৈ সঘনাই আহ-যাহ চলি থাকে 
সমাজৰ এচাম ভদ্ৰমোখাৰ...
যি মোখাই সমাজত বৰ বৰ ভাষণ দিয়ে
নাৰী সুৰক্ষাৰ।
 ✍️অচিন্ত হাজৰিকা
Mechanical 6th sem
Lakhimpur polytechnic


মাতৃকা 
                     

আই, আই তই মহান,
পুৱা গধূলি তোৰ মুখত আৰাধনাৰ ঝংকাৰ,
ধূপ ধুনাৰ সুগন্ধি চাৰিওফালে গুলজাৰ;
আলফুলে বোলোৱা তোৰ হাতৰ সঞ্চাৰ,
তোৰ দুচকুত দেখো মোলৈ মমতাৰ জোৱাৰ;
ৰত্নাকৰৰ দৰে সৰল হৃদয় তোৰ বিস্তাৰ,
নিখুঁত কৰ্মৰাজি তোৰ একাগ্ৰতা, নিষ্ঠাৰ;



মতিচ্চন্নত মচগুল মায়াময় পৃথিবী,
অদিতিজ প্ৰকৃতিৰ তুমি মোৰ জননী,
মানি ললো তোক মোৰ জীৱনৰ অনুশাসিনী;
তোৰ বিৰাজমানত আজি মোৰ জীৱন শুৱনি,
দুচকু যেতিয়াই মুদো হৃদয়ত মাথোঁ তোৰে চানেকি;
সপোনতো বিচাৰি পাওঁ তোৰ আচলৰ সুগন্ধি;
                                      


গছৰ কুঁহিপাতৰ দৰে হাহি তোৰ বিচিত্ৰ
তপ্তকাঞ্চনৰ দৰে হৃদয় তোৰ পবিত্র, 
তোৰ অবিহনে যেন জীবন মোৰ গুলনজ,
তোৰ নিলয়ত আজি মোৰ শিৰনত,
চেনেহৰ দোলেৰে কৰোৱা সকলোকে একীভূত,
সেয়ে অজস্ৰ গুন দেখি আজি মই অভিভূত,

Kangkan Jyoti Nath 
Mechanical 6th sem
Lakhimpur polytechnic



স্মৃতি   

লৰালিকালৰ সেই স্মৃতিবোৰে 
    আজিও ঢৌ খেলে মনত
 তোৰ মনত আছে নে দেউতা,
তই যে মোক কান্ধত উঠাই ফুৰাবলৈ নিছিলি
আছে নে তোৰ মনত দেউতা,
মোক যে তই কোলাত লৈ সাধু কথা কৈছিলি
    আছে জানো তোৰ মনত 
  মই যে টোপনি নাহিলে
শিয়ালি আহিব কৈ শুৱাই থৈছিলি।

কেতিয়াবা উচুপি উঠোও দেউতা
সেই মৃস্তিবোৰৰ কথা মনত পৰিলে
সযতনে বুকুৰ মাজত সাজি ও ৰাখিছোঁ দেউতা
তোৰ সেই মৰমৰ স্মৃতিবোৰ,
আহিবিচোন দেউতা কেতিয়াবা সময় পালে
চাই যাবিহি কিদৰে জীয়াই আছো
    তই অবিহনে!

 তোৰ সেই মৃস্তিবোৰ লৈয়ে 
জীয়াই থাকিম দেউতা
মাথো সময় পালে সপোনত আহিবি......

  প্ৰীতম কাকতি
  নলবাৰী পলিটেকনিক
২য় সান্মাষিক, ইলেকট্ৰিকেল


                                                           শান্তি 

হে মানৱজাতি আহা আগবাঢ়ি 
         পাছলৈ নাচাবা ঘূৰি 
আগুৱাই যাওঁ শান্তি বিচাৰি ।
অটল সাগৰ নিভয়ে সাঁতুৰি 
পবত পাহাৰ বাধা নামানি
কাটি যাম সাহসেৰে বাধাৰ পাহাৰ 
কিন্তু আমাক লাগে শান্তি, কেৱল শান্তি। 
      য'ত শান্তি নাই, য'ত মানৱতা নাই 
আছে মাথোঁ কেৱল বাৰুদৰ শব্দ, মৃত্যু আতনাদ
আনফালে আকৌ তেজৰ চেঁকুৰা।
য'ত মানুহৰ তেজেৰে ফাকু খেলা হয়
তাত আমি জীয়াই থাকিব নোৱাৰো
আমাক লাগে কেৱল শান্তি....। 
মাতৃ বুকু উদং কৰি ভগ্নীৰ অসহায় চাৱনি 
অথবা কোনোবা প্রেমিকাৰ  ভগ্ন হৃদয়ৰ বিননি, 
কি আচৰিত! ইয়াত জানো শান্তি আছে 
মানুহৰ আত্মা, বিবেক, বিশ্বাস সকলো 
হেৰুৱাই পেলাইছো তেজৰ নিজান ধূলিত 
আছে জানো জীয়াই থকাৰ সাৰ্থকতা 
জীৱনটোক মহান কৰা। 
য'ত মানৱতাৰ মহানতাই নাই 
মৰীচিকা খেদি ঘূৰি ফুৰিছো 
     তৃষ্ণাতুৰ পথিক হৈ
শান্তিক বিচাৰি কেৱল শান্তি..।

Name : Ankita Hazarika .
Instituted : Tinsukia Polytechnic .
Branch : Mining Engineraining .
Semester :2nd semester.


                                                অসম্পূৰ্ণ কবি


স্থবিত আজি মোৰ
নীলা চিয়াঁহীৰ
টুকুৰা শব্দ,
অনুভৱী মনৰ
আজি ভাষা স্তদ্ধ ।
উকা আজি মোৰ
সংগী ডায়েৰীৰ পৃষ্ঠা
বিৰঙী আজি মোৰ
জীৱনৰ দস্তা ;
হেৰাই গ'ল 
অনুভৱী অভিধানৰ 
বহু শব্দ
ৰৈ গ'ল মাথোঁ
অলেখ ভাবনাৰ
ক্ষুদ্ৰতম অংশ,
থমকি ৰ'ল
হাতৰ কলম হাততে
সমাপ্তি হয়তো কবি হোৱাৰ
আশা ইয়াতে ।। 
            Nayanmoni konwar ✍🏻
       College- Silchar polytechnic
        Branch- Civil engineering
        Semester- 4th sem


নোটবুক 
         
          
কবিতা নিলগাই 
কেতিয়াবা দূৰণিলৈ ভ্ৰমণ কৰোঁ আমি 
সমস্ত চহৰ এদিন যেতিয়া টোপনিত থাকে । 

আহিব বুলি স্বপ্নৰ পানী-ঘোঁৰা 
ৰৈ থাকে জানো নিজানৰ মোহনা  
দুপৰীয়াটো উৰি গ’ল বগলীৰ পাখিত 
তোমাৰো অহা নহ’ল আজি । 

দুটি শব্দ খুজি নিলা নোটবুকৰ বাবে 
মোৰ বেদুইন চহৰত কি বিড়ম্বনা 
শুকুলা ঘোঁৰাৰ তেলত পুৰি মৰিল পিয়াহৰ চগা 
আকাশত উৰি থাকিল ছাঁইৰঙী নিচান । 

শ্ৰুতলিপিৰ নোটবুকত দুটি শব্দ 
তুমি আৰু তোমাৰ । 

সকলো বিচৰাটো সঠিক নহয় 
কেতিয়াবা কথাবোৰ হ’বলে দিয়াই ভাল 
মাটিৰ মানুহ 
মাটিৰ পৃষ্ঠা
মৰি হাড়ত গজিলে কি কৰিবা
তোমাৰ যাদৃচ্ছিক ভালপোৱা ? 

নোটবুকৰ কেঁকুৰিত ৰৈ চালে পাওঁ
আঙুলি শিপাবোৰ পোখাই গৈছে অদৃশ্যলৈ 
সেইফালে একো নাই । 

প্ৰসাৰিত হওঁক মোহনাৰ জোন সদৃশ মুখ
প্ৰসাৰিত হওঁক পৃথিৱীৰ সেউজীয়া হাত, 
গোলকীয় ব্যৱস্থাত কাহানিও মঙহ্‌ নধৰা শব্দবোৰত এতিয়া নজহা-নপমা স্বাধীনতা ।।
            বিমান সোণোৱাল 
           বৰপেটা পলিটেকনিক 
           বায়’মেডিকেল 
           যষ্ঠ ষান্মাসিক 


সংশয়

সহজ জানো
সময়ৰ সোঁতত হেৰাই যাব ধৰা জীৱনৰ প্ৰশান্তিবোৰ পুনৰ বিচাৰি লোৱা!
পাৰি জানো
 জীৱনক লৈ হৈ থকা ধেমালিবোৰ মষিমূৰ কৰি হাঁহিৰে ক্ষণ সজাব!
বিভীষিকাৰ বোজা বৈ বৈ কোঙা হৈ পৰা মানৱৰ হৃদয়ত  জানো সজীৱ হৈ আছে বৰ্তমান আৰু ভৱিষ্যতৰ  সোণালী  সপোনবোৰ  
বুজ-নুবুজা পোৱা-নোপোৱাৰ দোমোজাত পৰি ককবকোৱা জীৱন পুনৰ কেতিয়াবা জিলিকিব নে তাহানিৰ দৰেই সেই ৰঙীন কেনভাছ খনত !নে সেয়াও এতিয়া সম্ভাৱনাৰ সীমাৰ পৰা বহু নিলগত
মৃত্যু যে এতিয়া তেনেই সহজলভ্য সাধন, বিভিন্ন দোকানত বিক্ৰী হয় 
জীৱন বোৰ কোনোবাখন যদি ৰং-চঙীয়া কোনোবাখন  অন্ধকাৰচন্ন আৰু প্ৰতিটো বিক্ৰী হৈ থকা জীৱনৰ মূল্য‌ হৈছে সেই মচ খোৱা আধা ফটা নোটখনৰ সমান।
অস্ত হোৱা বেলিটিৰ লগতেই যেন মৰিশালী বোৰত 
 দাও দাওকৈ জ্বলি উঠে
 সহস্ত্ৰ সপোন আৰু আশাৰ চিতা বোৰ।
 কুণ্ডলি পকাই উৰি যোৱা ধোৱা বোৰে যেন তাচ্ছিল্য কৰে মানৱৰ শ্ৰেষ্ঠত্বৰ অহংকাৰক , ধোৱা বোৰে ৰাতিৰ আন্ধাৰৰ লগত মিলি আৱৰি ধৰে সমগ্ৰ পৰিৱেশক উশাহ লৱলৈও যেন
ভয় হয় সেই পৰিৱেশত 
উশাহ লৱলৈও ভয় হয়।
                          
                  গাৰ্গী কাশ্যপ
                    দ্বিতীয় ষাণ্মাসিক
                  বৰপেটা পলিটেক‌নিক্



বিকাশৰ অবধি
-------------------------

জ্ঞানৰ মেঘমল্লাক জানো! হাতেৰে ৰুধিলা?
সৃষ্টিৰ পৰশক কি সোঁতেৰে বান্ধিলা?
জটিল আমোঘহীন লগা এক প্ৰশ্ন;
বিৰতিৰ মাজে মাজে নীৰৱতা সহস্ৰ।
ইয়াৰ ক্ষুধা যেন....এটি
তাপিত সুধা।
দিগন্ত বলয়ত এটি উজ্জ্বল শিখা।
সৃষ্টিৰ বিন্যাস, বিফলতাৰ ইতিকিং;
নিতৌ চিতা জ্বলে সুখৰ সমাধিৰ। 
বিধ্বস্ত সপোনৰ এয়া বিদ্ৰুপ হাঁহি,
ঢিমি ঢিমি নুমাই আহে আশাৰ চাকি।
স্বাভাৱিকতে স্পষ্ট এই  বিহ্বলিত আকাশ;
পাৰে পাৰে উদিপ্ত এতিয়া মৌনতাৰ প্ৰকাশ।

    মাৰ্তণ্ড প্ৰকাশ অধিকাৰী

বঙাইগাঁও পলিটেকনিক
বৈদ্যুতিক বিভাগ ষষ্ঠ ষান্মাষিক


কিয়???


বেলিটো যদি  ৰক্তিম হয়
তাৰ ৰশ্মি যদি নিৰ্মল হয়
তেন্তে বেলিটোক মেঘে আৱৰে কিয়?
সত্য যদি সুন্দৰ হয়
সুন্দৰেই যদি সত্য হয়
তেন্তে সেই সত্য প্ৰকাশ কৰিবলৈ ভয় কিয়?
জীৱনটো যদি দুদিনীয়া হয়
মৃত্যু যদি নিশ্চয় হয়
তেন্তে মৃত্যু লৈ ইমান ভয় কিয়?
প্ৰেম যদি চিৰযুগমীয়া হয়
সেই প্ৰেমেই যদি অভিনৱ সৃষ্টি হয়
তেন্তে সেই প্ৰেমৰেই হত্যা হয় কিয়?

কল্যাণ উজীৰ
Bongaigaon Polytechnic
Civil Engineering
Batch:-2017-2020


 क्योंकि सुनना हर किसीको पसंद नहीं।

क्या तुम कभी किसी राह चलते मुसाफ़िर के लंबे से सफर का एक छोटा सा हिस्सा बने हो..?
अगर नही,
तो कभी मौक़ा मिलने पर बनके ज़रूर देखना,
क्योंकि सुनना हर किसीको पसंद नहीं।

पिछले साल सितंबर के महीने में एक  हादसे की वजह से मैं टुकड़ों में बिखर चुकी थी।
उस दौरान मेरे पास सुनने सुनाने को कोई था
ना दोस्त, ना कोई और।
क्योंकि सुनना हर किसीको पसंद नहीं।

बोलना,
बोलना किस्से अच्छा नही लगता...?
बोलना हर किसीको पसंद है,
पर सुनना नही।

पर सुनो, तुम सुन कर जरूर देखना,
किसी राह चलते मुसाफ़िर के हाथ थाम
तुम जरा पूछ कर देखो हाल उसका।
भलेही वो मुस्कुरा रहा हो,पर हो सकता है
उसी मुस्कुराहट के पीछे,
वो छुपा रहा हो कई सारा गम।

किया पता बाहर के इस तूफान की तरह वो अपने अंदर भी एक तूफान लिए घूम रहा हो,
क्या पता तुम्हारे सुन्नेे, और उसके बोलने से,
थोड़ी देर के लिए ही सही उसका यह तूफ़ान शांत बैठ जाए।
और दो पल के लिए वो,
खुल कर सांस ले सके,
सुकून की घेरी नींद में सो सके।
हो सकता है वो, किसी ऐसे सख्श की तलाश में हो जो उसे सुनले।
और शायद उसे कोई मिला हो...
क्योंकि सुनना हर किसीको पसंद नहीं।
क्या पता तुम इस भीर से शहर में,
भागते दौड़ते उससे टकरा जाओ,
तो हाथ थाम कर सुन लेना उसको तुम।
क्योंकि सुनना हर किसीको पसंद नहीं।
जरूरी नहीं तुम उसकी परेशानियों का हल ढूंढ लो,
तुम बस उसे सुनो, उतना काफी है उसके लिए
क्योंकि सुनना हर किसीको पसंद नहीं।
क्योंकि सुनना हर किसीको पसंद नहीं।

Kavita Dhar
4th semester
Computer Science Engineering
PCPS GIRLS'POLYTECHNIC, GHY


মা

হাঁহি বোৰ এতিয়া কঠোৰ, 

বোজাবোৰ এতিয়া গধুৰ। 

শুনিছনে মা, 

ব্যস্ততাই কাঢ়ি নিছে আপোন

 সময় বোৰ, 

তোৰ আৰু মোৰ সময়বোৰ, 

তোৰ কোলাত মূৰ থৈ পাৰ কৰা 

প্ৰশান্তিৰ সময় বোৰ। 

মোৰ সামান্য অসুখত চকুলো হৈ 

বাগৰা তোৰ বিষাদবোৰ, 

তোৰ হাতত হাত থৈ পাৰ কৰা 

সোণোৱালী শৈশৱৰ সময়বোৰ... 

আজি বৰকৈ মনত পৰে অ' মা। 

আজি সুখবোৰে 

লুকা - ভাকু খেলিছে, 

দিনবোৰ হতাশাই গ্ৰাস কৰিছে, 

নগ্ন মোৰ হিয়া, নগ্ন সমাজ... 

অৱসাদে বিধ্বস্ত কৰা মোৰ হিয়াই 

আজি তোৰ আঁচলৰ 

ছাঁৰ বাবে কান্দিছে। 

তোৰ দুচকুত বিচাৰি পাওঁ 

মোৰ সপোনৰ বৰষুণজাক। 

চৰণত অনুভৱ কৰো, 

মোৰ সৰগ খন। 

এবাৰ শৈশৱ উভতাই দে না মা, 

এবাৰ চুলিত আঙুলি বুলাই দে না। 

আকৌ এবাৰ পৰীৰ দেশলৈ গৈ 

তোৰ বোকোচাত শুবলৈ দে না।


                                                                                                                                                                                                    Sehnaz Mehjebin

                                                                        6th semester

                                                                          kamrup poly




Love Sonnet
It’s so hard to stay far from you,
It seems as if I’ve been taking sorbet drops,
The clock pass by the hour,
Everywhere my soul wander,
Looking out for you.
Waiting is a confession of love,
Everybody can speak "I love you",
but nobody can prove it’s true.
Let me demonstrate you that..
Nevertheless you make me happy,
I owe you that.
You are flawless to me,
And I can prove that 
I LOVE YOU.
                                                                                                                Name: Rimpi  Priya Biswas                                                                                                          Branch : Electrical Engineering                                                                                                             Semester : 6th                                                                                                                                                                                                                                                                  Institute: Kamrup Polytechnic



Nightmare 

I sleep, wheezy 
Proverb a dream
Like my soul is thirsty,
I search for my destiny
I saw you and
paused, lost myself there
In search of……
Destiny is not a thing to be 
waited for
but it’s a thing to be
achieved thou.
You shouldn’t
lose sleep 
over someone
who was only a
NIGHTMARE to you.
                                                                                                                  Name: Rimpi Priya Biswas 
                                                                                                                                Branch : Electrical Engineering
                                                                                                                                Semester: 6th                                                                                                                                                                 
                                                                                                                                 Institute: Kamrup Polytechnic


 LIFE
Life can be  Sunshine
On peaceful days with bright blue skies.
Or life can be  raindrops, 
that fall like tears squeezed from your eyes.
Life can be heaven
That you will only reach through hell. 
Since you won't know that you're happy 
If you're not been sad as well.
Life can teach hard lessons,
 But you will be wiser once you know
That even roses need both sunshine
and a touch  of rain to grow.


        NAME:. NIKHIL.  DEKA
                    SEMESTER:. 2nd   SEMESTER   
Branch : Electrical Engineering
Kamrup Polytechnic
LIFE AND CRICKET

Life is Like a game,                               
A game of cricket.
If you hit a great shot,
Your winning chances go high.
But one wrong shot ,
Your winning chances go declining.
Life is made for living, giving, and sharing .
But keep practicing and trying to fulfill your goals.
In every step of Life And Cricket ,
there are lots of challenges,struggles and problems.
So Play like Virat - Fearless and Ambitious .
Life is Precious ,
Use every second .
Life is a Real game .
So make winning your Aim and game.

               NAME-BIPLAB DUTTA
      SEMESTER-6TH
               BRANCH-ELECTRONICS &TELECOMMUNICATION
      ROLL NO-KAM/18/ET/021

THE PICTURE

That crowd in the evening,
Found her picture.

Her face shines like the moon
My heart changed from the picture.

I feel like seeing her face,
Felt like a queen in my dreams.

The wind blew and took the picture away,
The separation with the picture made my heart cry.

I regret coming home,
Sleep run away because of her memories.


Name - Binod Bardewa
Branch - Mechanical Engineering
Sem- 4th sem
Silchar Polytechnic


Never Trust Mirror

Never trust mirror,
A mirror always lies,
It makes you think that all your worth
Can be seen from the outside.
Never trust mirror,
It only shows you what's skin deep,
You can't see how your eyelids flutter,
When you drifting off to sleep,
It doesn't show you
what the world sees,
When you are only being you,
Or how your eyes just light up,
When you are loving what you're doing,
It doesn't capture when
you are smiling or crying,
Where no one else can see,
And your reflection cannot tell you,
Everything you mean to your loved ones.
Never trust mirror,
It only shows your skin,
And if you think that it dictates your worth,
It's time you looked within.


Barasha Yeasmin
2nd Semester
Textile Technology
Assam Textile Institute